Nijjar killed a Hindu priest: খালিস্তানী সন্ত্ৰাসবাদী নিজ্জাৰৰ মূৰৰ দাম ১০ লাখ ঘোষণা NIAৰ

author img

By

Published : Jul 23, 2022, 9:25 AM IST

nia declares a cash reward of rs 10 lakhs on fugitive terrorist hardeep singh nijjar

জলন্ধৰত এজন হিন্দু পুৰোহিতক হত্যা কৰি বৰ্তমানো পলাতক অৱস্থাত খালিস্তানি সন্ত্ৰাসবাদী(Khalistan Tiger Force) হৰদ্বীপ সিং নিজ্জাৰ । নিজ্জাৰক বিচাৰি NIA ৰ তীব্ৰ অভিযান । পলাতক সন্ত্ৰাসবাদীটোৰ বিৰুদ্ধে NIA(National Investigation Agency) ই ঘোষণা কৰিছে ১০ লাখ টকাৰ পুৰস্কাৰ(NIA has announced a reward against Hardeep Singh Nijjar) ।

নেশ্যনেল ডেস্ক,২৩ জুলাই: NIAই খালিস্তানি সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জাৰৰ বিৰুদ্ধে ১০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে । জলন্ধৰত এগৰাকী হিন্দু পুৰোহিতক হত্যা কৰা সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জাৰৰ বাবে NIA(National Investigation Agency)ই পুৰস্কাৰ ঘোষণা কৰে । KTF অৰ্থাৎ খলিস্তান টাইগাৰ ফৰ্চ(Khalistan Tiger Force)ৰ ষড়যন্ত্ৰ নিৰ্মাতা হিচাপে খ্যাত নিজ্জাৰক ৱান্টেড ঘোষণা কৰিছে NIAই(NIA has announced a reward against Hardeep Singh Nijjar) ।

NIAই কয় যে কানাডাস্থিত অভিযুক্ত আৰ্শদীপ সিং আৰু হৰদীপ সিং নিজ্জাৰৰ নিৰ্দেশত অভিযুক্ত কমলজিৎ শৰ্মা আৰু ৰাম সিঙে জলন্ধৰৰ ফিল্লৌৰৰ ভৰ সিং পুৰা গাঁৱত এজন হিন্দু পুৰোহিত কমলদীপ শৰ্মাক আক্ৰমণ কৰি হত্যা কৰিছিল । ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ইয়াৰ পূৰ্বে এই গোচৰটো ২০২১ চনৰ ৩১ জানুৱাৰীত জলন্ধৰ গ্ৰাম্যৰ ফিল্লৌৰ আৰক্ষী থানাত পঞ্জীয়ন কৰা হৈছিল। ২০২১ চনৰ ৮ অক্টোবৰত NIAই গোচৰটো গ্ৰহণ কৰিছিল ।

সু্ত্ৰৰ পৰা জানিব পৰা গৈছে যে পঞ্জাৱৰ বাসিন্দা হৰদীপ সিং নিজ্জাৰে বৰ্তমান কানাডাত বাস কৰি আছে । ভাৰত বিৰোধী কাৰ্যকলাপ চলোৱাত নিজ্জাৰ সিদ্ধহস্ত । কানাডাত বাস কৰি থাকোতে নিজ্জাৰে পঞ্জাৱকে ধৰি আন বহুতো ৰাজ্যত হিন্দু আৰু খালিস্তানি বিৰোধী সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাইছিল । হৰদীপ সিং নিজ্জাৰৰ বিৰুদ্ধে হত্যাৰ ক্ষেত্ৰত পঞ্জাৱ আৰু NIA ৰ মুখ্য কাৰ্যালয়তো কেইবাটাও গোচৰ ৰুজু কৰা হৈছে । পঞ্জাৱত ৩ টা সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতেও সাঙোৰ খাই আছে নিজ্জাৰৰ নাম ।

লগতে পঢ়ক: Lalu Prasad Yadav Discharged From AIIMS: হাস্পতাল এৰিলে লালু প্ৰসাদ যাদৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.