ETV Bharat / bharat

CRPF ৰ ৮৩ সংখ্যক প্ৰতিষ্ঠা দিৱস

author img

By

Published : Jul 27, 2021, 3:12 PM IST

83rd Raising Day
CRPFৰ ৮৩ সংখ্যক প্ৰতিষ্ঠা দিৱস

দেশজুৰি পালন কৰা হৈছে কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (CRPF) ৮৩ সংখ্যক প্ৰতিষ্ঠা দিৱস । কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ প্ৰতিগৰাকী জোৱান আৰু তেওঁলোকৰ পৰিয়ালক শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

নেশ্যনেল ডেস্ক, ২৭ জুলাই : মঙলবাৰে দেশজুৰি পালন কৰা হৈছে কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (CRPF) ৮৩ সংখ্যক প্ৰতিষ্ঠা দিৱস । এই বিশেষ মুহূৰ্তত কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ প্ৰতিগৰাকী জোৱান আৰু তেওঁলোকৰ পৰিয়ালক শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Prime minister Narendra Modi) । এক টুইটযোগে প্ৰধানমন্ত্ৰী গৰাকীয়ে চিআৰপিএফৰ জোৱানসকলক তেওঁলোকৰ বীৰত্ব আৰু পেছাদাৰীত্বক প্ৰশংসা কৰে ৷ মোডীয়ে কয় যে ৰাষ্ট্ৰীয় ঐক্যক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদান প্ৰশংসনীয় ।

কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীয়ে এক টুইটযোগে তেওঁলোকৰ সকলো কৰ্মচাৰীক প্ৰশংসা কৰি এই বিশেষ দিনটোৰ শুভেচ্ছা জ্ঞাপন কৰে । দেশৰ গৌৰৱময় ইতিহাসক পথ প্ৰদৰ্শক হিচাপে লৈ বাহিনীটোৱে সকলো শক্তিৰে ৰাষ্ট্ৰৰ সেৱা কৰিবলৈ দৃঢ়ভাৱে প্ৰতিশ্ৰুতিবদ্ধ বুলিও চিআৰপিএফয়ে প্ৰকাশ কৰে । কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেণ ৰিজিজুৱে (Kiren Rijiju) চিআৰপিএফৰ সাহসী জোৱানসকলক শুভেচ্ছা জ্ঞাপন কৰি কয় যে চিআৰপিএফৰ বীৰত্ব আৰু ত্যাগক লৈ সমগ্ৰ ৰাষ্ট্ৰ গৌৰৱান্বিত ।

কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী আৰু পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে (Minister Hardeep Singh Puri) টুইটযোগে এই বিশেষ দিনটোত চিআৰপিএফক শুভেচ্ছা জ্ঞাপন কৰে ।

CRPF ১৯৩৯ চনৰ ২৭ জুলাইত ক্ৰাউন প্ৰতিনিধিৰ আৰক্ষী (Crown Representative Police) হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল । ১৯৪৯ চনৰ ২৮ ডিচেম্বৰত চিআৰপিএফৰ আইন প্ৰণয়নৰ ক্ষেত্ৰত ই কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনী হৈ পৰে । চিআৰপিএফয়ে ৮০ বছৰৰ গৌৰৱময় ইতিহাস সম্পূৰ্ণ কৰিছে । চিআৰপিএফ হৈছে দেশৰ আভ্যন্তৰীণ পৰিস্থিতি সুৰক্ষিত কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ।

লগতে পঢ়ক : ৰে’লৰ হৰ্ণবোৰ কিয় বেলেগ বেলেগ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.