ETV Bharat / bharat

Tripura bye election 2022 : ইভিএমৰ সৈতে ভোটকেন্দ্ৰলৈ ৰাওনা নিৰ্বাচনী বিষয়া

author img

By

Published : Jun 22, 2022, 8:43 PM IST

কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰৰ পুৱাৰে পৰা ত্ৰিপুৰাৰ ৪টা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব (Tripura bye election 2022)। ভোটকেন্দ্ৰসমূহলৈ ৰাওনা বিষয়াসকল । প্ৰতিটো ভোটকেন্দ্ৰত এগৰাকীকৈ মাইক্ৰ' অবজাৰ্ভাৰ থাকিব । ভোটগ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো ভোটকেন্দ্ৰতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হ'ব ।

Tripura bye election 2022
ইভিএমৰ সৈতে ভোটকেন্দ্ৰলৈ ৰাওনা বিষয়াসকল

আগৰতলা,২২ জুন : বৃহস্পতিবাৰে ত্ৰিপুৰাৰ চাৰিটা সমষ্টিত অনুষ্ঠিত হ'ব উপ-নিৰ্বাচন (Tripura bye election 2022)। ইতিমধ্যে প্ৰশাসন তথা নিৰ্বাচন আয়োগে নিৰ্বাচনৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে । উপ-নিৰ্বাচনত নিয়োজিত বিষয়াসকলো ইভিএমৰ সৈতে নিজ নিজ ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে (Polling staffs left for polling stations in Tripura)। ইতিমধ্যে আগৰতলা আৰু টাউন বৰদোৱালী বিধানসভা সমষ্টিৰ ভোটকেন্দ্ৰসমূহৰ দায়িত্বত থকা বিষয়াসকলো ভোটকেন্দ্ৰলৈ ৰাওনা হৈছে । তেওঁলোকৰ সৈতে মাইক্ৰ'-অবজাৰ্ভাৰ আৰু ভিডিঅ'গ্ৰাফাৰও আছে ।

এইবাৰ সকলো ভোটকেন্দ্ৰৰ ১০০ শতাংশ চিচিটিভি কেমেৰাৰ নিৰীক্ষণত থাকিব আৰু ভোটকেন্দ্ৰসমূহৰ বাহিৰত ভিডিঅ' কেমেৰা স্থাপন কৰা হ'ব । টাউন বৰদোৱালী বিধানসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া অসীম সাহাই কয় যে ভোটদানৰ বাবে শাৰীত থিয় হ'ব লগা লোকসকলৰ পৰিচয় পত্ৰ পৰীক্ষা কৰিবলৈও ভোটকেন্দ্ৰৰ বাহিৰত মানুহ থাকিব । যদি তেওঁলোকৰ ভিতৰত কোনোবা বাহিৰৰ লোক থাকে তেনেহ'লে লগে লগে তেনে লোকক গ্ৰেপ্তাৰ কৰা হ'ব আৰু আৰক্ষীক গতাই দিয়া হ'ব । প্ৰতিখন আৰক্ষী থানাতে এই ব্যৱস্থা থাকিব ।

উল্লেখ্য যে টাউন বৰদোৱালী বিধানসভা সমষ্টিত ২২ টা স্থানত ৫৬ টা ভোটকেন্দ্ৰ আছে । আগৰতলা বিধানসভা সমষ্টিত ২৬ টা স্থানত ৫৫ টা ভোটকেন্দ্ৰ আছে (Total Polling station in Agartala for by poll)। বিষয়াগৰাকীয়ে উল্লেখ কৰা মতে প্ৰতিটো ভোটকেন্দ্ৰত এগৰাকীকৈ মাইক্ৰ' অবজাৰ্ভাৰ থাকিব ।

তেওঁ লগতে কয় যে এই বছৰ প্ৰথমবাৰৰ বাবে ভোটকেন্দ্ৰসমূহৰ ভিতৰত আৰু বাহিৰত নিৰাপত্তাৰ সৈতে শান্তিপূৰ্ণ আৰু মুক্ত নিৰ্বাচন অনুষ্ঠিত হ'ব । ইফালে, আগৰতলা বিধানসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া ড০ শৈলেশ কুমাৰ যাদৱে কয় যে ভোটগ্ৰহণ শেষ নোহোৱালৈকে চিআৰপিএফৰ জোৱানসকল ভোটকেন্দ্ৰসমূহতে থাকিব ।

চিআৰপিএফ জোৱানসকলক ২৪ ঘণ্টাই তাত নিয়োজিত কৰা হ'ব । এনে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ উদ্দেশ্য হৈছে যাতে কোনো মানুহে ভয় নোহোৱাকৈ ভোটকেন্দ্ৰলৈ আহি ভোট দিব পাৰে । যদি কোনো অভিযোগ থাকে, তেওঁলোকে বিষয়টো নিৰ্বাচন আয়োগৰ দৃষ্টিগোচৰ কৰিব পাৰে বুলি উল্লেখ কৰে বিষয়াগৰাকীয়ে । ইয়াৰ উপৰিও, ভোটগ্ৰহণত জড়িত কৰ্মচাৰীৰ সুৰক্ষাৰো ব্যৱস্থা কৰা হৈছে ।

বিষয়াগৰাকীয়ে উল্লেখ কৰা মতে আগৰতলা বিধানসভা সমষ্টিৰ ২২ খন হোটেলত মঙলবাৰে তালাচী চলোৱা হৈছিল । হোটেলত পোৱা বাহিৰৰ লোকসকলক হোটেলৰ পৰা খেদি পঠিওৱা হৈছে আৰু হোটেলবোৰ নিৰন্তৰ নিৰীক্ষণত আছে ।

লগতে পঢ়ক :Tripura bye election 2022 : ত্ৰিপুৰাত বিজেপিক তীব্ৰ সমালোচন শত্ৰুঘ্ন সিনহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.