ETV Bharat / bharat

Victory in name of Virbhadra Singh: শীৰ্ষ পদৰ বাবে হিমাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পৰিয়ালে ৰচিছে নাটক

author img

By

Published : Dec 9, 2022, 2:06 PM IST

Updated : Dec 9, 2022, 2:49 PM IST

হিমাচলত গঠন হ’ব কংগ্ৰেছৰ চৰকাৰ (Himachal Pradesh elections result 2022) । কিন্তু ৰাজ্যিক কংগ্ৰেছৰ সভানেত্ৰী প্ৰতিভা সিঙে মুখ্যমন্ত্ৰী কোন হ’ব সেই সন্দৰ্ভত গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰিছে । তেওঁ কয় যে, বীৰভদ্ৰ সিঙৰ নামত নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰা হৈছে । বীৰভদ্ৰ সিঙৰ নামত কংগ্ৰেছে ৰাজ্যত ইমানবোৰ আসন পাইছে । প্ৰতিভা সিঙে মুখ্যমন্ত্ৰী পদৰ বিষয়ে কি ক'লে সম্পূৰ্ণ খবৰটো জানিবলৈ পঢ়ক...

Virbhadra Singh wife Pratibha Singh
Virbhadra Singh wife Pratibha Singh

নিউজ ডেস্ক, 9 ডিচেম্বৰ: হিমাচল বিধানসভা নিৰ্বাচন ২০২২ ৰ ফলাফলে (Himachal Pradesh Election 2022) পুনৰ এবাৰ ৰাজ্যখনত শাসন সলনি কৰিলে । এতিয়া শাসনৰ ক্ষমতা কংগ্ৰেছৰ হাতত থাকিব ৷ কিন্তু বৃহৎ জয়ৰ লগে লগে কংগ্ৰেছত মুখ্যমন্ত্ৰীৰ আসনৰ দৌৰ আৰু আলোচনাৰ আৰম্ভ হৈছে (Race for chief minister post in himachal)। ইফালে হিমাচল কংগ্ৰেছৰ সভানেত্ৰী প্ৰতিভা সিঙে মুখ্যমন্ত্ৰী পদ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বিবৃতি প্ৰদান কৰিছে (Himachal Congress President Pratibha Singh) । তেওঁ কয় যে, হিমাচল বিধানসভা নিৰ্বাচনত বীৰভদ্ৰ সিঙৰ বিকাশ মডেলক সাৰথি কৰি যুঁজ দিয়া হৈছিল ।

প্ৰতিভা সিঙে কয়, ‘‘আমি এই নিৰ্বাচনত বীৰভদ্ৰ সিঙৰ নামত প্ৰতিদ্বন্দ্বিতা কৰিছিলো (Himachal Ex CM Virbhadra Singh)। তেওঁৰ ছবি দেখি আৰু তেওঁৰ কাম দেখি মানুহে ভোট দিছে । বীৰভদ্ৰ সিঙে এনে বহু কাম কৰিছিল, যাক আজিও জনতাই মনত পেলায় । গতিকে বীৰভদ্ৰ সিঙৰ পৰিয়ালক আওকাণ কৰিব পাৰিবনে, এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন । এই একেটা পৰিয়াল যিয়ে প্ৰায় ৬০ বছৰ ধৰি ৰাজ্যৰ সেৱা আগবঢ়াই আহিছে । বীৰভদ্ৰ সিঙৰ পৰিয়ালে ৰাজ্যখনক এই পৰ্যায়লৈ লৈ গৈছে’’ ।

