ETV Bharat / bharat

National Almond Day 2023: কাঠ বাদামৰ এইসমূহ উপকাৰিতাৰ বিষয়ে আপুনি জ্ঞাত নে ?

author img

By

Published : Feb 16, 2023, 5:09 PM IST

On Almond Day know why it is important to eat this dry fruit every day
কাঠ বাদামৰ এইসমূহ উপকাৰিতাৰ বিষয়ে আপুনি জ্ঞাত নে ?

Prunus dulcis ফলৰ বীজক আলমণ্ড বোলা হয়, যিটো সাধাৰণতে কেৱল আলমণ্ড বা কাঠ বাদামৰ গছতহে লাগে । এই জনপ্ৰিয় ড্ৰাইফ্ৰুট পুষ্টি, স্বাস্থ্যকৰ চৰ্বি, এন্টিঅক্সিডেন্ট, ভিটামিন আৰু খনিজ পদাৰ্থৰে ভৰপূৰ । জানো আহক ইয়াৰ অন্য লাভালাভসমূহ ৷

আমি সকলোৱে জানো যে আলমণ্ড বা কাঠ বাদাম স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী, কিন্তু তথাপিও ইয়াক আমাৰ দৈনন্দিন খাদ্যত অন্তৰ্ভুক্ত কৰাটো প্ৰায়েই নহয় । কেঁচা আৰু পোৰা আলমণ্ড দুয়োটা বজাৰত উপলব্ধ হ’ব (Almond Health Benefits)। যিটো আপুনিও বহুদিনলৈ সংৰক্ষণ কৰি ৰাখিব পাৰে । ইয়াৰ উপৰিও কাঠ বাদামৰ গাখীৰ, তেল, ঘিউ আদিও তৈয়াৰ কৰা হয় । কিন্তু আপুনি জানেনে যে যদি আপুনি এইবিধ শুকান ফল দৈনিক গ্ৰহণ কৰে তেন্তে শৰীৰে কিমান পুষ্টি লাভ কৰে ? যদি নাজেনে তেন্তে আজি এই প্ৰতিবেদন জৰিয়তে জানি লওক কাঠ বাদামৰ এই উপকাৰিতাসমূহ...

গতিকে খাদ্যত আলমণ্ড অন্তৰ্ভুক্ত কৰাৰ ৮টা কাৰণ জানো আহক:

তেজৰ চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে

বাদামত কাৰ্ব কম আৰু স্বাস্থ্যকৰ চৰ্বি, প্ৰটিন আৰু আঁহ প্ৰচুৰ পৰিমাণে থাকে, সেয়েহে ডায়েবেটিছ ৰোগীৰ বাবে ইয়াক উত্তম বুলি গণ্য কৰা হয় । আলমণ্ডত মেগনেছিয়ামৰ পৰিমাণো ভাল, গতিকে ইয়াৰ দৈনিক সেৱনে আপোনাৰ তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে ।

কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে

তেজত এল ডি এল লিপোপ্ৰ'টিন(LDL lipoprotein), যাক বেয়া কলেষ্টেৰল বুলিও কোৱা হয়, ইয়াৰ মাত্ৰা অধিক হ’লে হৃদৰোগৰ সম্ভাৱনা অধিক । দৈনিক আলমণ্ড খালে কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস পায়, আৰু ভাল কলেষ্টেৰলৰ মাত্ৰা থাকে (How many almonds do you eat a day?)।

ওজন কমাবলৈ সহায়ক

বাদামত এনে বহুতো পুষ্টিকৰ উপাদান থাকে, যিবোৰ আমাৰ পেটে সোনকালে হজম কৰাত অসুবিধা পায়(How healthy is almond)। আমাৰ শৰীৰে বাদামত থকা ১০-১৫ শতাংশ চৰ্বি শোষণ নকৰে । বহু গৱেষণাৰ পৰাও বাদাম খোৱাৰ ফলত বিপাকীয় ক্ৰিয়া বৃদ্ধি পায় বুলিও প্ৰকাশ পাইছে(How healthy is almond?)। কিন্তু ইয়াক জোখতকৈ অধিক গ্ৰহণ কৰাৰ পৰা বিৰত থকাটো উচিত ৷

ছালৰ বাবে অতি উত্তম

অধিকাংশ প্ৰসাধন সামগ্ৰী আলমণ্ডক ব্যৱহাৰ কৰা হয় । ই আপোনাৰ ছালখনক পুষ্টি প্ৰদান কৰাৰ লগতে বয়স বৃদ্ধিৰ লগে লগে ছালৰ সমস্যা দূৰ কৰে ।

মানসিক স্বাস্থ্যৰ বাবে ভাল

শৈশৱৰ পৰাই নিশ্চয় শুনিছে যে দৈনিক আলমণ্ড খালে কি উপকাৰ সাধন হয় । ইয়াৰ কাৰণ হ’ল ইয়াত থকা পটাছিয়াম । আলমণ্ডত পটাছিয়ামৰ সমৃদ্ধ উৎস, যিয়ে শৰীৰত ইলেক্ট্ৰলাইটৰ মাত্ৰা বৃদ্ধি কৰি শক্তি প্ৰদান কৰে । আলমণ্ডৰ গাখীৰ খালে স্মৃতিশক্তিও মজবুত হয় ।

শৰীৰৰ ৰক্তহীনতা দূৰ কৰে

যদি আপুনি আপোনাৰ খাদ্যত আলমণ্ড অন্তৰ্ভুক্ত কৰে তেন্তে ই ৰক্তহীনতা প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে, কিয়নো ইয়াত তাম, আইৰণ আৰু ভিটামিন থাকে যিয়ে হিম’গ্লবিন উৎপাদনত সহায় কৰে ।

আলমণ্ডত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে

আলমণ্ডত এন্টিঅক্সিডেন্টও থাকে, যিয়ে মানসিক চাপ দূৰ কৰাত সহায় কৰিব পাৰে । মানসিক চাপৰ বাবে কেন্সাৰৰ লগতে শৰীৰত প্ৰদাহ সৃষ্টি কৰা ৰোগৰ সম্ভাৱনাও বৃদ্ধি পায়, লগতে দ্ৰুতগতিত বয়স বৃদ্ধি হয় ।

অস্বীকাৰ: এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ ওপৰত ভিত্তি কৰি আগবঢ়োৱা হৈছে ৷ এয়া কোনো চিকিৎসাৰ বিকল্প হ'ব নোৱাৰে ৷ অধিক জানিবলৈ চিকিৎসক তথা বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক..

লগতে পঢ়ক: Side Effects of Banana: কল কল...খালে গাত হয় হাতীৰ সমান বল, সেই বুলিয়েই নাখাব মাত্ৰাধিক কল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.