ETV Bharat / bharat

ক'ভিড-১৯ : দেশৰ শেহতীয়া তথ্য

author img

By

Published : Sep 27, 2021, 1:24 PM IST

ভাৰতত বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ এদিনত আক্ৰান্ত আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা দেশৰ ভিতৰত কেৰালাত সৰ্বাধিক ৷

India COVID-19 tracker: state-wise report
ক'ভিড-১৯ : দেশৰ শেহতীয়া তথ্য

নিউজ ডেস্ক, 27 ছেপ্টেম্বৰ : ভাৰতত দেওবাৰে পুনৰ 26,041 গৰাকী লোক নতুনকৈ কৰ’ণাত আক্ৰান্ত হয় ৷ ইয়াৰ বিপৰীতে মৃত্যু হয় 276 গৰাকীৰ ৷ দেশত আক্ৰান্তৰ সংখ্যা 2,99,620 গৰাকীলৈ আৰু মৃত্যু হোৱা লোকৰ সংখ্যা 4,47,194 গৰাকীলৈ বৃদ্ধি পাইছে ৷

আনহাতে কৰ’ণাৰ পৰা আৰোগ্য লাভ কৰিছে 3,29,31,972 গৰাকী লোকে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সোমবাৰে পুৱা প্ৰকাশ কৰে এই তথ্য ৷

  • " class="align-text-top noRightClick twitterSection" data="">

স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি, দেশত আৰোগ্যৰ হাৰ হৈছে 97.78 শতাংশ ৷ বিগত 24 ঘণ্টাত কেৰালাত সৰ্বাধিক 15,951 গৰাকী লোক নতুনকৈ কৰ’ণাত আক্ৰান্ত হয় ৷ তদুপৰি মৃত্যু হয় 165 গৰাকীৰ ৷

ভাৰতত দেওবাৰে 38.18 লাখৰো অধিক লোকক প্ৰতিষেধক প্ৰদান কৰা হয় ৷ ইয়াৰ লগে লগে ভাৰতত প্ৰতিষেধক গ্ৰহণ কৰা লোকৰ সংখ্যাই 86.01 কোটিৰ সীমা অতিক্ৰম কৰিছে ৷ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ অনুসৰি, 26 ছেপ্টেম্বৰলৈ দেশত মুঠ 56,44,08,251 টা ক’ভিডৰ নমুনা পৰীক্ষা কৰা হৈছিল ৷

লগতে পঢ়ক : ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ ভাইৰেল ভিডিঅ’ত ন্যায়পালিকাক উপলুঙা কৰাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.