ETV Bharat / bharat

নায়কৰ দৰে আদৰণি দিল্লী সংঘৰ্ষৰ অভিযুক্ত শ্বাহৰুখ পাঠানক

author img

By

Published : May 27, 2022, 6:51 PM IST

শ্বাহৰুখ পাঠান নামৰ এগৰাকী কয়েদীক বিপুল আদৰণি ৰাইজৰ (A prisoner is welcomed by people in Delhi)। চাৰি ঘণ্টাৰ বাবে কাৰাগাৰৰ পৰা পেৰোলত মুকলি হৈ অহা পাঠানক আদৰণি জনোৱা ভিডিঅ' ভাইৰেল । বলীউডৰ নায়কৰ দৰে পুনৰ জেললৈ উভতনি যাত্ৰা পাঠানৰ ।

North East Delhi Communal clashes
নায়কৰ দৰে আদৰণি দিল্লী সংঘৰ্ষৰ অভিযুক্ত শ্বাহৰুখ পাঠানক

নেশ্যনেল ডেস্ক,২৭ মে': উত্তৰ-পূৱ দিল্লীত কাৰাগাৰৰ পৰা ওলাই অহা এগৰাকী কয়েদীক বিশাল আদৰণি (Grand Welcome to an Inmate)। চাৰি ঘণ্টাৰ বাবে কাৰাগাৰৰ পৰা পেৰোলত মুকলি হৈ অহা কয়েদীক স্থানীয় লোকে জনালে বিশাল আদৰণি । সম্প্ৰতি এটা ভিডিঅ'ই সামাজিক মাধ্যমত খলকনিৰ সৃষ্টি কৰিছে ।

এয়া কোনো বলীউডৰ কাহিনী নহয় । উত্তৰ-পূৱ দিল্লীৰ ঘটনা । ২০২০ চনৰ উত্তৰ-পূব দিল্লীৰ সংঘৰ্ষৰ (North East Delhi Riots) অভিযুক্ত শ্বাহৰুখ পাঠানে শেহতীয়াকৈ তেওঁৰ অসুস্থ পিতৃৰ খবৰ ল'বলৈ পেৰোলত মুকলি হৈ আহিছে । বাসস্থানত উপস্থিত হোৱাৰ লগে লগে শ্বাহৰুখ পাঠানক (North East Delhi Riots accuse Shahrukh Pathan) স্থানীয় লোকসকলে যিধৰণে আদৰণি জনালে সেই দৃশ্য দেখি হতবাক বহু লোক ।

যেন নায়কৰহে আগমন ঘটিছে অঞ্চলটোত । উত্তৰ-পূব দিল্লীৰ সংঘৰ্ষত এগৰাকী আৰক্ষীক বন্দুক দেখুওৱাৰ অভিযোগ আছে শ্বাহৰুখ পাঠানৰ বিৰুদ্ধে । সংঘৰ্ষ আৰু ধৰ্মীয় শত্ৰুতা বৃদ্ধিৰ অভিযোগ উত্থাপন কৰাৰ পিছতে শ্বাহৰুখ পাঠানক আদালতে কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল । বিগত সপ্তাহত শ্বাহৰুখ পাঠানক তেওঁৰ অসুস্থ পিতৃক চাবলৈ মানৱীয় ভিত্তিত তিহাৰ কাৰাগাৰৰ পৰা চাৰি ঘণ্টাৰ পেৰোল প্ৰদান কৰা হৈছিল ।

ইফালে সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ'টোত শ শ সমৰ্থক আৰু তেওঁৰ চুবুৰীয়াসকলক তেওঁৰ পিছফালে সমবেত হোৱা দেখা গৈছে । আনহাতে ঘৰলৈ যোৱাৰ সময়ত লোকসকলে তেওঁক অনুসৰণ কৰাৰ লগতে আনন্দ উল্লাস কৰা আৰু হুইচেল বজোৱা দেখা গৈছে । আন এটা ভিডিঅ'ত, আৰক্ষীৰ দলটোৱে তেওঁক কাৰাগাৰলৈ লৈ যোৱাৰ সময়ত পাঠানে উল্লাসিত জনতাৰ ফালে হাত জোকাৰি থকা দেখা গৈছে ।

উল্লেখ্য যে দিল্লীৰ সাম্প্ৰদায়িক সংঘৰ্ষত (North East Delhi Communal clashes) ৫০ জনতকৈও অধিক লোকৰ মৃত্যু হৈছিল আৰু প্ৰায় ৭০০ গৰাকী লোক আহত হৈছিল । ২৩ ফেব্ৰুৱাৰীৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ এই সংঘৰ্ষ চলিছিল ।

লগতে পঢ়ক :কাৰৱাৰ নৌসেনা ঘাটিত ৰাজনাথ সিঙৰ যোগাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.