2047 NIA charge sheet: 2047 চনত ইছলামিক সেৱা শাসন কাৰ্যকৰী কৰিবলৈ পিএফআইৰ বিশেষ কিলাৰ স্কোৱাড !

author img

By

Published : Jan 21, 2023, 1:08 PM IST

popular-front-of-india-forms-service-teams-killer-squads-to-establish-islamic-rule-by-2047-nia-charge-sheet

নিয়াৰ অভিযোগপত্ৰত উদ্বেগজনক তথ্য প্ৰকাশ হৈছে ৷ ২০৪৭ চনৰ ভিতৰত ভাৰতত ইছলামিক শাসন প্ৰতিষ্ঠাৰ কাৰ্যসূচী আগবঢ়াই নিয়াৰ বাবে পিএফআইয়ে (Popular Front of India) 'সেৱা দল' বা 'কিলাৰ স্কোৱাড' নামৰ গোপন দল (Service Teams Killer Squads) গঠন কৰিছিল ৷ এই দুয়োটা দলৰ মূল লক্ষ্য হৈছে কিছু সম্প্ৰদায় আৰু গোটৰ ব্যক্তি আৰু নেতাসকলক চিনাক্ত, তালিকাভুক্ত আৰু নিৰীক্ষণ কৰাৰ লগতে হত্যা কৰা ৷

নেশ্যেনেল ডেস্ক, 21 জানুৱাৰী: পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ (পিএফআই) ওপৰত নিষেধাজ্ঞা জাৰি কৰাৰ পিছতো 2047 চনত ইছলামিক সেৱা শাসন কাৰ্যকৰী কৰিবলৈ ছাৰ্ভিচ টীম কিলাৰ স্কোৱাড গঠন পিএফআইৰ ৷ কৰ্ণাটকত বিজেপি যুৱ মৰ্চাৰ এজন সদস্যৰ হত্যাৰ সন্দৰ্ভত দাখিল কৰা অভিযোগপত্ৰত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই (এনআইএ) এই কথা প্ৰকাশ কৰিছে । পিএফআইয়ে ২০৪৭ চনৰ ভিতৰত ভাৰতত ইছলামিক শাসন প্ৰতিষ্ঠা কৰিব বিচাৰিছিল (PFI to establish Islamic rule by 2047)। ইয়াৰ বাবে সংস্থাটোৱে এটা 'সেৱা দল' আৰু 'হত্যাকাৰী দল' গঠন কৰিছিল ।

সন্ত্ৰাসবাদ, সাম্প্ৰদায়িক বিদ্বেষ আৰু সমাজত অস্থিৰতা সৃষ্টি কৰাৰ কাৰ্যসূচীৰ অংশ হিচাপে আৰু ২০৪৭ চনৰ ভিতৰত ভাৰতত ইছলামিক শাসন প্ৰতিষ্ঠাৰ কাৰ্যসূচী আগবঢ়াই নিয়াৰ বাবে পিএফআইয়ে 'সেৱা দল' বা 'কিলাৰ স্কোৱাড' নামৰ গোপন দল গঠন কৰিছিল ।

2022 বৰ্ষৰ ২৬ জুলাইত কৰ্ণাটকৰ দক্ষিণৰ চুলিয়া তালুকৰ বেলাৰে গাঁৱত বিজেপিৰ যুৱ মৰ্চা জিলা সমিতিৰ সদস্য প্ৰবীন নেতাৰুৰ হত্যাৰ সন্দৰ্ভত নিয়াই (National Investigation Agency ) শুকুৰবাৰে বাংগালুৰুৰ এখন বিশেষ আদালতত অভিযোগপত্ৰ দাখিল কৰিছিল ।

পিএফআইৰ 20 সদস্যৰ বিৰুদ্ধে দাখিল কৰা অভিযোগ পত্ৰত (NIA charge sheet) উল্লেখ কৰা হৈছিল যে 'সেৱা দল'ৰ সদস্যসকলক অস্ত্ৰ-শস্ত্ৰৰ লগতে আক্ৰমণ প্ৰশিক্ষণ আৰু নিৰীক্ষণ কৌশলৰ প্ৰশিক্ষণ দিয়া হৈছিল ৷ এই দলটোৰ মূল লক্ষ্য আছিল কিছু সম্প্ৰদায় আৰু গোটৰ ব্যক্তি আৰু নেতাসকলক চিনাক্ত, তালিকাভুক্ত আৰু নিৰীক্ষণ কৰা ৷

অভিযোগ পত্ৰখনত নিয়ায়ে উল্লেখ কৰে, "সেৱা দলসমূহৰ সদস্যসকলক পিএফআইৰ জ্যেষ্ঠ নেতাসকলৰ নিৰ্দেশত আক্ৰমণ কৰি নিৰ্দিষ্ট কিছু লক্ষ্যত আক্ৰমণ কৰিবলৈ প্ৰশিক্ষণ দিয়া হৈছিল। পিএফআইৰ সদস্য আৰু ইয়াৰ নেতাসকলে বাংগালুৰু চহৰৰ চুলিয়া টাউন আৰু বেল্লাৰে গাঁৱত এক বৈঠক অনুষ্ঠিত কৰিছিল। ইয়াত সদস্যসকলক এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ এজন বিশিষ্ট সদস্যক চিনাক্ত কৰি আক্ৰমণ কৰিব পৰাকৈ লক্ষ্য কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। নিৰ্দেশনা অনুসৰি চাৰিজন লোকৰ সন্দৰ্ভত অনুসন্ধান কৰি চিনাক্ত কৰা হৈছিল ৷ তেওঁলোকৰ ভিতৰত প্ৰবীণ নেটাৰু আছিল অন্যতন ৷

প্ৰবীন নেটাৰু বিজেপি যুৱ মৰ্চাৰ সদস্য আছিল। বিগত বৰ্ষৰ ২৬ জুলাইত অস্ত্ৰৰে আক্ৰমণ কৰি নৃশংসভাৱে হত্যা কৰা হৈছিল নেটাৰুক। এই ঘটনাৰ লগত অভিযুক্ত 20 পিএফআইৰ অভিযুক্তৰ ভিতৰত ছয়টা পলাতক হৈ আছে ৷ ইতিমধ্যে আৰক্ষীয়ে পলায়ন কৰা অভিযুক্তকেইটাৰ তথ্য প্ৰদান কৰা অথবা খবৰ দিয়া লোকৰ বাবেও পুৰস্কাৰ ঘোষণা কৰিছে ৷

লগতে পঢ়ক: Road accident in JKs Kathua: জম্মু কাশ্মীৰত শোকাৱহ পথ দুৰ্ঘটনাত নিহত ৫ গৰাকী যাত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.