ETV Bharat / bharat

Labour shot dead, কাশ্মীৰত সন্দেহজনক সন্ত্ৰাসবাদীৰ গুলীত নিহত বিহাৰৰ শ্ৰমিক

author img

By

Published : Aug 12, 2022, 8:54 AM IST

Updated : Aug 13, 2022, 12:08 PM IST

কাশ্মীৰত পুনৰ হিংসাত্মক ঘটনা ৷ বন্দিপোৰা জিলাৰ আজাছ সোণাৱাৰী অঞ্চলত সন্দেহযুক্ত উগ্ৰপন্থীয়ে বিহাৰৰ এজন ১৯ বছৰীয়া শ্ৰমিকক হত্যা কৰে (Labour from Bihar killed in Kashmir)। আৰক্ষীয়ে নিহত শ্ৰমিকজনক বেছাৰ বিহাৰৰ নিবাসী মহম্মদ জলিলৰ পুত্ৰ মহম্মদ আমৰিজ বুলি চিনাক্ত কৰিছে ।

Labour shot dead
Labour shot dead

নিউজ ডেস্ক, 12 আগষ্ট: যোৱা নিশা উত্তৰ কাশ্মীৰৰ বন্দিপোৰা জিলাৰ আজাছ সোণাৱাৰী অঞ্চলত সন্দেহযুক্ত উগ্ৰপন্থীয়ে বিহাৰৰ এজন ১৯ বছৰীয়া শ্ৰমিকক হত্যা কৰে (Non local labour killed by suspected militants)। আৰক্ষী সূত্ৰই জনোৱা মতে, সৌদনাৰা আজস সোণাৱৰীত সন্দেহযুক্ত উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰা শ্ৰমিকজন বিহাৰৰ মহম্মদ আমৰিজ ।

আৰক্ষীৰ তথ্য মতে, আমৰিজক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু চিকিৎসকে তেওঁক শ্ৰীনগৰ হাস্পতাললৈ স্থানান্তৰ কৰে যদিও বাটতে তেওঁৰ মৃত্যু হয় । বেচৰকাৰী কৰ্মীজনৰ মৃত্যুৰ লগে লগে নিৰাপত্তাৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰি তালাচী অভিযান আৰম্ভ কৰে ।

তেওঁ লগতে কয় যে, মৃত বহিঃৰাজ্যৰ শ্ৰমিকজনে কাশ্মীৰত বিচনা বনোৱাৰ কাম কৰিছিল (Labour from Bihar killed in Kashmir) । আৰক্ষীয়ে নিহত শ্ৰমিকজনক বেছাৰ বিহাৰৰ নিবাসী মহম্মদ জলিলৰ পুত্ৰ মহম্মদ আমৰিজ বুলি চিনাক্ত কৰিছে ।

উল্লেখ্য যে, বুধবাৰে নিশা ৰাজৌৰীৰ দৰহাল অঞ্চলৰ পাৰগালত থকা সেনা শিবিৰৰ বেৰ পাৰ হ’বলৈ চেষ্টা কৰিছিল কোনো লোকে । তেতিয়াই সংঘটিত হয় গুলীচালনাৰ ঘটনা । সেনাৰ তথ্য অনুসৰি প্ৰাৰম্ভিক গুলীচালনাত সেনাবাহিনীৰ তিনিজন জোৱানে প্ৰাণ হেৰুৱাই আৰু দুজন আহত হয় (Three army jawans martyred in Kashmir firing) । আহত এজনৰ অৱস্থা সংকটজনক ৷ আনহাতে, গুলীয়াগুলীৰ ঘটনাত দুজন সন্ত্ৰাসবাদী নিহত হোৱাৰ তথ্য পোৱা গৈছে (Two militants killed on encounter in Kashmir) ৷

লগতে পঢ়ক: Firing in Jammu Kashmir: কাশ্মীৰত গুলীয়াগুলীত তিনি সেনা জোৱান শ্বহীদ, নিহত দুই সন্ত্ৰাসবাদী

Last Updated :Aug 13, 2022, 12:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.