কংগ্ৰেছ নেতৃগৰাকীয়ে লগতে কয়, ‘‘বীৰভদ্ৰ সিং এতিয়াও প্ৰতিজন ব্যক্তিৰ হৃদয়ত আছে আৰু আজিও মানুহে তেওঁক একেদৰেই স্মৰণ কৰে । এনে পৰিস্থিতিত বীৰভদ্ৰ সিঙেই ৰাজ্যৰ বাবে যি কাম কৰিছে সেয়া তেওঁৰ পৰিয়ালে কিয় কৰিব নোৱাৰিব, সেয়া চাবৰ বাবে ৰাইজৰ এক হেঁপাহৰ সৃষ্টি হৈছে । মানুহে কয়, বীৰভদ্ৰ সিঙৰ পত্নীয়ে কিয় কৰিব নোৱাৰে, পুতেকে কিয় কৰিব নোৱাৰে । জনসাধাৰণে কয় যে, বীৰভদ্ৰ সিঙৰ পৰিয়ালৰ পৰা আমাৰ বহু আশা আছে । মই নিজকে কোনো ব্যক্তিৰ লগত তুলনা কৰিব নিবিচাৰো । যদি মোক দায়িত্ব দিয়া হয়, তেন্তে মই সেই ধৰণেৰে সম্পন্ন কৰিব লাগিব । যদি তেওঁলোকে ভাবে যে মই সেই পদটোৰ বাবে উপযুক্ত আৰু মানুহৰ অনুভৱ মোৰ লগত সংলগ্ন হৈ থাকে, তেন্তে ঠিকেই আছে, তেওঁলোকে মোক দায়িত্ব দিব পাৰে । এতিয়া চাব লাগিব যে, হাই কমাণ্ডে ইয়াক কিমান মনোযোগ দিব, এতিয়া ইয়াৰ ওপৰত একো ক’ব নোৱাৰি’’ ।

উল্লেখ্য যে, যেতিয়া প্ৰতিভা সিঙক ৰাজ্যিক কংগ্ৰেছৰ দায়িত্ব অৰ্পণ কৰা হৈছিল, তেতিয়া প্ৰতিভা সিঙলৈ ‘‘প্ৰতিভা বীৰভদ্ৰ সিঙ’’ৰ নামত হাই কমাণ্ডৰ পৰা এখন পত্ৰ প্ৰেৰণ কৰা হৈছিল । বীৰভদ্ৰ সিঙৰ মৃত্যুৰ পিছত প্ৰতিভা সিঙে নিজৰ টুইটাৰ হেণ্ডেলতো প্ৰতিভা বীৰভদ্ৰ সিং হিচাপে নাম সলনি কৰে (Virbhadra Singh wife Pratibha Singh)। কংগ্ৰেছ দলে হিমাচলত বীৰভদ্ৰ সিঙৰ নামত উপ-নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰি তিনিখন বিধানসভা আৰু এখন লোকসভাৰ আসনত জয়লাভ কৰে ।

এইবাৰো হিমাচল বিধানসভা নিৰ্বাচনত ৰাজ্যখনত প্ৰাক্তন মুখ্যমন্ত্ৰী কংগ্ৰেছ দলে বীৰভদ্ৰ সিঙৰ নামত নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰি 68 খন আসনৰ ভিতৰত 40 খন আসন লাভ কৰিছে । এজন সুদক্ষ চিকিৎসকে যেনেকৈ ৰোগীৰ নাড়ী চোৱাৰ লগে লগে ৰোগ ধৰা পেলাই চিকিৎসা কৰে, তেনেদৰে বীৰভদ্ৰ সিঙো হিমাচলৰ মানুহৰ নাড়ী-নক্ষত্ৰৰ প্ৰতি সচেতন আছিল ।

জীৱনকালত হ’লি ল’জলৈ (Holly lodge shimla) যোৱা প্ৰতিজন অভিযোগকাৰীলৈ বীৰভদ্ৰ সিঙে কেতিয়াও খালী হাতলৈ উভতি নাহিল (Former Himachal CM Late Virbhadra Singh)। ছবাৰ হিমাচলৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত বীৰভদ্ৰ সিঙে পাঁচ দশকৰো অধিক সক্ৰিয় ৰাজনৈতিক জীৱনত জনসাধাৰণৰ যথেষ্ট মৰম আৰু সমৰ্থন লাভ কৰিছিল । এই পাহাৰীয়া ৰাজ্যখনৰ ভেঁটি স্থাপন কৰিছিল হিমাচলৰ সৃষ্টিকৰ্তা ড° ৱাই এছ পাৰমাৰে আৰু সেই ভেটিৰ ওপৰত বীৰভদ্ৰ সিঙে উন্নয়নৰ এক শক্তিশালী কাঠামো গঢ়ি তুলিছিল ।

লগতে পঢ়ক: Himachal Poll result 2022: জে পি নাড্ডাৰ ৰাজ্য হিমাচলত মছনদ দখল কংগ্ৰেছৰ

Last Updated :Dec 9, 2022, 2:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.