ETV Bharat / bharat

ছত্তীশগড়ত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষত নিহত ম'ষ্ট ৱাণ্টেড নক্সালবাদী

author img

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 1:42 PM IST

ছত্তীশগড়ত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষত নিহত ম'ষ্ট ৱাণ্টেড নক্সালবাদী
ছত্তীশগড়ত নিৰাপত্তা বাহিনীৰে সংঘৰ্ষত নিহত ম'ষ্ট ৱাণ্টেড নক্সালবাদী

Security forces action On Naxalites : ছত্তীশগড়ত মঙলবাৰে নক্সালবাদীৰ ওপৰত নিৰাপত্তা বাহিনীয়ে তীব্ৰ আক্ৰমণ চলায় । নক্সালবাদীসকলৰ বিৰুদ্ধে কাঙ্কেৰৰ পৰা বিজাপুৰ আৰু দান্তেৱাড়ালৈ অভিযান চলোৱা হয় । বৰ্তমান বস্তাৰত নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত নিৰন্তৰ সংঘৰ্ষ চলি আছে ।

নিউজ ডেস্ক, ১৭ জানুৱাৰী : মঙলবাৰৰ দিনটো ছত্তীশগড়ত নক্সালবাদীৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ দিন হিচাপে প্ৰমাণিত হৈছে । নক্সাল বেল্ট বস্তাৰ কাঙ্কেৰত নিৰাপত্তা বাহিনীৰ দলে নক্সালবাদী শিবিৰত আক্ৰমণ কৰে । এই আক্ৰমণত নক্সালবাদীয়ে কথমপি নিজৰ জীৱন ৰক্ষা কৰি পলায়ন কৰে ।

জানিব পৰা মতে, নক্সালবাদীয়ে তাত বোমা তৈয়াৰ কৰি আছিল । সেই সময়তে সুৰক্ষা বাহিনীৰ দলটোৱে তাত আক্ৰমণ চলায় । আক্ৰমণৰ পিছত নক্সালবাদীসকলে তাৰ পৰা পলায়ন কৰে । আনহাতে, নিৰাপত্তা বাহিনীৰ সূত্ৰ অনুসৰি এই অভিযানত বহু নক্সালবাদী ধৰা পৰিছে । অৱশ্যে সুৰক্ষা বাহিনীয়ে এতিয়ালৈকে এই বিষয়ত বিতং একো প্ৰকাশ কৰা নাই ।

উল্লেখ্য যে মঙলবাৰে নিৰাপত্তাৰক্ষীৰ আক্ৰমণত দান্তেৱাড়াত এজন নক্সালবাদী নিহত হয় । জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰ কে বৰ্মনে ইটিভি ভাৰতক জনায় যে সুৰক্ষা বাহিনীয়ে মাগনাৰ অঞ্চলত অভিযান চলায় । আৰক্ষী বাহিনীয়ে তাত অনুসন্ধানৰ বাবে উপস্থিত হৈছিল । সেই সময়তে মাওবাদীয়ে তেওঁলোকৰ ওপৰত নিৰ্বিচাৰে গুলীবৰ্ষণ আৰম্ভ কৰে । আনহাতে, নিৰাপত্তা বাহিনীয়ে ইয়াৰ প্ৰত্যুত্তৰ দিয়াত নক্সালবাদীসকল ঘটনাস্থলীৰ পৰা পলাই যায় । অনুসন্ধানৰ পিছত এজন নক্সালবাদীৰ মৃতদেহ সুৰক্ষা বাহিনীয়ে মাগনাৰৰ অৰণ্যৰ পৰা উদ্ধাৰ কৰে ।

ইয়াৰ পিছত আৰক্ষীৰ তদন্তত প্ৰকাশ পায় যে নিহত নক্সালবাদীটোৰ মূৰৰ ওপৰত পাঁচ লাখ টকা পুৰস্কাৰ ঘোষণা কৰা আছিল । এই নক্সালবাদীটোৰ নাম হৈছে ৰতন কাশ্যপ । তেওঁৰ বয়স ৩১ বছৰ । নিহত মাওবাদীজন ২০২০ চনত বস্তাৰৰ মাৰ্ডুমত এটা আৰক্ষী দলৰ ওপৰত চলোৱা আক্ৰমণত জড়িত আছিল । নক্সালবাদীটোৰ ওপৰত পাঁচ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা আছিল । আনহাতে, দান্তেৱাড়াৰ এছপিয়ে তেওঁৰ ওপৰত ১০,০০০ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল ।

ইফালে বিজাপুৰতো নিৰাপত্তাৰক্ষী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় । তাতো আৰক্ষীৰ দলৰ ওপৰত মাওবাদীয়ে আক্ৰমণ চলায় । ডিআৰজি আৰু কোব্ৰা বেটেলিয়নৰ দলে তাত অনুসন্ধানৰ ওলাই গৈছিল । সেই সময়তে নক্সালবাদীয়ে বিজিএলেৰে নিৰাপত্তা বাহিনীক আক্ৰমণ কৰে । নিৰাপত্তাৰক্ষীয়ে প্ৰত্যুত্তৰত গুলীচালনা কৰাত মাওবাদীসকল ঘটনাস্থলীৰ পৰা পলাই যায় ।

লগতে পঢ়ক :মণিপুৰৰ ম'ৰেত নিৰাপত্তাৰক্ষীৰে উগ্ৰপন্থীৰ সংঘৰ্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.