ETV Bharat / bharat

পেগাচাছ স্নুপিং অভিযোগ ভিত্তিহীন : জে পি নাড্ডা

author img

By

Published : Jul 25, 2021, 8:03 PM IST

pegasus-snooping-allegations-baseless-opposition-left-with-no-issue-nadda
পেগাচাছ স্নুপিং অভিযোগ ভিত্তিহীন; জে পি নাড্ডা

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই পেগাচাছ স্নুপিং অভিযোগক ভিত্তিহীন বুলি অভিহিত কৰিছিল ৷ কেন্দ্ৰই বিভিন্ন বিষয়ত আলোচনা কৰিবলৈ সাজু আছিল ৷ কংগ্ৰেছৰ নেতৃত্বত "হতাশ" আৰু "বিষয়হীন" বিৰোধী দলসমূহে সংসদৰ কাৰ্যক্ৰমত বাধা প্ৰদান কৰি আহিছে । এই মন্তব্য নাড্ডাৰ ৷

নেশ্যনেল ডেস্ক, ২৫ জুলাই : বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই দেওবাৰে পেগাচাছ স্নুপিং অভিযোগক ভিত্তিহীন বুলি অভিহিত কৰে ৷ বিৰোধী দলসমূহক এই সন্দৰ্ভত একপ্ৰকাৰ পোনপটীয়া আক্ৰমণ কৰি কয় যে, তেওঁলোকৰ সৈতে কোনো সমস্যাৰ বাকী নাই । যদিও কেন্দ্ৰই বিভিন্ন বিষয়ত আলোচনা কৰিবলৈ সাজু আছিল, কংগ্ৰেছৰ নেতৃত্বত "হতাশ" আৰু "বিষয়হীন" বিৰোধী দলসমূহে সংসদৰ কাৰ্যক্ৰমত বাধা প্ৰদান কৰি আছে । নাড্ডাই দুদিনীয়া গোৱা ভ্ৰমণৰ সময়ত সাংবাদিকৰ সৈতে হোৱা সাক্ষাতকাৰত এনেদৰে প্ৰকাশ কৰে ৷

পেগাচাছ স্নুপিং সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত নাড্ডাই কয় যে, "এয়া ভিত্তিহীন, এয়া সমস্যাহীন । কংগ্ৰেছৰ নেতৃত্বত বিৰোধী দলবোৰৰ কোনো সমস্যা নাই, যিটো তেওঁলোকে জনতাৰ বাবে উত্থাপন কৰিব বিচাৰে । সেয়েহে তেওঁলোকে এনে ধৰণৰ বিষয় উত্থাপন কৰে ।"

বিগত দেওবাৰে এটা আন্তৰ্জাতিক মিডিয়া কনচৰ্টিয়ামে প্ৰতিবেদন দাখিল কৰিছিল যে, ইজৰাইলী প্ৰতিষ্ঠান NSO ৰ পেগাচাছ স্পাইৱেৰৰ জৰিয়তে হেকিং কৰাৰ লক্ষ্য প্ৰস্তুত কৰা হ'ব পাৰে ৷ যাৰ ভিতৰত আছে দুজন মন্ত্ৰী, 40 জনতকৈ অধিক সাংবাদিক, তিনিজন বিৰোধী নেতাৰ উপৰিও ইজৰাইলী প্ৰতিষ্ঠান NSO ৰ পেগাচাছ স্পাইৱেৰৰ জৰিয়তে হেকিং কৰাৰ লক্ষ্য । অৱশ্যে চৰকাৰে বিষয়টোত বিৰোধীৰ সকলো অভিযোগ অস্বীকাৰ কৰি আহিছে ।

সংসদীয় কাৰ্যক্ৰম সঘনাই ব্যাহত হোৱাৰ সন্দৰ্ভত নাড্ডাই কয়, 'আমি সকলো ধৰণৰ আলোচনাৰ বাবে সাজু ৷ কিন্তু কংগ্ৰেছে অন্যান্য বিৰোধী দলৰ সৈতে হতাশ হৈ পৰিছে ৷ সেয়েহে এনেধৰণৰ ভিত্তিহীন কথাত গুৰুত্ব প্ৰদান কৰিছে ৷ তেওঁলোকে বিষয়হীন বিষয়ত সংসদ বন্ধ কৰিব বিচাৰে ।

কিন্তু ৰাইজে জানে যে, তেওঁলোকৰ সকলো প্ৰচেষ্টাৰ পিছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গতিশীল নেতৃত্বত সংসদ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে । লোকসভা আৰু ৰাজ্যসভাই সকলো ৰেকৰ্ড ভংগ কৰিছে ৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই এনেদৰে কয় ৷

লগতে পঢ়ক: দেশৰ অৰ্থনীতি সন্দৰ্ভত ড০ মনমোহন সিঙৰ মন্তব্যক সমালোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.