ETV Bharat / bharat

কেন্দ্ৰত কংগ্ৰেছ অবিহনে এখন অ-বিজেপি চৰকাৰ অসম্ভৱ:প্ৰদ্যুত কিশোৰ দেববৰ্মা

author img

By

Published : Jul 9, 2021, 11:23 AM IST

টিপ্ৰা মোথাৰ (Tipra Motha) সভাপতি প্ৰদ্যুত কিশোৰ দেববৰ্মাৰ (Pradyut Kishor Devbarma) মতে কংগ্ৰেছ অবিহনে কেন্দ্ৰত তৃতীয় শক্তিয়ে চৰকাৰ গঠন কৰিব নোৱাৰে । ২০২৩ চনৰ ত্ৰিপুৰা বিধান সভা নিৰ্বাচন (Tripura Assembly Election 2023) সন্দৰ্ভত প্ৰদ্যুত কিশোৰে কয় যে তেওঁলোকে এই নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব ।

pradyot kishur
কেন্দ্ৰত কংগ্ৰেছ অবিহনে এখন অ বিজেপি চৰকাৰ অসম্ভৱ

নেশ্যনেল ডেস্ক, 9 জুলাই : ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্তশাসিত জিলা পৰিষদৰ (Tripura Tribal Areas Autonomous District Council) গুৰুত্বপূৰ্ণ নিৰ্বাচনত বিজয় সাব্যস্ত কৰি নিজৰ ৰাজনৈতিক মূল্য প্ৰমাণ কৰা প্ৰাক্তন কংগ্ৰেছী আৰু টিপ্ৰাৰ মুৰব্বী (TIPRA supremo) প্ৰদ্যুত কিশোৰ দেববৰ্মাই (Pradyut Kishor Devbarma) কয় যে কেন্দ্ৰত কংগ্ৰেছ অবিহনে এখন অ-বিজেপি চৰকাৰ অসম্ভৱ । দেৱবৰ্মনৰ মতে এখন অ-বিজেপি চৰকাৰৰ বাবে চৰকাৰ গঠনত কংগ্ৰেছে মুখ্য ভূমিকা পালন কৰিব লাগিব । ২০২৩ চনত অনুষ্ঠিত হ'বলগীয়া আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে এক শক্তিশালী ৰাজনৈতিক ব্যক্তিত্বৰ আলোকপাত কৰি দেৱবৰ্মাই আঞ্চলিক ৰাজনৈতিক দলসমূহে ক্ষমতালৈ অহাৰ পিছত তেওঁলোকৰ মূল আদৰ্শক নেহেৰুৱাবলৈও আহ্বান জনায় ।

ইটিভি ভাৰতৰ সৈতে এক বিশেষ সাক্ষাৎকাৰত দেৱবৰ্মনে তেওঁৰ ভৱিষ্যতৰ পৰিকল্পনাবোৰৰ বিষয়েও উল্লেখ কৰে । বৃশকেটু দেববাৰ্মাই আইপিএফটি (IPFT) এৰি টিপ্ৰা মোথাত (Tipra Motha) কিয় যোগদান কৰিছে বুলি সোধা এক প্ৰশ্নৰ উত্তৰত প্ৰত্যুত কিশোৰে কয় যে সেইটো সম্পূৰ্ণৰূপে তেওঁৰ ব্যক্তিগত সিদ্ধান্ত । কিন্তু দীৰ্ঘদিন ধৰি বহুলোক আইপিএফটি (IPFT) দলত সুখী নাছিল । কাৰণ তেওঁলোকে এসময়ত মানুহক যি প্ৰতিশ্ৰুতি দিছিল সেয়া পাহৰি গৈছে ।

তেওঁলোকে টিপ্ৰালেণ্ডৰ (Tipraland) দাবীৰ সৈতে ক্ষমতালৈ আহিছিল । যোৱা তিনি বছৰ ধৰি তেওঁলোকে বিধানসভাত আছে কিন্তু ইয়াৰ বাবে এটা শব্দও কোৱা নাই । তেওঁলোকে ক্ষমতাত থাকিবলৈ তেওঁলোকৰ নিজৰ আদৰ্শ কমি হেৰুৱাইছে ।

