ETV Bharat / bharat

কুলগ্ৰামত আৰক্ষীৰ এনকাউন্টাৰত নিহত হিজবুল মুজাহিদ্দিনৰ সদস্য

author img

By

Published : Jun 11, 2022, 2:07 PM IST

জম্মু-কাশ্মীৰত অব্যাহত সন্ত্ৰাসবাদী বিৰোধী অভিযান । শনিবাৰে আৰক্ষীৰ গুলীত নিহত হয় আন এটা সন্ত্ৰাসবাদী ৷ নিহত সন্ত্ৰাসবাদীটো হিজবুল মুজাহিদ্দিনৰ কেডাৰ(cordon and search operation in Kulgam) বুলি জানিব পৰা হৈছে ।

one hizbul militant killed as encounter breaks out in kulgam
কুলগ্ৰামত আৰক্ষীৰ এনকাউন্টাৰত নিহত হিজবুল উগ্ৰপন্থী সদস্য

নেশ্যনেল ডেস্ক,১১ জুন: জম্মু-কাশ্মীৰত অব্যাহত আছে আৰক্ষী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ । ইয়াৰ মাজতে আৰক্ষীৰ গুলীত(Kulgam encounter) ধৰাশায়ী হিজবুল মুজাহিদ্দিনৰ সন্ত্ৰাসবাদী সদস্য(HM militant killed ) । আৰক্ষী সুত্ৰই জনোৱা অনুসৰি শনিবাৰে কুলগাম জিলাৰ খান্দিপোৰা অঞ্চলত আৰক্ষীৰে সন্ত্ৰাসবাদীৰ দলটোৰ সংঘৰ্ষৰ সুত্ৰপাত হৈছিল(cordon and search operation in Kulgam) । আৰু সেই সংঘৰ্ষত নিহত হৈছিল এজন হিজবুল মুজাহিদীন সন্ত্ৰাসবাদী ।

জানিব পৰা মতে আৰক্ষীয়ে তাত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে নিৰ্দিষ্ট ইনপুটৰ পৰা তথ্য লাভ কৰাৰ পিছতে অঞ্চলটোত এটা বেষ্টনীৰ সাজি আৰম্ভ কৰিছিল তালাচী অভিযান । অভিযান কালত আৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীবৰ্ষণ হোৱাত নিহত হয় সন্ত্ৰাসবাদী সদস্যটো ।

এই সন্দৰ্ভত কাশ্মীৰ জোনেল আৰক্ষীয়ে টুইটাৰ সমগ্ৰ তথ্য প্ৰকাশ কৰে । বৰ্তমানেও অঞ্চলটোত আৰু দুইৰ পৰা তিনিটা সন্ত্ৰাসবাদীয়ে বাহৰ পাতি থকাৰ সন্দেহ কৰা হৈছে । প্ৰকাশ কৰা তথ্য অনুসৰি শ্ৰীনগৰৰ পৰা ৭০ কিলোমিটাৰ দূৰত কুলগামৰ খান্দিপোৰাত শুক্ৰবাৰে আৰু শনিবাৰে মাজনিশা সংঘৰ্ষৰ সূত্ৰপাত হৈছিল । আৰু বৰ্তমানো জম্মু-কাশ্মীৰ আৰক্ষী আৰু সুৰক্ষা বাহিনীৰ এটা যুটীয়া দলে অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: Passing Out Parade of IMA: দেশে নতুনকৈ লাভ কৰিলে ২৮৮ গৰাকী কেডেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.