ETV Bharat / bharat

প্ৰিয়ংকা গান্ধীৰ সামৰ্থক লৈ ভয় খাই ৰাহুল গান্ধীয়ে : প্ৰশান্ত কিশোৰ

author img

By

Published : Oct 16, 2021, 6:11 PM IST

Congress
প্ৰিয়ংকা গান্ধীৰ সামৰ্থ্যক লৈ ভয় খাই ৰাহুল গান্ধী

ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰা সম্পৰ্কে বিশেষ মন্তব্য কৰি পুনৰ বিতৰ্কত প্ৰশান্ত কিশোৰ । প্ৰশান্ত কিশোৰৰ মন্তব্যক লৈ কংগ্ৰেছৰ ভিতৰ চ'ৰাতো ব্যাপক প্ৰতিক্ৰিয়া ।

নেশ্যনেল ডেস্ক, ১৬ অক্টোবৰ : ভাৰতীয় ৰাজনীতিৰ চাণক্য বুলি কোৱা হয় প্ৰশান্ত কিশোৰক । প্ৰতিটো বৃহৎ নিৰ্বাচনৰ প্ৰাক্ ক্ষণত ৰাজনৈতিক দলসমূহে তেওঁৰ পৰামৰ্শ লোৱা দেখা যায় । কিন্তু এইবাৰ বিতৰ্কৰ মাজত সোমাই পৰিছে প্ৰশান্ত কিশোৰ । তেওঁৰ এক মন্তব্যত এতিয়া কংগ্ৰেছ দলৰ ভিতৰ চ'ৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

প্ৰশান্ত কিশোৰে সংবাদমাধ্যমৰ এক সাক্ষাৎকাৰত কয় যে, কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী দেখিবলৈ তেওঁৰ আইতাক ইন্দিৰা গান্ধীৰ দৰেই । সাধাৰণ লোকসকলেও তেওঁক এগৰাকী শক্তিশালী নেতৃত্ব হিচাপে বিবেচনা কৰে । প্ৰশান্ত কিশোৰে আশাংকা কৰে যে সম্ভৱতঃ এই গুণবোৰৰ বাবে সাংসদ ভাতৃ ৰাহুল গান্ধীয়ে তেওঁক ভয় কৰে । প্ৰশান্ত কিশোৰৰ মতে সেই ভয়ৰ বাবেই প্ৰিয়ংকা গান্ধীক ২০১৭ চনত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিবলৈ নিদিলে ৰাহুল গান্ধীয়ে ।

প্ৰশান্ত কিশোৰে লগতে কয় যে, তেওঁ প্ৰথমবাৰলৈ পাটনাত ৰাহুল গান্ধীক লগ পাইছিল আৰু ৰাহুল গান্ধীয়ে তেওঁক কংগ্ৰেছৰ হৈ কাম কৰিবলৈ কৈছিল । অৱশ্যে, তেতিয়া ৰাজ্যখনৰ ৰাজনৈতিক পৰিস্থিতি ঠিক নাছিল, বিশেষকৈ কংগ্ৰেছৰ বাবে পৰিস্থিতি একেবাৰে বিপৰীত আছিল । প্ৰশান্ত কিশোৰৰ এই মন্তব্য ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

শেহতীয়াকৈ প্ৰশান্ত কিশোৰে টুইটযোগে লখিমপুৰ খেৰীৰ হিংসাত্মক ঘটনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল । আনকি ঘটনাক লৈ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই যিধৰণে প্ৰতিক্ৰিয়া কৰিছিল তাৰ ওপৰতো ব্যংগাত্মক মন্তব্য কৰিছিল প্ৰশান্ত কিশোৰে । যাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল কংগ্ৰেছ নেতৃত্বই ।

লগতে পঢ়ক :দেশত একেৰাহে তৃতীয় দিনাও বাঢ়িল পেট্ৰ'ল-ডিজেলৰ মূল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.