ETV Bharat / bharat

বিস্ফোৰণত ধ্বংস হ’ল মহম্মদ আলী জিন্নাৰ প্ৰতিমূৰ্তি

author img

By

Published : Sep 27, 2021, 6:35 PM IST

পাকিস্তানৰ বেলুচিস্তান(Balochistan)ৰ দক্ষিণ-পশ্চিম উপকূলৰ গোৱাদৰত পাকিস্তানৰ প্ৰতিষ্ঠাপক মহম্মদ আলী জিন্না(Mohammad Ali Jinnah)ৰ প্ৰতিমূৰ্তিৰ ক্ষতিসাধন । গোৱাদৰত সংঘটিত এক বিস্ফোৰণত প্ৰতিমূৰ্তিটো যথেষ্ট ক্ষতিগ্ৰস্ত হয় । বেলুচ লিবাৰেছন ফ্ৰণ্টে ইতিমধ্যে বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে ।

Mohammed Ali Jinnah statue destroyed in Balochistan
বেলুচিস্তানত বিস্ফোৰণত মহম্মদ আলী জিন্নাৰ প্ৰতিমূৰ্তিৰ ক্ষতিসাধন

নেশ্যনেল ডেস্ক, ২৭ ছেপ্টেম্বৰ : দেওবাৰে পাকিস্তানৰ বেলুচিস্তানত সংঘটিত হ'ল এক বিস্ফোৰণ । এই বিস্ফোৰণত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয় পাকিস্তানৰ প্ৰতিষ্ঠাপক মহম্মদ আলী জিন্না(Mohammad Ali Jinnah)ৰ প্ৰতিমূৰ্তি । ডউন নামৰ পাকিস্তানৰ এখন বাতৰি কাককত প্ৰকাশিত খবৰ অনুসৰি উগ্ৰপন্থী সংগঠন বেলুচ লিবাৰেছন ফ্ৰণ্টে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে । বেলুচিস্তানৰ দক্ষিণ-পশ্চিম উপকূলৰ গোৱাদৰত এই বিস্ফোৰণ সংঘটিত হয় ।

উল্লেখ্য যে, প্ৰতিমূৰ্তিটো চলিত বৰ্ষৰ আৰম্ভণিতে স্থাপন কৰা হৈছিল আৰু উক্ত অঞ্চলটোক সুৰক্ষিত অঞ্চল হিচাপে বিবেচনা কৰি প্ৰতিমূৰ্তিটো স্থাপন কৰা হৈছিল । ডউন নামৰ বাতৰি কাককত প্ৰকাশিত বাতৰি অনুসৰি, উগ্ৰপন্থীয়ে প্ৰতিমূৰ্তিটোৰ তলত বোমা স্থাপন কৰিছিল আৰু বিস্ফোৰণ সংঘটিত কৰিছিল । কয়দ-এ-আজম খ্যাত মহম্মদ আলী জিন্না এগৰাকী মুছলমান ৰাজনীতিবিদ আছিল । অল ইণ্ডিয়া মুছলিম লীগৰ তেওঁ শীৰ্ষ নেতা আছিল, যিয়ে পাকিস্তান প্ৰতিষ্ঠা কৰিছিল আৰু প্ৰথম গৱৰ্ণৰ জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

আনহাতে, বেলুচিস্তানত কেইবা বছৰো ধৰি হিংসাত্মক ঘটনা সংঘটিত হৈ আহিছে । যোৱা সপ্তাহত, বেলুচিস্তান প্ৰদেশৰ এটা নিৰাপত্তা বাহিনীৰ তালাচী চকীত উগ্ৰপন্থীয়ে আক্ৰমণ কৰাৰ ফলত এজন পাকিস্তানী সেনা নিহত হোৱাৰ লগতে আন দুজন লোক আহত হয় ।

লগতে পঢ়ক:ক'ভিড-১৯ : দেশৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.