ETV Bharat / bharat

এনএলএফটি (পিডি) প্ৰধান পৰিমল দেৱবৰ্মা গ্ৰেপ্তাৰ

author img

By

Published : Mar 14, 2021, 11:07 AM IST

nlft leader parimal debbarma arrested from aizawl
এনএলএফটি (পিডি) প্ৰধান পৰিমল দেৱবৰ্মা গ্ৰেপ্তাৰ

একাংশ সহযোগীৰ সৈতে গ্ৰেপ্তাৰ হৈছে এনএলএফটি (পিডি) প্ৰধান পৰিমল দেৱবৰ্মা ৷ ত্ৰিপুৰা আৰক্ষীৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত মিজোৰাম আৰক্ষীয়ে আইজলৰ পৰা দেৱবৰ্মাক গ্ৰেপ্তাৰ কৰে ৷ দেৱবৰ্মাক আনিবলৈ মিজোৰামলৈ বুলি ৰাওনা ত্ৰিপুৰা আৰক্ষীৰ এটা দল ৷

আগৰতলা, 14 মাৰ্চ: ৰাজ্যৰ বাকী থকা বিদ্ৰোহী সংগঠন সমূহ নিস্ক্ৰিয় কৰাৰ ক্ষেত্ৰত ত্ৰিপুৰা আৰক্ষীয়ে এক বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে ৷ অন্যান্য সহযোগী সকলৰ সৈতে এনএলএফটি (পিডি) প্ৰধান পৰিমল দেৱবৰ্মা আইজলত গ্ৰেপ্তাৰ হোৱা ঘটনাক ত্ৰিপুৰা আৰক্ষীৰ এক বৃহৎ সফলতা হিছাপে গণ্য কৰা হৈছে ৷

মিজোৰাম আৰক্ষীয়ে আইজলৰ পৰা দেৱবৰ্মাক গ্ৰেপ্তাৰ কৰে

প্ৰাপ্ত তথ্য অনুসৰি ত্ৰিপুৰা আৰক্ষীৰ ডিজিপি ভিএছ যাদৱে শনিবাৰে প্ৰদান কৰা তথ্যৰ ভিত্তিত আইজৱৰ পৰা মিজোৰাম আৰক্ষীয়ে পৰিমল দেৱবৰ্মাৰ লগতে তেঁওৰ সহযোগী সকলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ডিজিপি যাদৱে সংবাদ মাধ্যমক এই কথাও জানিবলৈ দিয়ে যে, ৰাজ্যখনৰ এটা ৰাষ্ট্ৰীয় দলে ত্ৰিপুৰা ট্ৰাইবেল এৰিয়া অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল (টিটিএএডিচি) ৰ নিৰ্বাচনক প্ৰভাৱিত কৰাৰ লক্ষেৰে এনএলএফটি আল্ট্ৰাৰ সৈতে গোপন সম্পৰ্ক ৰক্ষা কৰি আহিছে ৷

ডিজিপি গৰাকীয়ে জানিবলৈ দিয়া মতে 11 মাৰ্চত দেৱবৰ্মা আইজল চহৰলৈ গৈছিল আৰু এনএলএফটিৰ সৈতে সংযুক্ত হৈ থকা আৰক্ষীৰ এক সূত্ৰই এই তথ্য প্ৰকাশ কৰিছিল ৷ তেঁওক মিজোৰামলৈ বুলি আনিবৰ বাবে আৰক্ষীৰ এটা দল মিজোৰামলৈ ৰাওনা হৈছে বুলি জানিবলৈ দি ভিএছ যাদৱে কয় যে, তেঁওৰ হাতত আহি পৰা তথ্যৰ ভিত্তিত তেঁও মিজোৰামৰ ডিজিপিৰ সৈতে কথা পাতে আৰু সমূহীয়া প্ৰচেষ্টাত শনিবাৰে ৰাতিপুৱা আইজলত মিজোৰাম আৰক্ষীয়ে আইজলত দেৱবৰ্মাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ গ্ৰেপ্তাৰৰ পাছত দেৱবৰ্মাক মিজোৰাম আৰক্ষীয়ে আদালতত হাজিৰ কৰা বুলি জানিবলৈ দি যাদৱে কয় যে, বিগত তিনি চাৰি মাহৰ পৰা আৰক্ষীয়ে তেঁওলোকৰ গতিবিধি সম্পৰ্কে তথ্য লাভ কৰিছিল ৷

প্ৰাপ্ত তথ্য অনুসৰি বৰ্তমান এনএলএফটিয়ে তেঁওলোকৰ গোপন ঠাই হিছাপে অসম মিজোৰাম সীমান্ত আৰু বাংলাদেশক নিৰ্বাচন কৰি লৈছে আৰু আৰক্ষী তথা সীমান্ত সুৰক্ষা বাহিনীৰ পৰা বাচিবলৈ তেঁওলোকে ইঠাইৰ পৰা সিঠাইলৈ স্থান সলনি কৰি থাকে ৷

লগতে পঢ়ক: আইজলত ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ'ল 8 টা বাসগৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.