ETV Bharat / bharat

NIA raid : জম্মু-কাশ্মীৰৰ একাধিক স্থানত NIA-ৰ তালাচী অভিযান

author img

By

Published : Jun 20, 2022, 2:13 PM IST

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (National Investigation Agency) সোমবাৰে জম্মু-কাশ্মীৰৰ একাধিক স্থানত তালাচী অভিযান চলায় (NIA Raid in Jammu-Kashmir)। চলিত বছৰৰ ১১ মাৰ্চত পুলৱামাৰ ডাৰাছগড়ত নিৰাপত্তা বাহিনীৰ ওপৰত হোৱা আক্ৰমণ সম্পৰ্কীয় এটা গোচৰৰ সন্দৰ্ভত এই অভিযান চলোৱা হয় ।

nia-searches-multiple-places-at-j-and-k-in-terror-attack-case
জম্মু-কাশ্মীৰৰ একাধিক স্থানত NIA-ৰ তালাচী অভিযান

শ্ৰীনগৰ, ২০ জুন : ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ NIA-ই (National Investigation Agency) সোমবাৰে জম্মু-কাশ্মীৰৰ একাধিক স্থানত সন্ত্ৰাসবাদী আক্ৰমণৰ এক গোচৰত তালাচী অভিযান চলায় (NIA Raid in Jammu-Kashmir)। সূত্ৰত এই কথা প্ৰকাশ। মুখ্যত দক্ষিণ কাশ্মীৰৰ সন্দেহযুক্ত লোকৰ স্থানত জম্মু-কাশ্মীৰ আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ (Central Reserve Police Force) জোৱানৰ সহায়ত এই অভিযান চলোৱা হয় ৷

সূত্ৰ মতে, চলিত বছৰৰ ১১ মাৰ্চত পুলৱামাৰ ডাৰাছগড়ত নিৰাপত্তা বাহিনীৰ ওপৰত হোৱা আক্ৰমণ সম্পৰ্কীয় এটা গোচৰৰ সন্দৰ্ভত এই অভিযান চলোৱা হয় । NIA-ৰ চোৰাংচোৱাসকলে গোচৰটোৰ সন্দৰ্ভত সোধাপোছাৰ বাবে কেইবাজনো সন্দেহজনক লোকক আটক কৰা বুলি জানিব পৰা গৈছে ।

কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ চাৰিটা স্থানত এই অভিযান চলায় (NIA conducted raids at four places)। তাৰে ভিতৰত আছে বাৰামুলাৰ (Baramulla) তিনিটা স্থান আৰু হাণ্ডৱাৰা জিলাৰ (Handwara District) এটা স্থান । নিয়ন্ত্ৰণৰেখাৰ (Line of Control) সিপাৰৰ পৰা বাণিজ্য আৰু সন্ত্ৰাসবাদীক ধন যোগানৰ গোচৰ সন্দৰ্ভত এই অভিযান চলোৱা হয় (LoC Trade and terror financing case)। জম্মু-কাশ্মীৰ আৰু পাক অধিকৃত কাশ্মীৰৰ মাজত নিয়ন্ত্ৰণৰেখাৰ সিপাৰৰ পৰা বাণিজ্যৰ জৰিয়তে অতিৰিক্ত লাভ অৰ্জন আৰু জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী কাৰ্যকলাপ সৃষ্টিৰ বাবে পুঁজি ব্যৱহাৰ কৰা সম্পৰ্কীয় এই গোচৰটো ।

উল্লেখ্য, ২০০৮ চনত বাৰামুলা জিলাৰ উৰিৰ ছালামাবাদ আৰু পুঞ্চ জিলাৰ চাকান-ডা-বাগত অৱস্থিত দুটা বাণিজ্য সুবিধা কেন্দ্ৰৰ (Trade Facilitation Centres) জৰিয়তে এই বাণিজ্য আৰম্ভ কৰা হৈছিল । কিন্তু অস্ত্ৰ, নিচাজাতীয় সামগ্ৰী আৰু জালনোটৰ চোৰাং সৰবৰাহৰ বাবে সীমান্তৰ সিপাৰৰ পৰা দুষ্কৃতিকাৰীয়ে ইয়াৰ 'অপব্যৱহাৰ' কৰা বুলি অভিযোগ উত্থাপন হৈছিল (smuggling weapons, narcotics and fake currency) । যাৰ বাবে ১৬ এপ্ৰিল, ২০১৯ত ভাৰতে জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ (LoC) দুটা স্থানত অনিৰ্দিষ্টকালৰ বাবে সীমান্ত বাণিজ্য স্থগিত ৰাখিছিল ।

১৬ ডিচেম্বৰ, ২০১৬ত গোচৰটো NIA-ই পঞ্জীয়ণ কৰিছিল । উল্লেখ্য, জম্মু অঞ্চলৰ পুঞ্চ জিলাৰ চাকান-ডা-বাগ আৰু উত্তৰ কাশ্মীৰৰ বাৰামুলা জিলাৰ ছালামাবাদত সীমান্ত বাণিজ্যৰ উদ্দেশ্য আছিল জম্মু-কাশ্মীৰ আৰু পাক অধিকৃত কাশ্মীৰৰ (Pakistan-occupied Kashmir) নিয়ন্ত্ৰণ ৰেখাত বাস কৰা জনসাধাৰণৰ মাজত আত্মবিশ্বাস (confidence-building measure) বৃদ্ধি কৰা ।

লগতে পঢ়ক :কাশ্মীৰৰ কুপৱাৰাত নিৰাপত্তাৰক্ষীৰ এনকাউণ্টাৰত নিহত 2 সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.