ETV Bharat / bharat

ক্ৰীড়া বিশ্ববিদ্যালয়ত থাকিব মিলখা সিঙৰ নামত সংৰক্ষিত আসন

author img

By

Published : Jun 20, 2021, 10:12 AM IST

Sports University
ক্ৰীড়া বিশ্ববিদ্যালয়ত থাকিব মিলখা সিঙৰ নামত সংৰক্ষিত আসন

বিশিষ্ট ক্ৰীড়াবিদ মিলখা সিঙৰ (Milkha Sing) স্মৃতিৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ ঘোষণা পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ (Amrindar Sing)। পাটিয়ালাৰ ক্ৰীড়া বিশ্ববিদ্যালয় (Patiala sports university)ত থাকিব ক্ৰীড়া তাৰকা মিলখা সিঙৰ (Milkha Sing) নামত বিশেষ আসন ।

নেশ্যনেল ডেস্ক, 20 জুন : পাটিয়ালাৰ ক্ৰীড়া বিশ্ববিদ্যালয়ত (Patiala sports university) থাকিব ক্ৰীড়া তাৰকা মিলখা সিঙৰ (Milkha Sing) নামত বিশেষ আসন । বিশিষ্ট ক্ৰীড়াবিদ গৰাকীৰ স্মৃতিৰক্ষাৰ বাবে এই গুৰুত্বপূৰ্ণ ঘোষণা পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ (Amrindar Sing) । মহান ক্ৰীড়াবিদ গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁক পঞ্জাৱত ৰাজ্যিক অন্ত্যেষ্টিক্ৰিয়া প্ৰদান কৰিছে । লগতে তেওঁ ৰাজ্যজুৰি এদিনৰ বন্ধ ঘোষণা কৰে ।

এইটো সকলোৰে বাবে এক ডাঙৰ ক্ষতি বুলিও তেওঁ উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁ আশাবাদী যে যুৱ প্ৰজন্ম মিলখা সিঙৰ (Milkha Sing) দ্বাৰা অনুপ্ৰাণিত হ'ব । ইয়াৰ পূৰ্বে শনিবাৰে মুখ্যমন্ত্ৰীয়ে স্বৰ্গীয় মিলখা সিঙৰ চণ্ডীগড়ৰ বাসগৃহলৈ গৈছিল আৰু তেওঁৰ পৰিয়ালক সাক্ষাৎ কৰিছিল ।

আনকি মৃত্যুৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে টুইট কৰি শোক প্ৰকাশ কৰি লিখিছিল যে মিলখা সিঙৰ (Milkha Sing) মৃত্যুৰ কথা শুনি তেওঁ দুখিত হৈছে । এইটোৱে এটা যুগৰ সমাপ্তি হোৱা দেখুৱাই আৰু ভাৰতৰ লগতে পঞ্জাৱ আজি তেওঁ অবিহনে নিঠৰুৱা বুলিও উল্লেখ কৰে । শোকসন্তপ্ত পৰিয়াল আৰু লাখ লাখ অনুৰাগীলৈ তেওঁ সমবেদনা জ্ঞাপন কৰিছিল ।

উল্লেখ যে কৰ'ণাত (Corona) আক্ৰান্ত হোৱাৰ পিছত মিলখা সিং (Milkha Sing) দীৰ্ধদিন ধৰি চিকিৎসাধীন হৈ আছিল । কৰ'ণাৰ পৰা কিছু আৰোগ্য হৈ তেওঁ ঘৰলৈ উভটিছিল যদিও পুনৰ স্বাস্থ্যৰ অৱনতি হোৱাত তেওঁক PGIMER হাস্পতালত যোৱা ৩ জুনত ভৰ্তি কৰোৱা হয় । কিন্তু চিকিৎসকৰ অশেষ প্ৰচেষ্টা স্বত্তেও শুকুৰবাৰে তেওঁ ইহলীলা সম্বৰণ কৰে । ইফালে কৰ'ণাত আক্ৰান্ত হৈ পত্নী তথা প্ৰাক্তন ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ নিৰ্মল কৌৰে কিছুদিন পূৰ্বে মৃত্যুমুখত পৰিছে ।

তাৰকা খেলুৱৈ গৰাকীয়ে ৪ বাৰকৈ এছিয়ান গেমছত(Asian games) ভাৰতৰ হৈ প্ৰতিদ্বন্দিতা কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল । ১৯৫৮ কমনৱেলথ গেমছৰ তেওঁ চেম্পিয়ন আছিল । তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰাও হৈছে ।

মিলখা সিঙৰ মৃত্যুৰ লগে লগে বিভিন্ন প্ৰান্তৰ পৰা মহান খেলুৱৈ গৰাকীৰ আত্মাৰ সদগতিৰ বাবে শোকবাৰ্তা প্ৰেৰণ কৰিছে বহুজনে ।

লগতে পঢ়ক:চণ্ডীগড়ত অনুষ্ঠিত হ'ব মিলখা সিঙৰ অন্ত্যেষ্টিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.