ETV Bharat / bharat

Pak intruder shot dead : বিএছএফৰ গুলীত নিহত পাকিস্তানী চোৰাং ব্যৱসায়ী

author img

By

Published : Jul 25, 2023, 10:03 AM IST

Pak intruder shot dead
বিএছএফৰ গুলীত নিহত পাকিস্তানী চোৰাং ব্যৱসায়ী

পাকিস্তানী অনুপ্ৰৱেশকাৰী তথা নিচাজাতীয় সামগ্ৰীৰ চোৰা ব্যৱসায়ী নিহত । সোমবাৰে নিশা বিএছএফৰ গুলীত নিহত ব্যৱসায়ীজন । ঘটনাস্থলীৰ পৰা উদ্ধাৰ ৪ কিলোগ্ৰাম নিচাজাতীয় সামগ্ৰী ।

নেশ্যনেল ডেস্ক,২৫ জুলাই : ভাৰত-পাকিস্তান সীমান্তত নিচাজাতীয় সামগ্ৰী অবৈধ সৰবৰাহ অব্যাহত আছে । ইয়াৰ মাজতে নিচাজাতীয় সামগ্ৰীৰ চোৰাং ব্যৱসায়ীলৈ লক্ষ্য কৰি সীমান্ত সুৰক্ষা বাহিনীৰ গুলীচালনা । জম্মু-কাশ্মীৰৰ চাম্বা জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত বিএছএফ জোৱানৰ গুলীত নিহত এজন পাকিস্তানী নিচাজাতীয় সামগ্ৰী চোৰাং ব্যৱসায়ী । সোমবাৰে নিশা ৰামগড় খণ্ডৰ এছ এম পুৰা পোষ্টৰ ওচৰত সন্দেহজনক গতিবিধি লক্ষ্য কৰাৰ পাছতে সীমান্ত সুৰক্ষা বাহিনী সতৰ্ক হৈ পৰে আৰু অভিযান আৰম্ভ কৰে । সেই অভিযানৰ মাজতে নিহত হয় পাকিস্তানী ব্যৱসায়ীজন ।

সীমান্ত সুৰক্ষা বাহিনীয়ে বহুবাৰ সতৰ্কবাণী দিয়াৰ পাছতো ব্যৱসায়ীজনে অনুপ্ৰৱেশৰ চেষ্টা কৰে । যাৰ বাবে অৱশেষত বিএছএফৰ জোৱানসকলে গুলীচালনা কৰিবলৈ বাধ্য হয় । ইফালে গুলীচালনাত লোকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু ঘটনাস্থলীত মৃত্যু বৰণ কৰে । বিএছএফৰ জোৱানসকলে অঞ্চলটোত অনুসন্ধান অব্যাহত ৰাখিছে । বিএছএফৰ বিষয়াসকলে কোৱা মতে চোৰাং ব্যৱসায়ীজন নিহত স্থানৰ পৰা ৪ কিলোগ্ৰাম নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰা হয় । অৱশ্যে বাতৰি লিখাৰ সময়লৈ মৃত লোকজনৰ পৰিচয় পোৱা হোৱা নাই ।

একেদৰে ১৭ জুলাইৰ নিশাও অনুপ্ৰৱেশৰ চেষ্টা কৰাৰ সময়তে জম্মু-কাশ্মীৰৰ পুঞ্চ চেক্টৰত নিয়ন্ত্ৰণ ৰেখাৰ (এলঅ'চি) ওচৰত দুই অনুপ্ৰৱেশকাৰী নিহত হয় বুলি এজন প্ৰতিৰক্ষা মুখপাত্ৰই জনাইছে । এলঅ'চিত অনুপ্ৰৱেশৰ চেষ্টাৰ বাবে সন্ত্ৰাসবাদীৰ পৰিকল্পনাৰ বিষয়ে নিৰ্ভৰযোগ্য সূত্ৰৰ দ্বাৰা চোৰাংচোৱা তথ্য লাভ কৰাৰ পাছতে ভাৰতীয় সেনা আৰু জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে যুটীয়াভাৱে অনুপ্ৰৱেশকাৰীসকলৰ বিৰুদ্ধে অভিযান চলাইছিল । সেই অঞ্চলসমূহৰ পৰা সন্ত্ৰাসবাদীসকলক খেদি পঠিওৱা আৰু সীমান্তৰ সিপাৰৰ পৰা অনুপ্ৰৱেশ প্ৰতিৰোধ কৰাৰ নিৰন্তৰ প্ৰচেষ্টাৰ অংশ হিচাপে পুঞ্চ খণ্ডৰ অপাৰেচন বাহাদুৰৰ অধীনত এই অভিযান চলোৱা হৈছিল ।

উল্লেখ্য যে নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত প্ৰায়ে অস্ত্ৰ-শস্ত্ৰ, নিচাজাতীয় সামগ্ৰীৰ অবৈধ সৰবৰাহ চলি থকা দেখা যায় । একাংশ সন্ত্ৰাসবাদী তথা পাকিস্তানীয়ে অনুপ্ৰৱেশৰো চেষ্টা চলায় । কিন্তু সীমান্তৰ প্ৰহৰী বিএছএফ, ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ অহৰহ প্ৰচেষ্টাৰ বাবেই এইধৰণৰ অপৰাধমূলক কাৰ্যকলাপত দুষ্টচক্ৰ সফল হ'ব নোৱাৰে !

লগতে পঢ়ক :Cattle smuggling in Assam: চলিত বৰ্ষত যোৰাবাটত প্ৰায় ৬০০ চোৰাং গৰু জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.