ETV Bharat / bharat

NIA Major Crackdown : পঞ্জাবকে ধৰি ৬ ৰাজ্যৰ ৭৬ স্থানত NIAৰ অভিযান

author img

By

Published : May 17, 2023, 12:50 PM IST

মঙলবাৰে NIA-ই পঞ্জাব, হাৰিয়ানাকে ধৰি ছয় ৰাজ্যৰ বিভিন্ন গেংষ্টাৰৰ ঘৰত তালাচী অভিযান চলায় । সন্ত্ৰাসবাদীৰ পুঁজিৰ অনুসন্ধানত এই অভিযান । পাকিস্তান আৰু কানাডাৰ দৰে বিদেশী সন্ত্ৰাসবাদী গোট আৰু ড্ৰাগছৰ চোৰাং ব্যৱসায়ীৰ সৈতে কাম কৰা গেংষ্টাৰসকলৰ বিৰুদ্ধে চলোৱা এই অভিযান মুঠ 76 টা স্থানত চলোৱা হয় (NIA raids in 76 sites) ।

NIA Major Crackdown
NIA Major Crackdown

নিউজ ডেস্ক, ১৭ মে' : সন্ত্ৰাসবাদীৰ পুঁজিৰ অনুসন্ধানত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (National Investigation Agency, NIA) মঙলবাৰে পঞ্জাব, হাৰিয়ানাকে ধৰি আন ছয়খন ৰাজ্যৰ বিভিন্ন গেংষ্টাৰৰ ঘৰত তালাচী অভিযান চলায় (NIA raids in 6 states) । পাকিস্তান আৰু কানাডাৰ দৰে দেশত সক্ৰিয় সন্ত্ৰাসবাদী গোট আৰু ড্ৰাগছৰ চোৰাং ব্যৱসায়ীসকলৰ সৈতে একেলগে কাম কৰা এই গেংষ্টাৰসকলৰ বিৰুদ্ধে NIAয়ে এই অভিযান চলায় (NIA raids against gangstars all over India) । মুঠ 76 টা স্থানত চলোৱা এই অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰৰ লগতে ২.৩ কোটি টকা নগদ ধন জব্দ কৰে (NIA raids in 76 sites all over India) । NIAৰ এনে ধাৰাবাহিক অভিযানবোৰৰ ভিতৰত এইটো আছিল পঞ্চম অভিযান ।

পঞ্জাবত ভাতিণ্ডা, মোখচৰ, মোগা, ফাজিলকাত, লুধিয়ানা, মোহালি, ফিৰোজপুৰ, তৰণ তৰণ, ফৰিদকোট, চাংৰুৰ আৰু জলন্ধৰ জিলাত এই অভিযান চলোৱা হয় (NIA raids in Punjab) । আনহাতে, হাৰিয়ানাত চলোৱা অভিযানসমূহৰ ভিতৰত গুৰুগ্ৰাম, যমুনানগৰ, ৰোহতক, মহেন্দ্ৰগড়, চিৰচা আৰু ঝাজ্জৰ জিলা অন্যতম । এই অভিযানসমূহত এটা অভিযান কানাডাস্থিত অৰ্শদীপ সিং 'আৰ্শ দাল্লা'ৰ সৈতে সম্পৰ্কিত আছিল ৷ উল্লেখ্য যে অৰ্শদীপ সিঙক কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৯ জানুৱাৰীত সন্ত্ৰাসবাদী ঘোষণা কৰিছিল (NIA Major Crackdown) ।

মোগা জিলাৰ দাল্লা গাঁৱৰ এই গেংষ্টাৰজন হৈছে 'ম'ষ্ট ৱাণ্টেড'সকলৰ ভিতৰত এজন আৰু তেওঁৰ একাধিক অপৰাধৰ তালিকাত ফোন কলৰ জৰিয়তে ধন দাবী কৰাৰ তথ্য আছে । তেওঁৰ জন্মস্থানৰ ঘৰ দীৰ্ঘদিন ধৰি বন্ধ হৈ আছে, কিয়নো তেওঁৰ পৰিয়ালে ইতিমধ্যে ভাৰতৰ পৰা প্ৰব্ৰজন কৰিছে ।

NIAৰ দলে পঞ্জাবৰ ভাতিণ্ডা, মোখচৰ, ফৰিদকোট আৰু ফিৰোজপুৰ জিলাত গেংষ্টাৰ ৰামমি মাচানাৰ বিৰুদ্ধে তালাচী অভিযান চলায় আৰু মোখচৰ জিলাৰ লাম্বিৰ ওচৰৰ এজন গাঁওবাসীক এখন ধনদাবী কৰা ছীম কাৰ্ড ৰখাৰ বাবে আটক কৰে । আন এটা দলে সুৰা ব্যৱসায়ী ৰবীন্দ্ৰ মালিকৰ বাসগৃহতো তালাচী চলায় আৰু ৰোহতকৰ অপৰাধী হিমাংশু ভাউক জিম্মাত লয় । অভিযানৰ সময়ত মালিক ঘৰত উপস্থিত নাছিল । কিন্তু NIAৰ দলে তেওঁৰ পৰিয়ালৰ সদস্যসকলক সোধা-পোছা কৰে ।

