ETV Bharat / bharat

Modi Slams Congress : মহাদেৱ বেটিং এপ কেলেংকাৰীৰ অভিযোগ; ভূপেশ বাঘেলক আক্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ

author img

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 2:53 PM IST

Updated : Nov 4, 2023, 10:21 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে ছত্তীশগড়ৰ দূৰ্গত এক ৰাজহুৱা সভাসম্বোধন কৰে । তাত প্ৰধানমন্ত্ৰী মোদীয়ে মহাদেৱ এপ কেলেংকাৰী সন্দৰ্ভত কংগ্ৰেছক আক্ৰমণ কৰে । তেওঁ কয় যে কংগ্ৰেছে মহাদেৱকো ৰেহাই দিয়া নাই ।

মহাদেৱ বেটিং এপ কেলেংকাৰীৰ অভিযোগ; ভূপেশ বাঘেলক আক্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ
Modi Slams Congress

নিউজ ডেস্ক, ৪ নৱেম্বৰ : ছত্তীশগড়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য তুংগত উঠিছে । শাসক-বিৰোধী উভয়েৰে আক্ৰমণ-প্ৰত্যাক্ৰমণত ৰাজনৈতিক বতাহ গৰম হৈ পৰিছে । তাৰ মাজতে শনিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে ছত্তীশগড়ত উপস্থিত হয় । ছত্তীশগড়ৰ দূৰ্গত এখন ৰাজহুৱা সভাত মোদীয়ে কংগ্ৰেছক তীব্ৰ আক্ৰমণ চলায় । প্ৰধানমন্ত্ৰীয়ে কয় যে ছত্তীশগড়ৰ কংগ্ৰেছ চৰকাৰে কেৱল কেলেংকাৰী আৰু দুৰ্নীতি কৰিছে । প্ৰধানমন্ত্ৰী মোদীয়ে লগতে অভিযোগ কৰে যে কংগ্ৰেছে আনকি মহাদেৱৰ নামকো ৰেহাই দিয়া নাই । মহাদেৱ সত্তা এপৰ পৰা ধন উপাৰ্জন কৰি নিজৰ লগতে কংগ্ৰেছ হাইকমাণ্ডৰ পুঁজি টনকিয়াল কৰিছে ।

দূৰ্গত অনুষ্ঠিত সভাত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰশ্ন কৰে যে ডুবাইত বহি থকা কেলেংকাৰীৰ অভিযুক্তৰ সৈতে কংগ্ৰেছ নেতাসকলৰ সম্পৰ্ক কি ? ইডিয়ে কিয় তেওঁলোকৰ টকা জব্দ কৰিলে ? ইডিয়ে এই পদক্ষেপ গ্ৰহণ কৰাত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী কিয় বিচলিত হৈছে ? মোদীয়ে লগতে কয় যে পাঁচ বছৰত ছত্তীশগড়ত কেৱল কেলেংকাৰী হৈছে । ছত্তীশগড়ত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছত এই কেলেংকাৰীবোৰৰ তদন্ত কৰা হ'ব আৰু অভিযুক্তসকলক কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ব ।

প্ৰধানমন্ত্ৰী মোদীয়ে অভিযোগ কৰে যে কংগ্ৰেছে দৰিদ্ৰসকলৰ অধিকাৰ লুণ্ঠন কৰি আহিছে । দৰিদ্ৰৰ বাবে আৱণ্টিত ধন লুণ্ঠন কৰি কংগ্ৰেছ নেতাসকলৰ ভঁৰালত ভৰাইছে । কংগ্ৰেছে দৰিদ্ৰ লোকৰ কল্যাণ নিবিচাৰে, তেওঁলোকৰ অৱস্থা উন্নত হোৱাটো নিবিচাৰে । মোদীয়ে কয় যে তেওঁলোকৰ কাৰ্যকালত দেশৰ ১৩ কোটি লোক দাৰিদ্ৰ্য সীমাৰেখাৰ ওপৰলৈ আহিছে । যদি বিজেপিয়ে ৩ ডিচেম্বৰৰ পিছত ছত্তীশগড়ত চৰকাৰ গঠন কৰে, তেন্তে ইস্তাহাৰৰ প্ৰতিশ্ৰুতি এটা এটাকৈ পূৰণ কৰিব আৰু এয়া মোদীৰ গেৰাণ্টি ।

মোদীয়ে দ্বিধাহীনভাৱে এই কথাও কয় যে তেওঁৰ বাবে দেশৰ আটাইতকৈ ডাঙৰ জাতি হৈছে দৰিদ্ৰ আৰু তেওঁ দৰিদ্ৰ লোকৰ সেৱক । প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে দেশৰ ৮০ কোটি লোকক বিনামূলীয়া ৰেচন দিয়াৰ আঁচনিখন আৰু পাঁচ বছৰৰ বাবে সম্প্ৰসাৰিত কৰা হ'ব ।

আনহাতে, মোদীয়ে অ'বিচি বিষয়তো কংগ্ৰেছক আক্ৰমণ কৰে । মোদীয়ে কয় যে অ'বিচি সম্প্ৰদায়ে কংগ্ৰেছক কেতিয়াও ক্ষমা নকৰে । ৰাজনৈতিক দলবোৰে দৰিদ্ৰসকলক বিভক্ত কৰাৰ ষড়যন্ত্ৰ কৰিছে আৰু জাতিবাদৰ বিষবাষ্প বিয়পাই দিছে । প্ৰধানমন্ত্ৰী মোদীয়ে আইন-শৃংখলা পৰিস্থিতক লৈও ছত্তীশগড় চৰকাৰক আক্ৰমণ কৰে । মোদীয়ে কয় যে কংগ্ৰেছে ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি চম্ভালিব পৰা নাই ।

লগতে পঢ়ক :Nepal Earthquake : ভূঁইকঁপ বিধ্বস্ত নেপালক সহায়ৰ আশ্বাস প্ৰধানমন্ত্ৰী মোদীৰ

Last Updated : Nov 4, 2023, 10:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.