SCO Summit 2022 : ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত প্ৰধানমন্ত্ৰী মোডীৰ অংশগ্ৰহণ

author img

By

Published : Sep 16, 2022, 1:49 PM IST

SCO

বৃহস্পতিবাৰে নিশা উজবেকিস্তানৰ ঐতিহাসিক চহৰ সমৰকন্দত উপস্থিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । ছাংহাই সহযোগিতা সংস্থাৰ (SCO) সন্মিলনত অংশগ্ৰহণ কৰিব (PM Modi to attend SCO summit)। সন্মিলনৰ সময়ত আন দেশৰ নেতাসকলৰ সৈতে কেইবাখনো দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব মোডী ।

নেশ্যনেল ডেস্ক,১৬ ছেপ্টেম্বৰ : ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে উজবেকিস্তানৰ ঐতিহাসিক চহৰ সমৰকন্দত অনুষ্ঠিত হ'বলগীয়া ছাংহাই সহযোগিতা সংস্থাৰ (SCO) সন্মিলনত অংশগ্ৰহণ কৰিব (PM Modi to attend SCO summit)। আঠজনীয়া এছচিঅ' সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে মোডীয়ে বৃহস্পতিবাৰে নিশাই সমৰকন্দত উপস্থিত হয় (PM Modi at Uzbekistan)। সন্মিলনত আঞ্চলিক নিৰাপত্তাৰ প্ৰত্যাহ্বান, বাণিজ্য আৰু শক্তি যোগান বৃদ্ধি আৰু কেইবাটাও বিষয়ত আলোচনা কৰাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে দুবছৰৰ অন্তত এছচিঅ' সন্মিলনত নেতাসকল শাৰীৰিকভাৱে উপস্থিত থাকিব । সন্মিলনখনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন, চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং, ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইচি, পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ আৰু মধ্য এছিয়াৰ দেশসমূহৰ অন্যান্য নেতাসকল উপস্থিত থাকিব ।

সন্মিলনখন দুটা অধিৱেশনত অনুষ্ঠিত হ'ব । সীমিত অধিৱেশন আৰু বৰ্ধিত অধিৱেশন । সীমিত অধিৱেশন কেৱল এছচিঅ'ৰ সদস্য ৰাষ্ট্ৰসমূহৰ বাবে আৰু বৰ্ধিত অধিৱেশনত পৰ্যবেক্ষক দেশ আৰু অধ্যক্ষ দেশৰ পৰা বিশেষভাৱে আমন্ত্ৰণ জনোৱা নেতাসকলে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । প্ৰধানমন্ত্ৰী মোডীয়ে সন্মিলনৰ সময়ত কেইবাখনো দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব বুলি আশা কৰা হৈছে (PM Modi bilateral meetings at Uzbekistan)।

  • Prime Minister Narendra Modi meets Uzbekistan President Shavkat Mirziyoyev at the Shanghai Cooperation Organisation (SCO ) Summit in Uzbekistan's Samarkand. pic.twitter.com/uwxxpyd2Qj

    — ANI (@ANI) September 16, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন, উজবেকিস্তানৰ ৰাষ্ট্ৰপতি শৱকত মিৰ্জিয়োয়েভ আৰু ইৰাণৰ ৰাষ্ট্ৰপতি ৰাইচিক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে । আনহাতে বৈঠকত সংস্কৃতি আৰু পৰ্যটনৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ বাবে বহুতো সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে । অৱশ্যে, চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বৰীফৰ সৈতে তেওঁৰ সম্ভাৱ্য দ্বিপাক্ষিক বৈঠকৰ কোনো নিশ্চিত তথ্য এতিয়ালৈ পোৱা হোৱা নাই ।

ইউক্ৰেইনত ৰাছিয়াৰ বিশেষ সামৰিক অভিযান আৰু টাইৱান উপসাগৰত চীনৰ আক্ৰমণাত্মক সামৰিক স্থিতিৰ ফলত অঞ্চলটোৰ ভূ-ৰাজনৈতিক অস্থিৰতা বৃদ্ধি পোৱাৰ সময়তে এই গুৰুত্বপূৰ্ণ সন্মিলনখন অনুষ্ঠিত হৈছে । যাৰ বাবে এই সন্মিলনখন অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ।

উল্লেখ্য যে ২০০১ চনৰ জুন মাহত ছাংহাইত আৰম্ভ হৈছিল এছচিঅ' । ইয়াৰে ৬ প্ৰতিষ্ঠাপক সদস্য ক্ৰমে চীন, কাজাখস্তান, কিৰগিজস্তান, ৰাছিয়া, তাজিকিস্তান আৰু উজবেকিস্তান । ভাৰত আৰু পাকিস্তানে ২০১৭ চনত ইয়াত সম্পূৰ্ণ সদস্য হিচাপে যোগদান কৰিছিল ।

লগতে পঢ়ক :চিৰিয়াৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ উদ্বিগ্ন ভাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.