ETV Bharat / bharat

Fuel price reduced : দ্বিতীয় দিনাও হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য

author img

By

Published : May 22, 2022, 1:44 PM IST

দেশবাসীলৈ চৰকাৰৰ সাময়িক সকাহ । পেট্ৰ'লৰ ওপৰত আবকাৰী শুল্ক ৮ টকা আৰু ডিজেলত ৬ টকা হ্ৰাস কৰাৰ কথা ঘোষণা চৰকাৰৰ (Petrol Diesel prices reduced)। ইয়াৰ লগে লগে প্ৰতি লিটাৰ পেট্ৰ'লত ৮.৬৯ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৭.০৫ টকাকৈ হ্ৰাস হ'ল ।

Fuel price reduced
হ্ৰাস পালে ইন্ধনৰ মূল্য

নেশ্যনেল ডেস্ক,২২ মে' : মূল্যবৃদ্ধিয়ে দেশবাসীক জুৰুলা কৰাৰ সময়তে এক ভাল খবৰ । চৰকাৰে হ্ৰাস কৰিলে অটো ইন্ধনজাত সামগ্ৰীৰ আবকাৰী শুল্ক (Government reduces auto fuel excise duty)। ফলস্বৰূপে হ্ৰাস পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য (Petrol Diesel prices reduced)। দেওবাৰে পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ৮.৬৯ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৭.০৫ টকাকৈ হ্ৰাস হ'ল । ইয়াৰ লগে লগে দেশবাসীয়ে সাময়িক সকাহ লাভ কৰিলে ।

চৰকাৰে শনিবাৰে পেট্ৰ'লৰ ওপৰত আবকাৰী শুল্ক ৮ টকা আৰু ডিজেলত ৬ টকা হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছিল । ইয়াৰ পাছতে ৰাষ্ট্ৰীয় ৰাজধানীত পেট্ৰ'লৰ মূল্য এতিয়া প্ৰতি লিটাৰত ৯৬.৭২ টকা হ'লগৈ আৰু ডিজেলৰ মূল্য এতিয়া প্ৰতি লিটাৰত ৮৯.৬২ টকা (Petrol and Diesel price in Delhi)। একেদৰে মুম্বাইত পেট্ৰ'লৰ মূল্য ১২০.৫১ টকাৰ পৰা হ্ৰাস হ'ল ১১১.৩৫ টকালৈ আৰু ডিজেলৰ ক্ষেত্ৰত ১০৪.৭৭ টকাৰ পৰা প্ৰতি লিটাৰত ৯৭.২৮ টকালৈ হ্ৰাস পাইছে ।

সমান্তৰালকৈ কলকাতাত পেট্ৰ'লৰ মূল্য এতিয়া হ'লগৈ ১০৬.০৩ টকা আৰু ডিজেলৰ ৯২.৭৬ টকা, চেন্নাইত পেট্ৰ'লৰ মূল্য ১০২.৬৩ টকা আৰু ডিজেলৰ মূল্য ৯৪.২৪ টকা । চৰকাৰৰ এই সিদ্ধান্তৰ পাছতে এতিয়া আনন্দিত দেশবাসী ।

লগতে পঢ়ক :পেট্ৰ’ল-ডিজেলৰ শুল্ক হ্ৰাস, ৰন্ধন গেছত ২০০ টকাৰ ৰাজসাহায্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.