সূত্ৰত প্ৰকাশ কৰা হৈছে যে ৰবীন্দ্ৰ দিল্লীৰ এজন সুৰা ব্যৱসায়ী আৰু NIAয়ে পূৰ্বতে তেওঁৰ বাসগৃহত তালাচী চলাইছিল । ঘোষিত অপৰাধী হিমাংশু ওৰফে ভাউৰ ওপৰত হাৰিয়ানা আৰক্ষীয়ে ইতিমধ্যেই ১ লাখ টকাৰ পুৰষ্কাৰ ঘোষণা কৰি থৈছে আৰু হত্যা আৰু অস্ত্ৰ আইনৰ দৰে গুৰুতৰ অপৰাধত তেওঁৰ অনুসন্ধান চলাই থকা হৈছে । তেওঁ বিদেশলৈ পলাই যোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ।

NIAৰ মতে, গিদ্দাৰবাহাৰ (মোখচৰ, পঞ্জাব) লাখবীৰ সিঙৰ চৌহদত, আবোহাৰত নৰেশ (ফাজিলকা, পঞ্জাব), নাৰনাউলত সুৰেন্দ্ৰ ওৰফে চিকু (মহেন্দ্ৰগড়, হাৰিয়ানা), কৌশল চৌধুৰী আৰু অমিত ডাগৰ (গুৰুগ্ৰাম) ঘৰতো তালাচী চলোৱা হৈছিল ।

আনহাতে, কিছু হাৱালা অপাৰেটৰ, কাবাডী খেলুৱৈ, অস্ত্ৰ সৰবৰাহকাৰী, ব্যৱসায়ী আৰু তেওঁলোকৰ অভিযুক্ত ধন সৰবৰাহকাৰীসকলৰ ঘৰতো তালাচী চলায় । ইয়াৰ পূৰ্বে NIAয়ে ফাজিলকা জিলাৰ দুতানৱালী গাঁৱত গেংষ্টাৰ লৰেন্স বিষ্ণোই আৰু মোখচৰত গেংষ্টাৰ গোল্ডি ব্ৰাৰৰ গুদামত তালাচী চলাইছিল । পঞ্জাব আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰা মতে, NIAয়ে অভিযানৰ বিতং তথ্য প্ৰকাশ কৰা নাই যদিও আৰক্ষীয়ে ড্ৰাগছ থকা অঞ্চলবোৰত অসামাজিক উপাদান আৰু ড্ৰাগছ ব্যৱসায়ীসকলৰ বিৰুদ্ধে তালাচী অভিযান চলায় । উল্লেখ্য, উক্ত অঞ্চলবোৰত সঘনাই ড্ৰাগছ সৰবৰাহৰ অভিযোগ আছিল ।

উল্লেখ্য যে ২০২২ চনৰ আগষ্ট মাহত NIA-ই তিনিটা গোচৰ ৰুজু কৰিছে আৰু কেইজনমান কাবাডী খেলুৱৈকে ধৰি কেইবাজনো লোকক সন্ত্ৰাসবাদী আৰু অন্যান্য কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত চিনাক্ত কৰা হৈছে । ইয়াৰ ভিতৰত আছে আগশাৰীৰ ব্যৱসায়ী আৰু অন্যান্য ব্যক্তিক লক্ষ্য কৰি ধনদাবীৰ অভিযোগ আছে ।

অনুসন্ধানত প্ৰকাশ পাইছিল যে যোৱা বছৰ পঞ্জাবত আন্তৰ্জাতিক কাবাডী সংগঠক সন্দীপ নাংগল আম্বিয়াৰ হত্যাৰ দৰে ষড়যন্ত্ৰমূলক অপৰাধবোৰ বিভিন্ন ৰাজ্যৰ কাৰাগাৰত পৰিকল্পনা কৰা হৈছিল আৰু বিদেশৰ এক সংগঠিত নেটৱৰ্কে হত্যাকাণ্ড সংঘটিত কৰিছিল ।

লগতে পঢ়ক :Junmoni Rabha: ৰহস্যৰ আৱৰ্তত জোনমণি ৰাভাৰ মৃত্যু; হত্যা, আত্মহত্যা নে দুৰ্ঘটনা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.