ETV Bharat / bharat

২ আগষ্টত প্ৰধানমন্ত্ৰী মোডীয়ে মুকলি কৰিব e-RUPI

author img

By

Published : Aug 1, 2021, 1:49 PM IST

বিয়লি ৪.৩০ বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে মুকিল কৰিব ডিজিটেল প্ৰক্ৰিয়াৰে ধন পৰিশোধৰ ক্ষেত্ৰত ব্যৱহাৰ হ'বলগীয়া এই বিশেষ ডিজিটেল পৰিশোধ সমাধানৰ পদ্ধতি ।

PM Modi to launch digital payment solution
২ আগষ্টত প্ৰধানমন্ত্ৰী মোডীয়ে মুকলি কৰিব e RUPI

নেশ্যনেল ডেস্ক, ১ আগষ্ট : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২ আগষ্টত মুকলি কৰিব এক বিশেষ ধন পৰিশোধৰ পদ্ধতি ই-ৰুপী (e-RUPI) । বিয়লি ৪.৩০ বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে মুকিল কৰিব ডিজিটেল প্ৰক্ৰিয়াৰে ধন পৰিশোধৰ ক্ষেত্ৰত ব্যৱহাৰ হ'বলগীয়া এই বিশেষ ডিজিটেল পৰিশোধ সমাধানৰ (digital payment solution) আহিলা । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা জনাইছে । লগতে বিজ্ঞপ্তিত কোৱা হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সদায় ডিজিটেল ইণ্ডিয়া গঢ়াৰ সপোন দেখি আহিছে যাৰ বাবে তেওঁ এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ পদক্ষেপো গ্ৰহণ কৰিছে ।

চৰকাৰ আৰু হিতাধিকাৰীৰ মাজত সীমিত প্ৰত্যক্ষ যোগাযোগৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি হিতাধিকাৰীৰ লাভালাভৰ বাবে পদক্ষেপবোৰ লোৱা হৈছে । e-RUPI ৰ দৰে ইলেক্ট্ৰ’নিক ভাউচাৰৰ ধাৰণাটো এই ক্ষেত্ৰত অন্যতম বুলি উল্লেখ কৰা হৈছে প্ৰেছ বিজ্ঞপ্তিত । e-RUPI হৈছে ডিজিটেল পৰিশোধৰ ক্ষেত্ৰত এক নগদবিহীন আৰু যোগাযোগবিহীন পদ্ধতি (cashless and contactless instrument for digital payment) ।

ই-ৰুপী (e-RUPI) হৈছে এক কিউআৰ কোড বা এছএমএছ ষ্ট্ৰিং-আধাৰিত ই-ভাউচাৰ, যাক হিতাধিকাৰীসকলৰ ম'বাইললৈ প্ৰেৰণ কৰা হ'ব । এই পদ্ধতিৰে এককালীন পৰিশোধৰ জৰিয়তে ব্যৱহাৰকাৰীসকলে সেৱা প্ৰদানকাৰীৰ ওচৰত কাৰ্ড, ডিজিটেল পেমেণ্ট এপ বা ইণ্টাৰনেট বেঙ্কিং অবিহনে ভাউচাৰটো ৰিডিম কৰিবলৈ সক্ষম হ'ব ।

এই বিশেষ সঁজুলিটো ভাৰতীয় ৰাষ্ট্ৰীয় পৰিশোধ নিগমে (National Payments Corporation of India) বিত্তীয় সেৱা বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষৰ সহযোগত ইউ.পি.আই. প্লেটফৰ্মত প্ৰস্তুত কৰিছে । বিজ্ঞপ্তিসমূহত কোৱা হৈছে যে e-RUPI ৰ জৰিয়তে ডিজিটেলৰ মাধ্যমেৰে হিতাধিকাৰী আৰু সেৱা প্ৰদানকাৰীসকলৰ সৈতে সংযোগ স্থাপন কৰিব পৰা যাব । কেৱল এয়াই নহয় লেনদেন সম্পূৰ্ণ হোৱাৰ পিছতহে সেৱা প্ৰদানকাৰীক পৰিশোধ কৰা হ'ব । প্ৰি পেইডৰ ক্ষেত্ৰত ইয়াৰ জৰিয়তে কোনো মধ্যস্থতাকাৰী জড়িত নোহোৱাকৈ সেৱা প্ৰদানকাৰীক সময়মতে পৰিশোধ কৰিব পৰা যাব ।

বিজ্ঞপ্তিটোত কোৱা হৈছে যে e-RUPI কল্যাণসেৱাৰ লিক-প্ৰুফ বিতৰণ নিশ্চিত কৰাৰ বাবেও গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে । ইয়াক মাতৃ আৰু শিশু কল্যাণ আঁচনি, যক্ষ্মা নিৰ্মূল কাৰ্যসূচী, আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ দৰে আঁচনিৰ অধীনত ৰাজসাহায্যৰ উপৰিও সেৱা প্ৰদানৰ বাবেও ব্যৱহাৰ কৰিব পাৰিব । ব্যক্তিগত খণ্ডই তেওঁলোকৰ কৰ্মচাৰী কল্যাণ আৰু কৰ্পোৰেট সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অংশ হিচাপে এই ডিজিটেল ভাউচাৰবোৰো ব্যৱহাৰ কৰিব পাৰিব ।

লগতে পঢ়ক :ক'ভিড 19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.