ETV Bharat / bharat

PM Modi Madhya Pradesh visit : মধ্যপ্ৰদেশত প্ৰধানমন্ত্ৰীৰ কেইবাটাও অভিলাষী প্ৰকল্পৰ আধাৰশিলা স্থাপন

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 5:45 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে মধ্যপ্ৰদেশত ৫০,০০০ কোটি টকাৰ পেট্ৰ'কেমিকেল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে । লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিদ্যুৎ আৰু নৱীকৰণযোগ্য শক্তি নিৰ্মাণ ক্ষেত্ৰৰো আধাৰশিলা স্থাপন কৰে ।

PM Modi Madhya Pradesh visit
মধ্যপ্ৰদেশত প্ৰধানমন্ত্ৰীৰ কেইবাটাও অভিলাষী প্ৰকল্পৰ আধাৰশিলা স্থাপন

নেশ্যনেল ডেস্ক,১৪ ছেপ্টেম্বৰ : মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যবাসীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ উপহাৰ । প্ৰধানমন্ত্ৰী মোদীয়ে বিনাত অৱস্থিত শোধনাগাৰত ৫০,০০০ কোটি টকাৰ পেট্ৰ'কেমিকেল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে । ইয়াৰ উপৰিও, ১৮০০ কোটি টকাৰ ঔদ্যোগিক প্ৰকল্পৰ আধাৰশিলাও তেওঁ স্থাপন কৰে । ইয়াৰ ভিতৰত আছে নৰ্মদাপুৰমৰ বিদ্যুৎ আৰু নৱীকৰণযোগ্য শক্তি নিৰ্মাণ ক্ষেত্ৰ, আইটি পাৰ্ক-৩ আৰু ৪ ইন্দোৰ, ৰটলাম আৰু গুণাত মেগা ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৃহস্পতিবাৰে পুৱা প্ৰায় ১১ বজাত বিনা শোধনাগাৰৰ হেলিপেডত উপস্থিত হৈ তাৰ পৰা প্ৰায় ৩ কিলোমিটাৰ দূৰত হাদকালখালি গাঁৱৰ কাৰ্যসূচীলৈ ৰাওনা হয় । তাৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে বিপিচিএলৰ পেট্ৰ'কেমিকেল শোধনাগাৰৰ আধাৰশিলা স্থাপন কৰে । বুন্দেলখণ্ড অঞ্চলৰ বাবে এইটো এক ডাঙৰ উপহাৰ বুলি গণ্য কৰা হৈছে । পেট্ৰ'কেমিকেল প্ৰকল্পটো বিনা শোধনাগাৰতকৈ তিনিগুণ ডাঙৰ । বৰ্তমান, বীন শোধনাগাৰত প্ৰতি বছৰে ৭.৮ নিযুত মেট্ৰিক টন তেল পৰিশোধন কৰা হয়, কিন্তু এই প্ৰকল্পবোৰৰ পাছত ইয়াৰ ক্ষমতা ১৫ নিযুত মেট্ৰিক টনলৈ বৃদ্ধি হ'ব । গুজৰাটৰ পাছত এইটো বিপিচিএলৰ দেশৰ দ্বিতীয় সৰ্ববৃহৎ পেট্ৰ'কেমিকেল হাব হ'ব ।

এই সন্দৰ্ভত কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কয় যে ২০১৪ চনৰ পূৰ্বে ভাৰতৰ ৪৫ শতাংশ পৰিয়াল গেছ চিলিণ্ডাৰৰ পৰা বঞ্চিত হৈছিল । কিন্তু এতিয়া সমগ্ৰ দেশতে ৩২ কোটি গেছ চিলিণ্ডাৰ সংযোগ আছে । ইয়াৰ লগতে উন্নত দেশসমূহত খাৰুৱা তেল পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ৩০ৰ পৰা ৫০ শতাংশ বৃদ্ধি পাইছে । কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে লোৱা সিদ্ধান্তৰ ফলত ভাৰতত পেট্ৰ'লৰ মূল্য ৫ শতাংশ আৰু ডিজেলৰ হাৰ ০.২ শতাংশ হ্ৰাস পাইছে ।

একে সময়তে, মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে পেট্ৰ'কেমিকেল প্ৰকল্পৰ ভূমি পূজনক লৈ আনন্দ প্ৰকাশ কৰি কয় যে এই প্ৰকল্পটোৱে জিলাখনৰ লগতে ৰাজ্যখনৰ দৃশ্য সলনি কৰিব । মুখ্যমন্ত্ৰী শিৱৰাজে কয় যে জি-২০ৰ ঐতিহাসিক সফলতাৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে মধ্যপ্ৰদেশ ভ্ৰমণ কৰিছে । প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ কল্যাণত নিয়োজিত হৈ আছে । পেট্ৰ'কেমিকেল কমপ্লেক্স আৰম্ভ হোৱাৰ লগে লগে বুন্দেলখণ্ড পৰিৱৰ্তন হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে । পেট্ৰ'কেমিকেল প্ৰকল্পৰ লগতে ঔদ্যোগিক প্ৰকল্পসমূহত ৰাজ্যখনৰ ৪ লাখ যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :PM Modi in MP: প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশত স্থাপন কৰিব প্ৰায় ৫০ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.