ETV Bharat / bharat

Dussehra 2023: ৰাৱণ দাহনৰ উদ্দেশ্যৰে সন্ধিয়া ৰামলীলা মৈদানত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী

author img

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 11:48 AM IST

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰামলীলা মৈদানত ৰাৱণ দাহ কৰিব । সন্ধিয়া 5 বজাত নৰেন্দ্ৰ মোদীয়ে দ্বাৰকা উপনগৰৰ ১০ নং ছেক্টৰত অৱস্থিত ৰামলীলা খেলপথাৰত উপস্থিত হ’ব ।

burn Ravana effigy
ৰামলীলা মৈদানত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী

নেশ্যনেল ডেস্ক, 24 অক্টোবৰ: মঙলবাৰে বিজয়া দশমী মঙলবাৰে দ্বাৰকা উপনগৰৰ ছেক্টৰ 10 ত অৱস্থিত ৰামলীলা মৈদানত ৰাৱণ দাহ কৰিবলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ৰামলীলা সমিতিৰ আহ্বায়ক ৰাজেশ গেহলটে জানিবলৈ দিয়ে এই কথা । ইয়াৰ পূৰ্বে 2019 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই স্থানৰ ৰাৱণ দহন কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাৱণ দাহ কৰিছিল । আজি সন্ধিয়া 5 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দ্বাৰকালৈ আহিব বুলি জানিব পৰা গৈছে ।

দ্বাৰকা ছেক্টৰ 10 ত আয়োজিত একাদশ গ্ৰেণ্ড ৰামলীলাত প্ৰধানমন্ত্ৰীৰ আগমন সন্দৰ্ভত জল্পনা-কল্পনা চলিছিল যদিও সোমবাৰৰ সন্ধিয়া পৰ্যন্ত সেয়া নিশ্চিত হোৱা নাছিল । সোমবাৰৰ সন্ধিয়া দেৰিকৈ প্ৰকাশ কৰা হৈছিল এই তথ্য ।

15 অক্টোবৰৰ পৰা যেতিয়া ৰামলীলা আৰম্ভ হৈছিল তেতিয়া ৰাজধানী দিল্লীত বজৰংগ দল আৰু বিশ্ব হিন্দু পৰিষদে শৌৰ্য জাগৰণ যাত্ৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল । এই কাৰ্যসূচীত বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দলৰ সহস্ৰাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে । ৰামলীলাত 10 হাজাৰ লোকে বহিব পৰাৰ ব্যৱস্থা আছে । দূৰ-দূৰণিৰ পৰা পৰ্যটক এই স্থানলৈ আহে ।

এমাহৰ ভিতৰত প্ৰধানমন্ত্ৰীৰ দ্বিতীয়বাৰৰ বাবে দ্বাৰকা ভ্ৰমণ: প্ৰধানমন্ত্ৰী মোদীৰ দ্বাৰকা অঞ্চললৈ একেটা মাহতে এয়া দ্বিতীয়টো ভ্ৰমণ । ইয়াৰ পূৰ্বে তেওঁ দ্বাৰকাত এটা ডাঙৰ কনভেনচন চেণ্টাৰ উদ্বোধন কৰিছিল । ইয়াৰ উপৰিও 23 নং দ্বাৰকা ছেক্টৰৰ নতুনকৈ নিৰ্মাণ কৰা মেট্ৰ’ ষ্টেচনটোও উদ্বোধন কৰা হয় । প্ৰধানমন্ত্ৰীৰ আগমনৰ ঘোষণাৰ লগে লগে পুৱাৰে পৰা অঞ্চলটোত নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰি তোলা হয় ।

প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷

লগত পঢ়ক: Railway employees DA hike : উৎসৱৰ বতৰত ৰে'লৱে কৰ্মচাৰীৰ বাবে ভাল খবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.