কৰ্ণাটকত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ ৰাহুল গান্ধীৰ

author img

By

Published : Oct 2, 2022, 6:17 PM IST

Rahul Gandhi

ৰাহুল গান্ধীয়ে কৰ্ণাটকত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰি মহান নেতাগৰাকীক স্মৰণ কৰে (Rahul Gandhi pays tribute to Mahatma Gandhi)। বদনাৱালু গাঁৱৰ খাদী গ্ৰামোদ্যোগ কেন্দ্ৰ পৰিদৰ্শন কৰাৰ লগতে কৰ্মচাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে ।

নেশ্যনেল ডেস্ক,২ অক্টোবৰ : আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৩ সংখ্যক জন্ম জয়ন্তী (Gandhi Jayanti 2022)। গান্ধী জয়ন্তীৰ এই বিশেষ দিনটোত দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী সকলোৱে মহাত্মা গান্ধীক স্মৰণ কৰাৰ লগতে তেওঁৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে । কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়েও কৰ্ণাটকত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি আগবঢ়াই মহান নেতাগৰাকীক স্মৰণ কৰে (Rahul Gandhi pays tribute to Mahatma Gandhi)।

ইতিমধ্যে ভাৰত জোড়ো যাত্ৰা (Bharat Jodo Yatra) অব্যাহত ৰখা ৰাহুল গান্ধীয়ে দেওবাৰে কৰ্ণাটকৰ নাঞ্জানগুডু তালুকৰ বদনাৱালু গাঁৱৰ খাদী গ্ৰামোদ্যোগ কেন্দ্ৰ পৰিদৰ্শন কৰাৰ লগতে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে (Rahul offered Floral tributes to Mahatma Gandhi)। মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছতে ৰাহুল গান্ধী আৰু আন আন কংগ্ৰেছ নেতাসকলে ভজন কাৰ্যসূচীত অংশগ্ৰহণ কৰে । পৰৱৰ্তী সময়ত ৰাহুল গান্ধীয়ে খাদী গ্ৰামোদ্যোগ কেন্দ্ৰৰ কৰ্মচাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে (Rahul Gandhi visit Khadi Gramodyoga Center)।

Rahul Gandhi
কৰ্ণাটকত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ ৰাহুল গান্ধীৰ

ৰাহুল গান্ধীৰ সৈতে ডি কে শিৱকুমাৰ, সিদ্ধাৰামাইয়া, হৰিপ্ৰসাদ আৰু কে এইচ মুনিয়াপ্পাৰ দৰে কেইবাগৰাকী কংগ্ৰেছ নেতা উপস্থিত থাকে । পৰৱৰ্তী সময়ত ৰাহুল গান্ধীয়ে বদনাৱালু গাঁও ভ্ৰমণ কৰিব আৰু স্বচ্ছতা অভিযানৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :মহাত্মা গান্ধী, লাল বাহাদুৰ শাস্ত্ৰীৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.