ETV Bharat / bharat

Onion price hike : উৎসৱৰ বতৰত পিয়াঁজৰ মূল্যই মাৰিব চেঞ্চুৰী !

author img

By ETV Bharat Assamese Team

Published : Oct 28, 2023, 5:57 PM IST

দেশৰ প্ৰতিখন বজাৰতে পিয়াঁজৰ মূল্য আকাশলঙ্ঘী হৈছে । বজাৰ ভেদে ৭০-৮০ টকাত বিক্ৰী হৈছে পিয়াঁজ । পাইকাৰী বজাৰতো পিয়াঁজৰ মূল্য যথেষ্ট বৃদ্ধি হৈছে । দীপাৱলীৰ প্ৰাকক্ষণত প্ৰতি কেজি পিয়াঁজত ১০০ টকা হোৱাৰ সম্ভাৱনা ।

Onion price hike
উৎসৱৰ বতৰত পিয়াঁজৰ মূল্যই মাৰিব চেঞ্চুৰী !

নেশ্যনেল ডেস্ক,২৮ অক্টোবৰ : পিয়াঁজৰ বজাৰত জুই লাগিছে । হোৰা-হোৰে বাঢ়িছে পিয়াঁজৰ মূল্য । পিয়াঁজৰ মূল্যই পূৰ্বৰ সকলো অভিলেখ ভংগ কৰাৰ দিশে আগবাঢ়িছে । কিয়নো দেশৰ বজাৰত প্ৰতিদিনে বাঢ়িছে পিয়াঁজৰ মূল্য । পাইকাৰী বজাৰত যোৱা দুদিনত প্ৰতি কিলোগ্ৰাম পিয়াঁজত গড়ে ২০ টকা বৃদ্ধি হৈছে । যাৰ পোনপটীয়া প্ৰভাৱ খুচুৰা বজাৰতো পৰা দেখা গৈছে । খুচুৰা বজাৰত উন্নত মানৰ পিয়াঁজ প্ৰতি কিলোগ্ৰামত ৭০ ৰ পৰা ৮০ টকাত বিক্ৰী হোৱা দেখা গৈছে । যদি পিয়াঁজৰ মূল্য এই হাৰত বাঢ়ি থাকে তেনেহ'লে পিয়াঁজে ঐতিহাসিক স্তৰত উপনীত হ'ব আৰু শীঘ্ৰে প্ৰতি কিলোগ্ৰামত ১০০ টকা হোৱাৰ সম্ভাৱনা আছে ।

জানিব পৰা মতে ঘৰুৱা বজাৰত সীমিত উৎপাদনৰ বাবে পিয়াঁজৰ বজাৰৰ মূল্য দ্ৰুতগতিত বৃদ্ধি পাইছে । জুনাগড় মাৰ্কেটিং য়াৰ্ডত পাইকাৰী পিয়াঁজৰ বজাৰ মূল্য ক্ৰমান্বয়ে বৃদ্ধি পাইছে । যাক লৈ সাধাৰণ নাগৰিকসকল চিন্তিত হৈ পৰিছে ।

বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি যদি পিয়াঁজৰ যোগান আৰু চাহিদা একেই থাকে তেনেহ'লে দীপাৱলীৰ পূৰ্বে সাধাৰণ নাগৰিকে পিয়াঁজ প্ৰতিকেজিত ১০০ টকাত ক্ৰয় কৰিব লাগিব । বজাৰ ভেদে বৰ্তমান পিয়াঁজ প্ৰতি কিলোগ্ৰামত ৭০-৮০ টকাত বিক্ৰী হৈছে ।

জুনাগড় মাৰ্কেটিং য়াৰ্ডত শুকান পিয়াঁজৰ বজাৰ মূল্য প্ৰতি ২০ কিলোগ্ৰামত ৯০০ টকা আৰু প্ৰতি ২০ কিলোগ্ৰামত নিম্নতম ৩০০ টকাত বিক্ৰী হৈছে । দিনটোত মাৰ্কেটিং য়াৰ্ডত ৫১ কুইণ্টল শুকান পিয়াঁজ বিক্ৰী হৈছে । শুকুৰবাৰে বজাৰত পিয়াঁজৰ মূল্য যথেষ্ট হ্ৰাস পাইছিল । প্ৰতি ২০ কিলোগ্ৰামত নিম্নতম ৮০ টকা আৰু প্ৰতি ২০ কিলোগ্ৰামত সৰ্বাধিক ৬৫০ টকা আছিল । জুনাগড় মাৰ্কেটিং য়াৰ্ডত ২৮২ কুইণ্টল পিয়াঁজ বিক্ৰী হৈছিল । কিন্তু শনিবাৰে নিম্নতম পিয়াঁজ প্ৰতি ২০ কিঃগ্ৰাঃত নিম্নতম ২৪০ টকা বৃদ্ধি হৈছে আৰু উন্নত মানৰ পিয়াঁজৰ পাইকাৰী বজাৰ মূল্য ২৫০ টকা বৃদ্ধি হৈছে ।

আহমেদাবাদত গুণগত মান আৰু আকাৰৰ ওপৰত নিৰ্ভৰ কৰি পিয়াঁজৰ দাম পাইকাৰী বজাৰত প্ৰতি কিলোগ্ৰামত ৩৫ ৰ পৰা ৬০ টকা । খুচুৰা মূল্যও বৰ্তমান ৬০-৮০ টকা ।

লগতে পঢ়ক :Price hike of Onion: গ্ৰাহকে কিনিছে এপোৱা পিয়াঁজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.