ETV Bharat / bharat

Gyanvapi Campus ASI Survey : জ্ঞানবাপীত এএছআই জৰীপ বন্ধ কৰিবলৈ পুনৰ আবেদন অঞ্জুমান সমিতিৰ

author img

By

Published : Aug 9, 2023, 6:49 PM IST

জ্ঞানবাপী চৌহদত চলি থকা এএছআই জৰীপ বন্ধ কৰিবলৈ অঞ্জুমান পৰিচালনা সমিতিয়ে জিলা আদালতত এখন আবেদন দাখিল কৰিছে ।

Gyanvapi Campus ASI Survey
Gyanvapi Campus ASI Survey

নিউজ ডেস্ক, ৯ আগষ্ট : জ্ঞানবাপী চৌহদত ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ চলি থকাৰ সময়তে বুধবাৰে পুনৰ জিলা ন্যায়াধীশৰ আদালতত অঞ্জুমান ব্যৱস্থা সমিতিয়ে নিজৰ অধিবক্তাৰ জৰিয়তে পুৰাতাত্ত্বিক জৰীপ বন্ধ কৰিবলৈ এখন আবেদন দাখিল কৰে । শুনানি দুপৰীয়া ২.৩০ বজাৰ পৰা জিলা ন্যায়াধীশৰ আদালতত অনুষ্ঠিত হৈছে ।

মুছলমান পক্ষই দাখিল কৰা আবেদনত কোৱা হৈছে যে আদালতৰ নিৰ্দেশৰ পিছত অজুখনাৰ বাহিৰে সমগ্ৰ চৌহদৰ জৰীপৰ বাবে এএছআইক কোনো লেখ জাৰি কৰা হোৱা নাই । আনহাতে, প্ৰতিবাদীক জৰীপৰ বিষয়ে কোনো লিখিত বা মৌখিক তথ্যও দিয়া হোৱা নাই । বাদীসকলে এছআইৰ জৰীপৰ বাবে প্ৰয়োজনীয় ব্যয়ৰ বাবে আগধন হিচাপেও কোনো ধন জমা কৰা নাছিল । কিন্তু ইয়াৰ দাবী কৰাৰ পিছত এইটো বাধ্যতামূলক আছিল । ইয়াৰ বিপৰীতে নিয়ম উলংঘা কৰি এই জৰীপ ৮ আগষ্টলৈকে চলি আছে । বাদীসকলক এএছআইৰ জৰীপৰ বাবে অনুৰোধ জনাবলৈও কোনো নিৰ্দেশ দিয়া হোৱা নাছিল । মুছলিম পক্ষৰ তৰফ পৰা জ্ঞানবাপী জৰীপত মিডিয়া ক'ভাৰেজ নিষিদ্ধ কৰাৰ আবেদনো অন্তৰ্ভুক্ত আছে ।

উল্লেখযোগ্য যে জ্ঞানবাপী মছজিদৰ চৌহদত প্ৰত্নতাত্বিক জৰীপ চলাবলৈ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ পোৱাৰ পিচতে যোৱা বৃহস্পতিবাৰে বাৰাণসীত ইয়াৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা হয় । শুকুৰবাৰে পুৱা ৭ বজাৰ পৰা বাৰাণসী প্ৰশাসন আৰু আৰক্ষীৰ সহযোগত ASI-য়ে জ্ঞানবাপী চৌহদত জৰীপ প্ৰক্ৰিয়া আৰম্ভ কৰে ।

বৃহস্পতিবাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ে জ্ঞানবাপী চৌহদৰ ASI জৰীপৰ নিৰ্দেশ দিয়ে । ২১ জুলাইত দেৱানী আদালতৰ নিৰ্দেশৰ পিচত ২৪ জুলাইত জৰীপ আৰম্ভ কৰা হয় যদিও উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত স্থগিত ৰখা হয় । ২৭ জুলাইত উচ্চ ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হয় আৰু বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ে এই বিষয়ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত দি জৰীপ প্ৰক্ৰিয়া অব্যাহত ৰখাৰ নিৰ্দেশ দিয়ে । আদালতে দুয়োপক্ষকে এই নিৰ্দেশ মানি চলিবলৈ নিৰ্দেশ প্ৰদান কৰে ।

লগতে পঢ়ক :Gyanvapi Survey: জ্ঞানৱাপী মন্দিৰৰ জৰীপত কি কি পাইছে পুৰাতত্ত্বৰ জৰীপকাৰী দলে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.