ETV Bharat / bharat

NIA against Khalistani terrorists: পাঁচ খালিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে 15 লাখ টকাৰ ঘোষণা NIA ৰ

author img

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 10:11 PM IST

ভাৰতত সক্ৰিয় হৈ থকা খালিস্তানি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এক বৃহৎ অভিযান আৰম্ভ কৰি ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই বুধবাৰে পাঁচ খালিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে দহ লাখ আৰু পাঁচ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰে।

পাঁচ খালিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে 15 লাখ টকাৰ ঘোষণা NIA ৰ
পাঁচ খালিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে 15 লাখ টকাৰ ঘোষণা NIA ৰ

নেশ্যনেল ডেস্ক, 20 ছেপ্টেম্বৰ : খালিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা অথবা NIA ৷ ভাৰতত সক্ৰিয় হৈ থকা খালিস্তানি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এক বৃহৎ অভিযান আৰম্ভ কৰি ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই বুধবাৰে পাঁচ খালিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে দহ লাখ আৰু পাঁচ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰে। NIA এ উল্লেখ কৰে যে, 'দুধৰ্ষ সন্ত্ৰাসবাদী' হৰৱিন্দৰ সিং সন্ধু ওৰফে ৰিন্দা আৰু লাখবীৰ সিং সন্ধু ওৰফে লাণ্ডাক গ্ৰেপ্তাৰ কৰিবলৈ তথ্য প্ৰদান কৰাৰ বাবে 10 লাখ টকা প্ৰদান কৰা হ’ব ৷ এই দুধৰ্ষ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতত বব্বৰ খালসা ইণ্টাৰনেশ্যনেল (বিকেআই)ৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ প্ৰচাৰ কৰাৰ অভিযোগ আছে ৷

এই সন্ত্ৰাসবাদীকেইটাৰ আন তিনিজন সহযোগী, পৰমিন্দৰ সিং কাইৰা ওৰফে পাট্টু, সতনাম সিং ওৰফে সতবীৰ সিং ওৰফে সত্তা আৰু যদভিন্দৰ সিং ওৰফে য়াড্ডাৰ তথ্য প্ৰদান কৰোঁতাক NIA ৰ দ্বাৰা 5 লাখ টকাৰ নগদ পুৰস্কাৰ প্ৰদান কৰা হ’ব ৷ ভাৰতৰ শান্তি আৰু সাম্প্ৰদায়িক সম্প্ৰীতিক বিঘ্নিত কৰা আৰু পঞ্জাৱ ৰাজ্যত সন্ত্ৰাস বিয়পোৱাৰ লক্ষ্যৰে বিকেআইৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ সম্পৰ্কত এনআইএ গোচৰ আৰচি-21/2023/এনআইএ/ডিএলআই অনুসৰি 5 সন্ত্ৰাসবাদীকে বিচাৰি অভিযান চলোৱা হৈছে ৷ এন.আই.এ.-য়ে ইউ.এ. (পি.) আইন, 1967-ৰ ধাৰা 17, 18, 18 বি, 20, 38 আৰু 39 ৰ অধীনত গোচৰটো পঞ্জীয়ন কৰিছিল।

এই 5 সন্ত্ৰাসবাদীৰ দলটোৱে সন্ত্ৰাসবাদী কাৰ্যকলাপ, নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন বিকেআইৰ বাবে পুঁজি সংগ্ৰহ কৰাৰ উপৰিও, পঞ্জাৱলৈ সন্ত্ৰাসবাদীৰ হাৰ্ডৱেৰ আৰু নিচাজাতীয় সামগ্ৰীৰ চোৰাং ব্যৱসায়ৰ জৰিয়তে আৰু লগতে ব্যৱসায়ী আৰু অন্যান্য বিশিষ্ট ব্যক্তিৰ পৰা ব্যাপক পৰিমাণৰ ধন দাবী কৰাৰ অপৰাধত অভিযুক্ত ৷ এনআইএৰ অনুসন্ধান অনুসৰি এই সন্ত্ৰাসবাদীকেইটাই বিকেআইৰ বাবে নতুন সদস্য নিয়োগ কৰি আৰ্থিক লাভালাভৰ প্ৰতিশ্ৰুতি দিছে। দলটোৱে ভাৰতৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাসবাদী কাৰ্যকলাপ আগবঢ়াবলৈ বিভিন্ন দেশত অপাৰেটিভৰ এটা নেটৱৰ্ক স্থাপন কৰিছে।

দলটোৰ সদস্য ৰিন্দা পাকিস্তান-ভিত্তিক 'দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী' আৰু বিকেআইৰ সদস্য। ৰিন্দাই মূলতঃ মহাৰাষ্ট্ৰৰ নান্দেদ জিলাৰ গুৰুদ্বাৰা হুজুৰ চাহিবৰ সচখণ্ডৰ ওচৰৰ গেট নংৰ বাসিন্দা। পঞ্জাৱৰ তৰণ জিলাত ৰিন্দাত এক স্থায়ী ঠিকনাও আছে। লাণ্ডা পঞ্জাৱৰ তৰ্ণ-তৰণ জিলাৰ হৰিকে গাঁৱৰ বাসিন্দা। পৰমিন্দৰ সিং খাইৰা ওৰফে পাট্টু ফিৰোজপুৰ জিলাৰ বাঘেলেৱালাৰ বাসিন্দা। সতনাম সিং তৰণ তৰণৰ নৌচেৰা পান্নুয়ানৰ বাসিন্দা আৰু যদভিন্দৰ সিং তৰণ তৰণৰ চম্বা কলনৰ বাসিন্দা ।

লগতে পঢ়ক: Threat to Assam CM: মুখ্যমন্ত্ৰীলৈ খালিস্তানীয়ে দিয়া ভাবুকিক লৈ অস্তুষ্ট অসমীয়া শিখ সমাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.