ETV Bharat / bharat

Tripura bye election 2022 : ভোট গণনা কেন্দ্ৰত তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ দাবী বিৰোধীৰ

author img

By

Published : Jun 25, 2022, 7:54 PM IST

দেওবাৰে পুৱাৰ পৰা ত্ৰিপুৰাৰ উপ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হ'ব (Tripura bye election vote counting)। তাৰ প্ৰাকক্ষণত মুখ্য নিৰ্বাচনী বিষয়ালৈ বিৰোধীৰ বিশেষ আহ্বান । ভোট গণনা কেন্দ্ৰত তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিবলৈ বিৰোধীৰ আহ্বান ।

Tripura bye election 2022
ভোট গণনা কেন্দ্ৰত তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ দাবী বিৰোধীৰ

আগৰতলা, ২৫ জুন : যোৱা ২৩ জুনত ত্ৰিপুৰা বিধানসভাৰ চাৰিখন আসনত উপ নিৰ্বাচন অনুষ্ঠিত হয় (Tripura bye election 2022)। এইবাৰ ভোটগ্ৰহণৰ সময়ত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল । কিন্তু তাৰ মাজতে কোনো কোনো ঠাইতে বিজেপি কৰ্মীয়ে ভোটকেন্দ্ৰবোৰত মইমতালী কৰাৰ অভিযোগ উত্থাপন হৈছে । সেয়ে ভোট গণনাৰ সময়ত যাতে তেনে ধৰণৰ পৰিৱেশ নহয় তাৰ বাবে বিৰোধীয়ে বিভিন্ন দাবী উত্থাপন কৰিছে ।

উল্লেখ্য যে ২৬ জুন অৰ্থাৎ দেওবাৰে পুৱাৰে পৰা ভোটগণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব (Counting of votes for Tripura bypolls on Sunday)। আগৰতলাৰ উমাকান্ত বিদ্যালয়ত আগৰতলা আৰু টাউন বৰদোৱালী আসন দুখনৰ ভোটগণনা কৰা হ'ব আনহাতে বাকী দুখনৰ ভোটগণনা ক্ৰমে ধলাই জিলাৰ কমলাপুৰ আৰু উত্তৰ জিলাৰ ধৰ্মনগৰত অনুষ্ঠিত হ'ব । ভোটগণনাৰ সময়তে তিনি তৰপীয়া নিৰাপত্তাৰ দাবী জনাইছে ত্ৰিপুৰাৰ বিৰোধী দলসমূহে (Oppositions demand three layers security in votes counting hall)।

বিশেষকৈ চিপিআইএম আৰু কংগ্ৰেছে ইতিমধ্যে এই সম্পৰ্কত ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ আহ্বান জনাইছে । ভোটগণনা কেন্দ্ৰত কেন্দ্ৰীয় সশস্ত্ৰ অৰ্ধসামৰিক বাহিনীৰ পৰ্যাপ্ত পৰিমাণৰ জোৱান মোতায়েন কৰাৰ দাবী জনাইছে বিৰোধীয়ে ।

চিপিআই(এম) দলৰ আহ্বায়ক নাৰায়ণ কাৰে মুখ্য নিৰ্বাচনী বিষয়ালৈ এখন পত্ৰ প্ৰেৰণ কৰি তিনি তৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ দাবী জনাইছে (CPIM letter about security of vote counting centres)। নেতাগৰাকীয়ে উল্লেখ কৰা মতে শাসকীয় বিজেপিয়ে সকলো গণনা কেন্দ্ৰ বিশেষকৈ আগৰতলা চহৰৰ দুটা গণনা কেন্দ্ৰত আৰক্ষী বিষয়াৰ সৈতে মিত্ৰতা স্থাপন কৰি নিৰ্বাচনৰ ফলাফলবোৰ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলাব আৰু বিৰোধী এজেণ্টসকলক বাহিৰ কৰি সেই বিশেষ কেন্দ্ৰত প্ৰৱেশ কৰাৰ চেষ্টা কৰাৰ সম্ভাৱনা আছে । সেয়েহে উক্ত কেন্দ্ৰবোৰৰ ভিতৰে বাহিৰে পৰ্যাপ্ত পৰিমাণে অৰ্ধসামৰিক বাহিনী মোতায়েন কৰিবলৈ তেওঁ দাবী জনাইছে ।

আনহাতে কেন্দ্ৰবোৰত চিচিটিভি কেমেৰা সংযোগ কৰি সকলো সময়তে নিৰীক্ষণ কৰিবলৈও দাবী জনায় । তেওঁ লগতে কয় যে সকলো গণনা কেন্দ্ৰত থকা এজেণ্টক ফটো পৰিচয় পত্ৰ প্ৰদান কৰাৰ লগতে তেওঁলোকৰ পৰিচয় পৰীক্ষা কৰাৰ প্ৰয়োজন আছে । এজেণ্টৰ বাহিৰে আন কোনো ব্যক্তিয়ে যাতে ভোট গণনা কেন্দ্ৰত প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিবলৈ পত্ৰখনৰ জৰিয়তে চিপিআই(এম)ৰ নেতাগৰাকীয়ে আহ্বান জনায় ।

আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি বীৰজিৎ সিনহাইও একে দাবী উত্থাপন কৰিছে । তেওঁ অভিযোগ কৰা মতে নিৰ্বাচনৰ দিনা বেছিভাগ ভোটকেন্দ্ৰতে বিজেপিয়ে তেওঁলোকৰ এজেণ্টক প্ৰৱেশ কৰাত বাধা দিছিল । সেয়ে ভোট গণনাৰ সময়তে প্ৰতিটো কেন্দ্ৰতে নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰিবলৈ তেওঁ মুখ্য নিৰ্বাচনী বিষয়াক আহ্বান জনায় ।

লগতে পঢ়ক :Tripura bye-poll : নিৰ্বাচনী অপৰাধৰ প্ৰচেষ্টাত ১৬ জনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.