ETV Bharat / bharat

দেশৰ অৰ্থনীতি সন্দৰ্ভত ড০ মনমোহন সিঙৰ মন্তব্যক সমালোচনা

author img

By

Published : Jul 25, 2021, 12:13 PM IST

Economic experts
দেশৰ অৰ্থনীতি সন্দৰ্ভত ড০ মনমোহন সিঙৰ মন্তব্যক সমালোচনা

ক'ভিড পৰিস্থিতিৰ ফলত ১৯৯১ চনৰ অৰ্থনৈতিক সংকটতকৈ দেশখনে আগন্তুক দিনত অধিক জটিলতাৰ সন্মুখীন হ'ব বুলি প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে দাবী কৰিছিল । তেওঁৰ এই মন্তব্যৰ পাছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । একাংশ বিশেষজ্ঞই দাবী কৰা মতে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ সেয়া এক ৰাজনৈতিক বিবৃতি আছিল কিয়নো তেওঁলোকে দাবী কৰা মতে দুয়োটা পৰিস্থিতি একে নহয় ।

নেশ্যনেল ডেস্ক,২৫ জুলাই : ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙে (Dr Manmohan Singh) ভাৰতীয় অৰ্থনীতি সন্দৰ্ভত শনিবাৰে অতি গুৰুত্বপূৰ্ণ কথা কৈছিল । ক'ভিড (Covid) পৰিস্থিতিৰ ফলত ১৯৯১ চনৰ অৰ্থনৈতিক সংকটতকৈ (Economic crisis) দেশখনে আগন্তুক দিনত অধিক জটিলতাৰ সন্মুখীন হ'ব বুলি তেওঁ দাবী কৰিছিল । তেওঁৰ এই মন্তব্যৰ পাছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । একাংশ বিশেষজ্ঞই দাবী কৰা মতে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ সেয়া এক ৰাজনৈতিক বিবৃতি আছিল কিয়নো তেওঁলোকে দাবী কৰা মতে দুয়োটা পৰিস্থিতি একে নহয় ।

এই সন্দৰ্ভত ভেল্যু ৰিচাৰ্ছৰ (Value Research) প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া ধীৰেন্দ্ৰ কুমাৰে কয় যে দুয়োটা পৰিস্থিতিক তুলনা কৰিব নোৱাৰি । তেওঁৰ মতে ১৯৯১ চনৰ পৰিস্থিতি কেৱল বেয়াই নাছিল ইয়াৰ পৰা পৰিত্ৰাণৰ বাবে অতি কম কাম কৰা হৈছিল । কিয়নো দেশখনে এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হৈছিল যে সেই সময়ত আই এম এফ (IMF)য়েও সহায় কৰিবলৈ বিচাৰিছিল । তেওঁৰ মতে ১৯৯১ চনৰ সংকট মুখ্যতঃ ৪০ বছৰত ভাৰতে অনুসৰণ কৰা ধ্বংসাত্মক সমাজতান্ত্ৰিক নীতিৰ ফল ।

যদি ইয়াৰ আগৰ বছৰবোৰত আমাৰ সঠিক জ্ঞান থাকিলহেঁতেন তেন্তে আমি আজি চীনতকৈ বহুত বেছি সমৃদ্ধ হ'লোহেঁতেন বুলিও ধীৰাজ কুমাৰে উল্লেখ কৰে ।

উল্লেখ্য যে, অৰ্থনৈতিক উদাৰীকৰণৰ (economic liberalization) ৩০ তম বাৰ্ষিকী উপলক্ষে এক বিবৃতিত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ সিঙে কৈছিল যে এয়া আনন্দ আৰু উল্লাসৰ সময় নহয়, আত্মনিৰীক্ষণ আৰু চিন্তা কৰাৰ সময় । ১৯৯১ চনৰ সংকটতকৈ আহি থকা দিনবোৰ অধিক কঠিন হ'ব বুলি তেওঁ দাবী কৰিছিল । ক'ভিড মহামাৰীৰ ফলত হোৱা ধ্বংসযজ্ঞ আৰু লাখ লাখ ভাৰতীয়ৰ ক্ষতিৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰি সিঙে দুখ প্ৰকাশ কৰি কৈছিল যে স্বাস্থ্য আৰু শিক্ষাৰ সামাজিক ক্ষেত্ৰসমূহত ভাৰত পিছ পৰি আছে আৰু আমাৰ অৰ্থনৈতিক প্ৰগতি দেখা পোৱা নাই ।

এই সন্দৰ্ভত ধীৰেন্দ্ৰ কুমাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে এইটো এটা সাধাৰণ মন্তব্য । যিকোনো লোকে পৃথিৱীৰ যিকোনো দেশৰ বিষয়ে যিকোনো সময়তে এনে মন্তব্য কৰিব পাৰে । তেওঁৰ মতে ই কোনো অৰ্থপূৰ্ণ মন্তব্য বা আলোচনাৰ আধাৰ হ'ব নোৱাৰে ।

ভাৰতীয় অৰ্থনীতিৰ (Indian economy) ওপৰত ক'ভিডৰ প্ৰভাৱ দূৰ কৰিবলৈ চৰকাৰে গ্ৰহণ কৰিব লগীয়া পদক্ষেপসমূহৰ বিষয়ে সোধাত তেওঁ কয় যে অধিক খৰচ কৰিব লাগিব । কিয়নো ই উৎপাদনশীল কাৰ্যকলাপৰ ক্ষেত্ৰত সুৰক্ষিত । অথবা ৰোগটো সন্দৰ্ভত ভুৱা প্ৰচাৰৰ জৰিয়তে মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ একেবাৰে হ্ৰাস হ'বলৈ দিব নালাগিব ।

কিয়নো প্ৰথম ঢৌত সেইটোৱেই ঘটিছিল । কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বুজিব লাগিব যে অৰ্থনৈতিক কাৰ্যকলাপ নিয়ন্ত্ৰণ নকৰাটো ৰোগ নিয়ন্ত্ৰণ কৰাৰ দৰেই গুৰুত্বপূৰ্ণ । বিশেষজ্ঞগৰাকীৰ মতে এই ক্ষেত্ৰত সঠিক ভাৰসাম্য আটাইতকৈ প্ৰয়োজন ।

লগতে পঢ়ক :১৯৯১ তকৈ আহিবলগীয়া দিনবোৰ বেছি প্ৰত্যাহ্বানজনক: ড৹ মনমোহন সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.