ETV Bharat / bharat

দুখনকৈ ৰাজ্যৰ নৱ-নিৰ্বাচিত মুখ্যমন্ত্ৰীয়ে বুধবাৰে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিব শপত

author img

By ANI

Published : Dec 13, 2023, 10:53 AM IST

বুধবাৰে মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীয়ে শপত ল’ব ৷ প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ অন্যান্য জ্যেষ্ঠ নেতা এই অনুষ্ঠানত উপস্থিত থাকিব ৷

New Madhya Pradesh Chhattisgarh CMs to take oath on 13 December
মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীয়ে শপত ল’ব

নেশ্যনেল ডেস্ক, 13 ডিচেম্বৰ: মধ্যপ্ৰদেশ আৰু ছত্তীশগড় ৰাজ্যৰ বাবে বিজেপি দলে মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচন কৰিছে ক্ৰমে মোহন যাদৱ আৰু বিষ্ণু দেও সাইক ৷ নৱ-নিৰ্বাচিত মুখ্যমন্ত্ৰী দুগৰাকীয়ে বুধবাৰ অৰ্থাৎ 13 ডিচেম্বৰৰ দিনা ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব ৷ এই শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ অন্যান্য জ্যেষ্ঠ নেতা উপস্থিতি থাকিব বুলি জানিব পৰা গৈছে ।

58 বছৰীয়া মোহন যাদৱ তিনিবাৰৰ বিধায়ক হোৱাৰ লগতে অন্যান্য পিছপৰা শ্ৰেণীৰ এগৰাকী উল্লেখযোগ্য নেতা । নতুন মুখ্যমন্ত্ৰী হিচাপে বিজেপি দলে যাদৱক নিৰ্বাচিত কৰাৰ পিচত দলৰ এই সিদ্ধান্তই বহুতকে আচৰিত কৰি তুলিছিল । মোহন যাদৱ আৰ এছ এছৰ ঘনিষ্ঠ ৷ প্ৰথমবাৰৰ বাবে 2013 চনত দক্ষিণ উজ্জীয়নৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিচত 2018 আৰু 2023 চনটো সমষ্টিটোত নিজৰ খোপনি ধৰি ৰাখিবলৈ সক্ষম হৈছিল । এল এল বি, এম বি এ আৰু পি এইচ ডি ধাৰী মোহন যাদৱ শিৱৰাজ সিং চৌহানৰ কেবিনেটৰ উচ্চ শিক্ষা দপ্তৰৰ মন্ত্ৰী আছিল ।

বিজেপি দলে ৰাজ্যখনত উপ-মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিছে জগদীশ দেৱদা আৰু ৰাজেন্দ্ৰ শুক্লাক । মধ্যপ্ৰদেশ বিধানসভাৰ অধ্যক্ষ হ’ব নৰেন্দ্ৰ সিং তোমৰ । শিৱৰাজ সিং চৌহানে কয় যে নতুন মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্যখনে অগ্ৰগতি লাভ কৰিব আশা প্ৰকাশ কৰিছে ৷

59 বছৰীয়া বিষ্ণু দেও সাই হ’ব ছত্তীশগড়ৰ প্ৰথম জনজাতীয় মুখ্যমন্ত্ৰী । এগৰাকী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, প্ৰাক্তন সাংসদ বিষ্ণু দেও সাইক ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে বিজেপি দলে নিৰ্বাচন কৰাটো আছিল দলটোৰ আন এক আচৰিত সিদ্ভান্ত । উল্লেখ কৰা প্ৰয়োজন যে, নিৰ্বাচনী ৰাজনীতিৰ লগতে ছাইৰ তৃণমূল পৰ্যায়ত কাম কৰাৰ অভিজ্ঞতাও দীৰ্ঘদিনৰ ৷ তথাপি নৱ-নিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীক সংবাদ মাধ্যমৰ সমুখত সঘনাই দেখা পৰিলক্ষিত নহৈছিল ।

ৰাজ্যখনত উপ-মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিব বিজয় শৰ্মা আৰু অৰুণ ছাওৱে । অধ্যক্ষ হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰী ৰমন সিং । ন নেতাক বাছনি কৰিবৰ বাবেই দলটোৱে মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত কৰিবলৈ ফলাফল ঘোষণাৰ পাছতো এসপ্তাহ সময় লৈছিল ।

অহা 15 ডিচেম্বৰত শপত গ্ৰহণ কৰিব ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাই ।

লগতে পঢ়ক: মধ্যপ্ৰদেশত নিৰ্বাচনী হিংসা, দুই ফৈদৰ সংঘৰ্ষত এজন আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.