প্ৰত্যুত কিশোৰে জনোৱা মতে টিটিএডিচি (TTAADC) নিৰ্বাচনৰ পূৰ্বে আই পি এফ টিয়ে আনকি টিপ্ৰাৰ সৈতেও মিত্ৰতা কৰিছিল । কিন্তু শেষ মুহূৰ্তত তেওঁলোকে বিজেপিৰ সৈতে নিৰ্বাচনত যুঁজ দিয়াৰ সিদ্ধান্ত লৈছিল । এই সিদ্ধান্তত বৃশকেটু দেববাৰ্মা (Brishaketu Debbarma) অসন্তুষ্ট আছিল ।

অসম গণ পৰিষদকে (AGP) ধৰি বহু আঞ্চলিক দল থকা পিছতো উত্তৰ পূৱত বিজেপিৰ উত্থান হৈছে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰদ্যুত কিশোৰে কয় যে এইটো দুৰ্ভাগ্যজনক । তেওঁৰ মতে কোনো আঞ্চলিক ৰাজনৈতিক দলে ইয়াৰ মূল স্থিতিৰ পৰা বিচলিত হ'ব নালাগে ।

মানুহে তেওঁলোকৰ আশা পূৰণ কৰাৰ আশাত তেওঁলোকক ভোট দিয়ে । অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত অগপ দলৰ জন্ম হৈছিল । সেই সময়ত কৰা আন্দোলনটো শিক্ষাৰ্থীৰ নেতৃত্বত হোৱা আন্দোলন আছিল । সেয়েহে অগপই ইয়াৰ মূল স্থিতিৰ ওপৰত দৃঢ়ভাৱে অৱস্থান কৰিব লাগে অন্যথা ইয়াৰ সকলোৱে বিজেপিত যোগদান কৰিব লাগে বুলিও উল্লেখ কৰে প্ৰদ্যুত কিশোৰে ।

তেওঁৰ দলৰ ভৱিষ্যত সন্দৰ্ভতো মন্তব্য কৰি প্ৰদ্যুত কিশোৰে কয় যে, তেওঁৰ দলৰ ভৱিষ্যত বৃহত্তৰ টিপ্ৰালেণ্ডৰ দাবীৰ সৈতে জড়িত হৈ আছে । যদি তেওঁলোকেও নিজৰ স্থিতি পাহৰি যায় তেনেহ'লে আন দলৰ দৰে টিপ্ৰায়ো নিজৰ অস্তিত্ব হেৰুৱাব । লগতে প্ৰদ্যুত কিশোৰে কয় যে, প্ৰথমে তেওঁ নিজৰ ৰাজ্যত টিপ্ৰাক জয়ী কৰাব বিচাৰে তাৰ পিছতহে আন ঠাইত সম্প্ৰসাৰণৰ কথা চিন্তা কৰিব ।

কংগ্ৰেছ দলৰ বহু যুৱ নেতাই গেৰুৱা শিবিৰত যোগদান কৰা বিষয়ত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত টিপ্ৰাৰ মুৰব্বীগৰাকীয়ে কয় যে যিসকলে বিজেপিত যোগদান কৰিবলৈ কংগ্ৰেছ এৰিছে, তেওঁলোকে কেৱল ক্ষমতালৈ যাব বিচাৰে । তেওঁ কংগ্ৰেছ এৰিছে কিন্তু বিজেপিত যোগদান কৰা নাই । এয়া হৈছে ৰাজনৈতিক সুবিধাবাদ ।

যদিও এয়া কংগ্ৰেছ দলৰ আভ্যন্তৰীণ বিষয়, পূৰ্ণকালীন সভাপতি পোৱাৰ পিছত দলটোত সমস্যাবোৰ অধিক পৰিমাণে সমাধান হ'ব বুলিও তেওঁ আশা কৰে । ২০২৩ চনৰ ত্ৰিপুৰা বিধান সভা নিৰ্বাচন সন্দৰ্ভত প্ৰদ্যুত কিশোৰে কয় যে তেওঁলোকে এই নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব ।

লগতে পঢ়ক :ISRO ৰ চোৰাংচোৱা গোচৰ: মেথিউছৰ অগ্ৰিম জামিন আবেদনৰ শুনানি স্থগিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.