ETV Bharat / bharat

Tripura bye election 2022 : ত্ৰিপুৰাত বিজেপিক তীব্ৰ সমালোচন শত্ৰুঘ্ন সিনহাৰ

author img

By

Published : Jun 21, 2022, 8:57 PM IST

ত্ৰিপুৰাত উপ-নিৰ্বাচনৰ প্ৰচাৰ চলাইছে বলীউডৰ অভিনেতা তথা তৃণমূল কংগ্ৰেছৰ লোকসভাৰ সাংসদ শত্ৰুঘ্ন সিনহাই (TMC MP Shatrughan Sinha at Tripura)। বিজেপি চৰকাৰক বিভিন্ন ধৰণে সমালোচনা কৰে সাংসদগৰাকীয়ে । সকলো ভোটাৰকে তৃণমূল কংগ্ৰেছক সমৰ্থন কৰিবলৈ সাংসদগৰাকীয়ে আহ্বান জনায় ।

Tripura bye election 2022
ত্ৰিপুৰাত বিজেপিক তীব্ৰ সমালোচন শত্ৰুঘ্ন সিনহাৰ

আগৰতলা,২১ জুন : ত্ৰিপুৰাৰ উপ-নিৰ্বাচনৰ বাবে মাজত মাত্ৰ দুটা দিন বাকী (Tripura bye election 2022)। ইতিমধ্যে প্ৰতিটো দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে বহু তাৰকা প্ৰচাৰকে । সোমবাৰে ৰাজ্যখনত উপস্থিত হয় বলীউডৰ অভিনেতা তথা তৃণমূল কংগ্ৰেছৰ লোকসভাৰ সাংসদ শত্ৰুঘ্ন সিনহা (TMC MP Shatrughan Sinha at Tripura)। উপ নিৰ্বাচনৰ প্ৰচাৰ পাছত সাংসদগৰাকীয়ে মঙলবাৰে আগৰতলা প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে ।

তেওঁৰ মতে বিজেপি চৰকাৰ হৈছে জুমলেবাজীৰ চৰকাৰ (Shatrughan Sinha criticizes BJP)। ত্ৰিপুৰা লগতে কেন্দ্ৰত থকা বিজেপি চৰকাৰে দেশক সামাজিক আৰু ধৰ্মীয় ৰেখাত বিভক্ত কৰি আছে বুলি তেওঁ অভিযোগ কৰে । তৃণমূল কংগ্ৰেছে ত্ৰিপুৰাক বিভক্ত হোৱাটো নিবিচাৰে । সেয়েহে সকলো ভোটাৰকে তৃণমূল কংগ্ৰেছক সমৰ্থন কৰিবলৈ সাংসদগৰাকীয়ে আহ্বান জনায় ।

তেওঁ কয় যে তৃণমূল কংগ্ৰেছ কেৱল দল নহয় ই ভৱিষ্যৎ । তৃণমূলৰ সভানেত্ৰী মমতা বেনাৰ্জী ভৱিষ্যতে ভাৰতীয় ৰাজনীতিত এক খেল পৰিৱৰ্তনকাৰী হিচাপে পৰিগণিত হ'ব বুলিও তেওঁ দাবী কৰে । তেওঁৰ অভিযোগ ত্ৰিপুৰাত নিবনুৱাৰ হাৰ সৰ্বাধিক । তৃণমূল কংগ্ৰেছে সেই দিশত পৰিৱৰ্তন আনিব বিচাৰে ।

শত্ৰুঘ্ন সিনহাই দাবী কৰা মতে মমতা বেনাৰ্জীয়ে পশ্চিমবংগত শ্ৰমিকৰ অধিকাৰৰ বাবে, মহিলাৰ অধিকাৰৰ বাবে যুঁজ দিছে । তেওঁৰ মতে ত্ৰিপুৰাৰ উপ-নিৰ্বাচনক অহা বছৰৰ ৰাজ্যিক নিৰ্বাচনৰ ট্ৰেইলাৰ হিচাপে ল'ব পাৰি । তেওঁৰ মতে ত্ৰিপুৰাত তৃণমূলে কোনো ধৰণৰ ধৰ্মীয় বিভাজন হ'বলৈ নিদিয়ে । ধৰ্মনিৰপেক্ষ ৰাজ্য হোৱাটো বিচাৰে তৃণমূলে । সেয়ে বিজেপিৰ ভোট বিভাজনৰ ৰাজনীতি বন্ধ কৰিবলৈ তৃণমূলক ভোট দিবলৈ ৰাইজক আহ্বান জনাই শত্ৰুঘ্ন সিনহাই ।

লগতে পঢ়ক :ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী-ৰাজ্যপাললৈ আম পঠিয়ালে বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.