ETV Bharat / bharat

আত্মৰক্ষাৰ বাবেই অসম আৰক্ষীক গুলিওৱাৰ নিৰ্দেশ দিছিল মিজোৰামে

author img

By

Published : Aug 4, 2021, 1:00 PM IST

অসম-মিজোৰাম সীমান্ত সংঘৰ্ষত মিজোৰাম আৰক্ষীয়ে কৰা গুলিচালনাক লৈ মন্তব্য প্ৰকাশ কোলাচিবৰ জিলা দণ্ডাধীশৰ ৷ আত্মৰক্ষাৰ বাবেই মিজোৰাম আৰক্ষীক গুলিচালনা কৰাৰ বাবে অনুমতি দিয়া হৈছিল বুলি মন্তব্য মিজোৰামৰ কোলাচিব জিলাৰ দণ্ডাধীশ H Lalthlanglianaৰ ৷

Ordered police to use fireams in self-defence: Kolasib DM on NE clashes
মিজোৰাম আৰক্ষীয়ে কৰা গুলিচালনাক লৈ মন্তব্য প্ৰকাশ কোলাচিবৰ উপায়ুক্তৰ

নেশ্যনেল ডেস্ক, 4 আগষ্ট: বিগত বৰ্ষৰ পৰাই অসম আৰু মিজোৰামৰ মাজত সীমাকেন্দ্ৰীক বিবাদক লৈ উত্তেজনা অব্যাহত আছে ৷ চলিত বৰ্ষৰ জুন মাহত এই উত্তেজনা অধিক বৃদ্ধি পাইছিল ৷ অসমে বিৰুদ্ধে মিজোৰামে ভূ-খণ্ড দখল কৰা বুলি অভিযোগ উত্থাপন কৰাৰ পৰিৱৰ্তে অসমেও মিজোৰামৰ গাঁওবাসীয়ে অসমৰ সংৰক্ষিত বনাঞ্চল বেদখল কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে ৷

অসম-মিজোৰাম সীমান্তৰ লায়লাপুৰত সংঘটিত সংঘৰ্ষই ৰাজ্য দুখনৰ লগতে সমগ্ৰ দেশক জোকাৰি যোৱাৰ পাচতে মিজোৰামৰ কোলাচিব জিলাৰ দণ্ডাধীশ H Lalthlanglianaই সীমান্তত সংঘটিত গুলিচালনা সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৷ অসমৰ আৰক্ষীৰ বিৰুদ্ধে প্ৰথমে গুলিচালনা সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰি দণ্ডাধীশগৰাকীয়ে আত্মৰক্ষাৰ(Self Defence) বাবে মিজোৰাম আৰক্ষীয়েও গুলিচালনা কৰিব লগা হয় বুলি মন্তব্য কৰে ৷

তেওঁ এই সমগ্ৰ সমস্যাৰ এক চিৰস্থায়ী সমাধানৰ বাবে এখন সীমা আয়োগ গঠন কৰাৰো পোষকতা কৰে ৷

ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জিলা দণ্ডাধীশগৰাকীয়ে কয়, "অসমৰ ফালৰ পৰা অসম আৰক্ষী আৰু অন্য লোকসকলে আমাৰ অঞ্চলত প্ৰৱেশ কৰি ভাৰতীয় ৰিজাৰ্ভ বেটেলিয়নৰ (Indian Reserve Battalion) চকী দখলৰ চেষ্টা কৰে ৷ আইআৰবি পোষ্টত আহি তেওঁলোকে প্ৰথমটো গুলিচালনা কৰিছিল ৷ "

লগতে পঢ়ক: ত্ৰিপুৰাৰ ইণ্ডো-বাংলা সীমান্তত শ্বহীদ বৰণ কৰিলে দুজন বিএছএফ জোৱানে

Lalthlanglianaই কয় যে, কেৱল আত্মৰক্ষাৰ খাতিৰত অঞ্চলটোত নিয়োজিত হৈ থকা মিজোৰাম আৰক্ষীক গুলিচালনাৰ বাবে নিৰ্দেশ দিয়া হৈছিল ৷ জিলা দণ্ডাধীশ হিচাপে নিজৰ নাগৰিকসকলক ৰক্ষা কৰাটো তেওঁৰ কৰ্তব্য আছিল বুলিও Lalthlanglianaই মন্তব্য কৰে ৷ তেওঁ লগতে এইকথাও দোহাৰে যে, কেৱল ব্যক্তিগত প্ৰতিৰক্ষাৰ স্বাৰ্থত বল প্ৰয়োগ কৰাৰ বাবে তেওঁ কৰ্তৃত্ব প্ৰদান কৰিছিল ৷

উল্লেখ্য যে, মিজোৰাম আৰু অসমৰ মাজত সংঘটিত এই সীমা সংঘৰ্ষত অসম আৰক্ষীৰ 6 গৰাকীকৈ জোৱানে প্ৰাণ হেৰুৱাব লগা হৈছিল ৷ সংঘৰ্ষৰ পাচতে নতুন দিল্লীত দুয়োখন ৰাজ্যৰ মাজত স্বাক্ষৰিত সীমান্ত চুক্তিৰ বিষয়ে সোধাত Lalthlanglianaই অঞ্চলটোত ইতিমধ্যে এটা নিৰপেক্ষ বাহিনী মোতায়েন কৰা হৈছে বুলি জানিবলৈ দিয়ে ৷ তেওঁ কয় যে, "অঞ্চলটোত ইতিমধ্যে এটা CRPF ৰ শিবিৰ আছিল ৷ কিন্তু, ইয়াৰ পাচতো অসম আৰক্ষীয়ে আইআৰবি পোষ্টটো দখলৰ চেষ্টা চলায় ৷ "

অসম আৰু মিজোৰামৰ মাজত দশক জুৰি চলি অহা সীমা বিবাদে বিগত বৰ্ষত অধিক তীব্ৰ ৰূপ ধাৰণ কৰে ৷ শেহতীয়াকৈ দুয়োখন ৰাজ্যৰ আৰক্ষী সংঘৰ্ষত লিপ্ত হোৱাৰ পাচতে এই বিবাদক লৈ উত্তেজনা অধিক বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ সংঘৰ্ষ সংঘটিত হোৱা লাইলাপুৰ হৈছে দুয়োখন ৰাজ্যৰ সীমা বিভাজন কৰা অন্তিমটো সীমা ৷ ঘটনাৰ পাচতে অসম চৰকাৰে Lalthlangliana ৰ লগতে আন কেইবাজনো লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷ ইফালে মিজোৰাম চৰকাৰেও অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেইজনমান আৰক্ষী বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷

লগতে পঢ়ক: অসম-মিজোৰামৰ সমস্যা সমাধানৰ বাবে গৃহমন্ত্ৰীয়ে চেষ্টা কৰি আছে: মিজোৰামৰ ৰাজ্যপাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.