ETV Bharat / bharat

ASI Survey of Gyanvapi Mosque Complex : জ্ঞানবাপী মছজিদ চৌহদৰ জৰীপত ২৬ জুলাইলৈকে স্থগিতাদেশ ছুপ্ৰিম কোৰ্টৰ

author img

By

Published : Jul 24, 2023, 1:11 PM IST

ASI Survey of Gyanvapi Mosque Complex
ASI Survey of Gyanvapi Mosque Complex

২৬ জুলাইলৈকে জ্ঞানবাপী মছজিদ চৌহদত কোনো এএছআই জৰীপ কৰা নহ'ব ৷ সোমবাৰে এক আদেশত উচ্চতম ন্যায়ালয়ে এই কথা কৈছে ।

নিউজ ডেস্ক, ২৪ জুলাই : সোমবাৰৰ পৰা আৰম্ভ হোৱা জ্ঞানবাপী মছজিদ চৌহদৰ জৰীপত স্থগিতাদেশ দেশৰ সৰ্বোচ্চ ন্য়ায়ালয়ৰ । উচ্চতম ন্যায়ালয়ে এক নিৰ্দেশত সোমবাৰে কয় যে ২৬ জুলাইলৈকে জ্ঞানবাপী মছজিদ চৌহদত কোনো এএছআই জৰীপ কৰা নহ'ব ৷ শীৰ্ষ ন্যায়ালয়ে লগতে কৈছে যে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ ২৬ জুলাইলৈকে বলৱৎ কৰা নহ'ব ৷ ইয়াৰ মাজতে মছজিদ সমিতিয়ে উচ্চ ন্যায়ালয়লৈ যাব ।

উচ্চতম ন্যায়ালয়ে জ্ঞানবাপী মছজিদ পৰিচালনা সমিতিক মছজিদ চৌহদৰ এএছআই জৰীপৰ ওপৰত বাৰাণসী জিলা আদালতৰ নিৰ্দেশৰ বিৰুদ্ধে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ কৈছে ।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি জ্ঞানবাপী মছজিদ গোচৰত হিন্দু পক্ষক প্ৰতিনিধিত্ব কৰি বিষ্ণু শংকৰ জৈনে কয়, "উচ্চতম ন্যায়ালয়ৰ সন্মুখত অঞ্জুমক প্ৰত্যাহ্বান জনোৱাৰ অনুমতি দিবলৈ মছজিদ চৌহদৰ জৰীপৰ ওপৰত বাৰাণসী আদালতৰ আদেশৰ কাৰ্যকৰীকৰণৰ ওপৰত উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ প্ৰদান কৰিছে ।"

আনহাতে, উচ্চতম ন্যায়ালয়ে জ্ঞানবাপী মছজিদ চৌহদৰ এএছআই জৰীপত ২৬ জুলাইৰ সন্ধিয়া ৫ বজালৈকে স্থগিতাদেশ দিয়াৰ পিছত বাৰাণসীৰ জিলা ন্যায়াধীশে কয়, "আমি আদালতৰ নিৰ্দেশ মানি চলিম ।"

ইয়াৰ পূৰ্বে সোমবাৰে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপৰ (এএছআই) দলটোৱে উত্তৰ প্ৰদেশৰ বাৰাণসীৰ জ্ঞানৱাপী মছজিদত উপস্থিত হৈ কাশী বিশ্বনাথ মন্দিৰৰ কাষত থকা মছজিদ চৌহদৰ বৈজ্ঞানিক জৰীপ আৰম্ভ কৰে ।

বাৰাণসী আদালতে শুকুৰবাৰে জ্ঞানবাপী মছজিদ চৌহদৰ এএছআই জৰীপ কৰাৰ নিৰ্দেশ দিয়ে । অৱশ্যে এই জৰীপৰ পৰা 'অজুখানা' এলেকাটো বাদ দিয়াৰো নিৰ্দেশ দিয়া হৈছিল ।

উল্লেখ্য যে, ১৪ জুলাইত হিন্দু পক্ষৰ অধিবক্তা বিষ্ণু শংকৰ জৈনে এই বিষয়ক লৈ জিলা ন্যায়াধীশৰ আদালতত বৈজ্ঞানিক জৰীপৰ বাবে আবেদন দাখিল কৰে । আবেদনখনত কোৱা হৈছে যে এই ঠাইখিনি 'লাখ লাখ মানুহৰ আৱেগৰ সৈতে জড়িত' । লগতে তেওঁ দাবী কৰে যে, মছজিদ চৌহদৰ পশ্চিম দেৱালত মন্দিৰৰ 'অৱশিষ্ট' দেখা গৈছে ৷

ইফালে জিলা ন্যায়াধীশ আদালতৰ নিৰ্দেশৰ পিছতে কাশী বিশ্বনাথ মন্দিৰৰ কাষত অৱস্থিত জ্ঞানবাপী মছজিদটো মন্দিৰৰ ওপৰত নিৰ্মাণ কৰা হৈছেনে নাই সেইটো নিৰ্ণয় কৰিবলৈ দেওবাৰে ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপৰ এটা দল উক্ত স্থানত উপস্থিত হয় । বাৰাণসী জিলা দণ্ডাধীশ এছ ৰাজলিংগমে এই সন্দৰ্ভত দেওবাৰে কয় যে, সোমবাৰৰ পৰা জৰীপ আৰম্ভ কৰিব বুলি এএছআয়ে তেওঁলোকক অৱগত কৰিছে । আনহাতে, সোমবাৰে পুৱাৰে পৰা এএছআয়ে জৰীপৰ কাম আৰম্ভ কৰিছিল ।

লগতে পঢ়ক : Varanasi Gyanvapi mosque: জ্ঞানবাপী মছজিদত ASI ৰ বিজ্ঞানসন্মত জৰীপ আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.