ETV Bharat / bharat

New rail line in Mizoram: অৰ্থনৈতিক আৰু কৌশলগতভাৱে ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ হ’ব মিজোৰামৰ নতুন ৰেল লাইন !

author img

By

Published : Aug 9, 2023, 10:21 PM IST

ৰে’লৱে ব’ৰ্ডে শেহতীয়াকৈ মিজোৰামৰ আইজলৰ পৰা হবিচ্চুৱালৈ নতুন ৰে’লপথৰ বাবে প্ৰথমটো স্থান জৰীপৰ অনুমোদন জনাইছে । এই নতুন ৰে’ল লাইনটো যেতিয়া কাৰ্যক্ষম হ’ব, তেতিয়া অৰ্থনীতি আৰু কৌশল দুয়োটা দিশতে ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ হ’ব । এই সন্দৰ্ভত ইটিভি ভাৰতৰ অৰুণিম ভূঞাৰ প্ৰতিবেদন...

New rail line in Mizoram
অৰ্থনৈতিক আৰু কৌশলগতভাৱে ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ হ’ব মিজোৰামৰ নতুন ৰেল লাইন

নিউজ ডেস্ক, ৯ আগষ্ট: মিজোৰামৰ আইজলৰ পৰা ম্যানমাৰ সীমান্তৰ ওচৰলৈকে ২২৩ কিলোমিটাৰ দৈৰ্ঘৰ ৰে’লপথৰ বাবে ৰে’লৱে ব’ৰ্ডে অনুমোদন জনোৱাৰ লগে লগে ভাৰতলৈ সামগ্ৰী পৰিবহণৰ খৰচ কম হোৱাৰ লগতে নতুন দিল্লীয়ে বংগোপসাগৰ অঞ্চলত নিজৰ কৌশলগত পদাংক সম্প্ৰসাৰণ কৰিব ।

উত্তৰ-পূব সীমান্ত ৰে’লৱে (এন এফ আৰ) জাৰি কৰা এক বিবৃতি অনুসৰি অঞ্চলটোৰ কৌশলগত গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি ৰে’ল মন্ত্ৰালয়ে এই প্ৰকল্পটো হাতত লোৱাৰ সিদ্ধান্ত লৈছে । ইয়াত উল্লেখ কৰা হৈছে যে, “অঞ্চলটোৰ কৌশলগত গুৰুত্ব আৰু অৰ্থনৈতিক উন্নয়নৰ দিশত বিবেচনা কৰি ৰে’ল মন্ত্ৰালয়ে এই প্ৰকল্পটো গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে ।”

ইয়াৰ দ্বাৰা ভাৰতে নিৰ্মাণ কৰা ম্যানমাৰৰ চিটৱে বন্দৰ সংযোগ কৰা কালাডান মাল্টিম’ডাল ট্ৰেন্সপ’ৰ্ট প্ৰজেক্টত আন এক পৰিবহণ পদ্ধতি যোগ হ’ব । কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ম্যানমাৰৰ উপ-প্ৰধানমন্ত্ৰী তথা কেন্দ্ৰীয় পৰিবহণ আৰু যোগাযোগ মন্ত্ৰী এডমিৰেল টিন আং ছানে যৌথভাৱে চলিত বৰ্ষৰ মে’ মাহত ম্যানমাৰৰ ৰাখাইন ৰাজ্যত চিটৱে বন্দৰটো উদ্বোধন কৰে ।

কালাদান বহুমুখী পৰিবহণ প্ৰকল্পই পশ্চিমবংগৰ হালদিয়া বন্দৰক ম্যানমাৰৰ চিটৱেৰ সৈতে সাগৰীয় পথেৰে সংযোগ কৰে । এই কৰিডৰে কালাডান নদীৰ নাও পথেৰে ম্যানমাৰৰ চিন ৰাজ্যৰ পালেটৱাৰ সৈতে চিটৱেক সংযোগ কৰে । পালেটৱাৰ ইয়াৰ পৰা পথেৰে মিজোৰামৰ সৈতে সংযোগ হয় । নিৰ্মাণৰত জোৰিনপুই-পালেটৱা পথৰ বাহিৰে চিটৱে বন্দৰকে ধৰি প্ৰকল্পটোৰ সকলো উপাদান সম্পূৰ্ণ হৈছে ।

