ETV Bharat / bharat

শ্বাসৰুদ্ধ হৈ স্বামী-স্ত্ৰীৰ মৃত্যু, কি হৈছিল নিশা ?

author img

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 3:09 PM IST

Husband-wife mysterious death: লুধিয়ানাত ৰহস্যজনক পৰিস্থিতিত এটা দম্পতীৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ পঢ়ক সবিশেষ...

Husband wife mysterious death
শ্বাসৰুদ্ধ হৈ স্বামী-স্ত্ৰীৰ মৃত্যু, কি হৈছিল নিশা ?

নেশ্যনেল ডেস্ক, 17 জানুৱাৰী : দেশৰ বিভিন্ন প্ৰান্তত এতিয়া ঠেঁটুৱৈ লগা ঠাণ্ডা ৷ ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ লোকসকলে বিভিন্ন পন্থা অৱলম্বন কৰিছে ৷ কিন্তু এতিয়াৰে পৰা সাৱধান হওক ৷ ঠাণ্ডাৰ পৰা বাচিবলৈ ঘৰৰ ভিতৰত জুইৰ তাপ ল’বলৈ গৈ প্ৰাণ হেৰুৱালে এটা দম্পতীয়ে ৷ এই ঘটনা সংঘটিত হৈছে পঞ্জাৱৰ লুধিয়ানাৰ তিনি নম্বৰ ডাবা ৰোড গুৰু গোবিন্দ সিং নগৰত । মৃত দুগৰাকী কৰণ পাণ্ডে (40) আৰু কমলা পাণ্ডে (38) বুলি জানিব পৰা গৈছে ৷ দম্পতীয়ে নিশা শুবলৈ যাওঁতে ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ অঙঠা জ্বলাই লৈছিল ৷ সেই ধোঁৱাৰ পৰা গেছ নিৰ্গত হোৱাৰ ফলত তেওঁলোকৰ উশাহ বন্ধ হোৱাত দুয়োৱে মৃত্যুক সাৱটি লয় ৷

শ্বাসৰুদ্ধ হোৱাৰ ফলত মৃত্যু:

মঙলবাৰে নিশা এই অঘটন সংঘটিত হয় ৷ বুধবাৰে পুৱালৈ দম্পতীটোৱে ঘৰৰ পৰা ওলাই নহাত চুবুৰীয়াৰ সন্দেহ হয় ৷ ফলত তেওঁলোকে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি চাওঁতে দুয়োকে মৃত অৱস্থাত উদ্ধাৰ কৰে ৷ লগে লগে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে ৷ খবৰ পোৱা মাত্ৰকে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দম্পতীটোৰ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

এই ঘটনা সন্দৰ্ভত ডাবা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে কয় যে, তেওঁলোকে ঘৰৰ ভিতৰত এটা পাত্ৰত গৰম কয়লা জ্বলাই শুইছিল ৷ সেইবাবে সেই কয়লাৰ পৰা ওলোৱা গেছেই কাল হ’ল দম্পতীটোৰ ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে ৷

জানিব পৰা মতে, দম্পতীটো নেপালৰ বাসিন্দা আছিল ৷ তেওঁলোকে লুধিয়ানাৰ এটা কাৰখানাত কাম কৰিছিল ৷ প্ৰতিদিনে দুয়ো পুৱাই কামলৈ ওলাই যায় ৷ কিন্তু আজি পুৱা দম্পতীটো কামলৈ নোযোৱাত চুবুৰীয়াৰ সন্দেহ ওপজে ৷ চুবুৰীয়াই দুৱাৰ ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি দম্পতীটোক মৃত অৱস্থাত প্ৰত্যক্ষ কৰে ৷ তেওঁলোকৰ কোনো সতি-সন্ততি নাছিল ৷

লগতে পঢ়ক: ছত্তীশগড়ত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষত নিহত ম'ষ্ট ৱাণ্টেড নক্সালবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.