ETV Bharat / bharat

সংসদৰ নিৰাপত্তা ভংগৰ গোচৰ; অভিযুক্ত ভগত সিং ফেন ক্লাব পেজৰ লগত জড়িত

author img

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 2:29 PM IST

সংসদত অনুপ্ৰৱেশ কৰা অভিযুক্ত সামাজিক মাধ্যমৰ পেজৰ সৈতে জড়িত থকা দেখা গৈছে । এই পেজটোৰ নাম হৈছে 'ভগত সিং ফেন ক্লাব' । আৰক্ষীয়ে ইয়াৰ গভীৰভাৱে অনুসন্ধান কৰি আছে ।

Parliament Intruders Bhagat Singh Fan Club
সংসদৰ নিৰাপত্তা ভংগৰ গোচৰ; অভিযুক্ত ভগত সিং ফেন ক্লাব পেজৰ লগত জড়িত

নিউজ ডেস্ক, ১৪ ডিচেম্বৰ : সংসদৰ নিৰাপত্তা ভংগৰ ঘটনা সন্দৰ্ভত কৰ্তৃপক্ষৰ অনুসন্ধান তীব্ৰ গতিত আগবাঢ়িছে । অনুসন্ধানত মূল অভিযুক্তৰ বিষয়ে বহু কথা ওলাই আহিছে । আৰক্ষী সূত্ৰৰ মতে, সকলো অভিযুক্ত 'ভগত সিং ফেন ক্লাব' নামৰ এটা ছ'চিয়েল মিডিয়া পেজৰ সৈতে জড়িত আছিল । প্ৰায় ডেৰ বছৰ পূৰ্বে তেওঁলোক মহীশূৰত মিলিত হৈছিল । অভিযুক্ত সাগৰে জুলাইত লক্ষ্ণৌৰ পৰা আহিছিল, কিন্তু তেওঁ সংসদ ভৱনত প্ৰৱেশ কৰিব পৰা নাছিল । ইয়াৰ পিছত ১০ ডিচেম্বৰত তেওঁলোক সকলো এজন এজনকৈ নিজ নিজ ৰাজ্যৰ পৰা আহি দিল্লীত উপস্থিত হৈছিল ।

তেওঁলোক সকলোৱে ইণ্ডিয়া গে'টৰ ওচৰত মিলিত হৈছিল । তাত সকলোকে ৰঙীন ফটকা বিতৰণ কৰা হৈছিল । আৰক্ষীয়ে তেওঁলোকৰ আঁৰৰ মাষ্টাৰমাইণ্ড কোন সেইটো জানিবলৈ তেওঁলোকক নিৰন্তৰ জেৰা কৰি আছে । প্ৰাৰম্ভিক অনুসন্ধান অনুসৰি, মুখ্য ষড়যন্ত্ৰকাৰী হৈছে আন কোনোবা । লক্ষ্ণৌৰ মানকনগৰ অঞ্চলৰ বাসিন্দা সাগৰ শৰ্মা বাঁওপন্থী আদৰ্শৰে অনুপ্ৰাণিত বুলি কোৱা হৈছে । তেওঁ দুটা ফেচবুক একাউণ্ট ব্যৱহাৰ কৰি একে ধৰণৰ পোষ্টত শ্বেয়াৰ আৰু মন্তব্য কৰিছিল ।

আনহাতে, সাগৰৰ দুয়োটা ফেচবুক একাউণ্ট কেইবা মাহধৰি সক্ৰিয় হৈ থকা নাই । তেওঁৰ ফেচবুক পেজবোৰে দেখুৱাইছে যে সাগৰে ফেচবুকৰ জৰিয়তে কলকাতা, ৰাজস্থান আৰু হাৰিয়ানাৰ কেইবাজনো লোকৰ সৈতেও যোগাযোগ সৃষ্টি কৰিছিল । আনহাতে, সাগৰৰ পৰিয়ালটোৱে নিজৰ ঘৰত তলা মাৰি অজ্ঞাত স্থানলৈ গৈছে । সাগৰৰ পৰিয়ালত পিতৃ-মাতৃ আৰু ভনীয়েক আছে । পৰিয়ালটো মূলত উত্তৰ প্ৰদেশৰ উন্নাও জিলাৰ বাসিন্দা আৰু প্ৰায় ২০ বছৰ ধৰি লক্ষ্ণৌত এটা ভাড়াঘৰত বাস কৰি আছে ।

ইফালে সাগৰে যিখন বৈদ্যুতিক ৰিক্সা চলাই আছিল তাৰ গৰাকী হিমাংশুৱে কয় যে ডেৰ মাহ পূৰ্বে তেওঁ ৰিক্সাখন ভাড়াত লৈছিল । তেওঁ এজন অতি ভাল ল'ৰা আছিল আৰু পুৱাতে ই-ৰিক্সা লৈ ওলাই গৈছিল । তেওঁ নিজকে নিজৰ কামত ব্যস্ত ৰাখিছিল ।

ইয়াৰ পূৰ্বে সাগৰৰ পৰিয়ালে বুধবাৰে কৈছিল যে সাগৰে দুদিন পূৰ্বে দিল্লীত প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ লক্ষ্ণৌত থকা ঘৰৰ পৰা গৈছিল । পৰিয়ালটোৱে অৱশ্যে কয় যে তেওঁলোকে সংসদৰ নিৰাপত্তা উলংঘনত তেওঁ জড়িত থকাৰ বিষয়ে অজ্ঞাত আছিল । আনহাতে, সাগৰৰ মোমায়েকে সাগৰক ষড়যন্ত্ৰত জড়িত কৰাৰ আশংকা কৰি কয়, "মই আচৰিত যে তেওঁ সংসদত জঁপিয়াই পৰিছিল, কেৱল ঈশ্বৰেহে সত্যটো জানে । কোনো এক ডাঙৰ পদবীত বহি থকা ব্যক্তিয়ে তেওঁক এই গোচৰটোত ষড়যন্ত্ৰত জড়িত কৰিছে । অন্যথা, তেওঁ এজন সাধাৰণ ল'ৰা ।"

উল্লেখ্য যে ২০০১ চনৰ সংসদত সন্ত্ৰাসবাদী আক্ৰমণৰ বাৰ্ষিকীৰ দিনা বুধবাৰে নিৰাপত্তা ব্যৱস্থা উলংঘনৰ এক গুৰুত্বপূৰ্ণ ঘটনাত সদনৰ শূন্যকালত দৰ্শকৰ গেলেৰীৰ পৰা সাগৰ শৰ্মা আৰু মনোৰঞ্জন ডি নামৰ দুজন ব্যক্তিয়ে লোকসভাৰ কক্ষত জঁপিয়াই পৰে । তাৰ পিছত কেনিষ্টাৰৰ পৰা হালধীয়া গেছ নিক্ষেপ কৰে । আনহাতে, উপস্থিত সাংসদসকলে তেওঁলোকক বশ কৰাৰ পূৰ্বে শ্লোগানো দিয়ে । ইফালে দিল্লী আৰক্ষীৰ বিশেষ কোষে নিৰাপত্তা উলংঘনৰ ঘটনাৰ তদন্তৰ বাবে বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে । আনহাতে, গৃহ মন্ত্ৰালয়ে তদন্তৰ নিৰ্দেশ দিছে ।

লগতে পঢ়ক :সংসদত আতংক সৃষ্টি কৰা ৫ অনুপ্ৰৱেশকাৰীক আটক; ইউএপিএৰ অধীনত গোচৰ ৰুজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.