আইজলৰ চাইৰাঙৰ পৰা ম্যানমাৰ সীমান্তৰ সমীপৰ হুবিচ্চুৱালৈ এই নতুন ৰে’ল লাইনটো হ’ব উত্তৰ মিজোৰামৰ বৈৰাবীক আইজলৰ সৈতে সংযোগ কৰা নিৰ্মাণাধীন ৫১.৩৮ কিলোমিটাৰ দৈৰ্ঘৰ ৰে’ল লাইনৰ সম্প্ৰসাৰণ । বৈৰবী মিজোৰামৰ ৰে’ল মুখ্যালয় । চিইউটিএছ ইণ্টাৰনেশ্যনেল থিংক টেংকৰ(CUTS International think tank) সহযোগী সঞ্চালক অৰ্ণৱ গাংগুলীয়ে ইটিভি ভাৰতক কয়, এই আদৰণীয় পদক্ষেপে চিটৱে বন্দৰৰ জৰিয়তে ভাৰত আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ মাজত সংযোগ বৃদ্ধিত সহায় কৰিব । “ইয়াৰ উপৰিও ইয়াৰদ্বাৰা উত্তৰ-পূব ভাৰতক ভাৰতৰ বাকী অংশৰ সৈতে সংযোগ কৰা এটা অতিৰিক্ত পথো প্ৰদান কৰা হ’ব ।”

এই নতুন পদক্ষেপৰ বাণিজ্যিক দৃষ্টিকোণৰ লগতে কৌশলগত দৃষ্টিকোণৰ পৰাও গুৰুত্বপূৰ্ণ প্ৰভাৱ আছে । কিছুমান অনুমান অনুসৰি চিটৱে বন্দৰটো এবাৰ সম্পূৰ্ণৰূপে কাৰ্যক্ষম হ’লে ২০,০০০ টন ওজনৰ জাহাজ (বৰ্তমান ই চম্ভালি থকা ২০০০ৰ পৰা ৩,০০০ টন জাহাজ) চম্ভালিব পাৰিব । পূৰ্বৰ আভ্যন্তৰীণ জলপথ পৰিবহণৰ অধ্যয়ন অনুসৰি জাহাজৰ মাল পৰিচালনা প্ৰতিদিনে সৰ্বাধিক ২০০খন ট্ৰাকৰ সমতুল্য হ’ব ।

তেওঁ আৰু কয়, কালাদান বহুমুখী পৰিবহণ প্ৰকল্পৰ আঁৰৰ ধাৰণাটো মিজোৰামক ম্যানমাৰৰ সৈতে সংযোগ কৰাত সীমাবদ্ধ নহয়, বৰঞ্চ ইয়াত ভাৰতৰ সমৃদ্ধিশালী দক্ষিণ-পূব এছিয়াৰ অৰ্থনীতিসমূহলৈ সম্প্ৰসাৰিত প্ৰসাৰকো সামৰি লোৱা হৈছে । ইয়াৰ উপৰিও ভাৰত বিমষ্টেক (Bay of Bengal Initiative for Multi-Sectoral Technical and Economic Cooperation)ৰ সদস্য হোৱাৰ বাবে অতিৰিক্ত সংযোগ পথসমূহে নিঃসন্দেহে ভাৰতৰ উপস্থিতি আৰু সমৃদ্ধিশালী দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ সৈতে সম্পৰ্ক গভীৰ কৰাত সহায় কৰিব । এই লাইনৰ কাৰ্যক্ষম হোৱাৰ লগে লগে ভাৰতৰ ভৌগোলিকভাৱে আবদ্ধ উত্তৰ-পূব ৰাজ্যসমূহে দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ বজাৰত সহজেই প্ৰৱেশ কৰিব পাৰিব ।”

লগতে পঢ়ক: Gyanvapi Campus ASI Survey : জ্ঞানবাপীত এএছআই জৰীপ বন্ধ কৰিবলৈ পুনৰ আবেদন অঞ্জুমান সমিতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.