ETV Bharat / bharat

NCW to submit report on Manipur incident : দুই-এদিনৰ ভিতৰতে মণিপুৰ ঘটনাৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় মহিলা আয়োগে চৰকাৰক দাখিল কৰিব প্ৰতিবেদন

author img

By

Published : Jul 29, 2023, 11:34 AM IST

অশান্তজৰ্জৰ মণিপুৰ ঘটনাৰ প্ৰায় তিনিমাহ হোৱাৰ পথত ৷ আজি জ্বলি আছে মণিপুৰৰ সেই দুই সম্প্ৰদায়ৰ মাজৰ জুইকুৰা ৷ মণিপুৰ ঘটনাৰ সন্দৰ্ভত আগন্তুক এক-দুই দিনৰ ভিতৰত আয়োগে চৰকাৰক প্ৰতিবেদন দাখিল কৰিব ৷ এই মন্তব্য কৰে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ ৰেখা শৰ্মাই ৷

NCW to submit report on Manipur incident
NCW চৰকাৰক দাখিল কৰিব প্ৰতিবেদন

নেশ্যনেল ডেস্ক, 29 জুলাই : আগন্তুক দুই-এদিনৰ ভিতৰত মণিপুৰৰ ঘটনা সন্দৰ্ভত আয়োগে চৰকাৰক প্ৰতিবেদন দাখিল কৰিব । মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত এই মন্তব্য কৰে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ ৰেখা শৰ্মাই ৷

তেওঁ কয়, ‘‘মণিপুৰ ভ্ৰমণ কৰি এই ঘটনাত সংশ্লিষ্ট সকলো লোকক লগ পাইছো । ভুক্তভোগী দুয়োটা সম্প্ৰদায়ৰ বাবে কাম কৰা মহিলা সংগঠন দুয়োটাকে লগ পালো । মই ইয়াৰ প্ৰতিবেদন প্ৰস্তুত কৰিম আৰু আগন্তুক এদিন বা দুদিনৰ ভিতৰত চৰকাৰক জমা দিম’’ । ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ ৰেখা শৰ্মাই আৰু কয়, ‘‘মই সকলোতে উপস্থিত হওঁ, য’তেই নাৰী সম্পৰ্কীয় কাণ্ড সংঘটিত হয় । মধ্যপ্ৰদেশলৈও বহুবাৰ আহিছো’’ ।

ইফালে কৰ্ণাটকৰ উডুপি ভিডিঅ’কাণ্ডৰ কথা কওঁতে NCW ৰ অধ্যক্ষগৰাকীয়ে কয়, ‘‘আমাৰ এগৰাকী সদস্য খুছবু সুন্দৰ তালৈ গৈছে আৰু তেওঁ বিষয়টোৰ তদন্ত কৰি আছে । এতিয়ালৈকে তেওঁ কেৱল কলেজখনলৈহে গৈছিল ৷ এতিয়া তেওঁ ভুক্তভোগীক লগ কৰিবলৈ চেষ্টা কৰিছে । ইয়াৰ পিচত আমি তেওঁৰ ৰিপ’ৰ্টৰ ভিত্তিত অধিক ব্যৱস্থা ল’ম’’ ।

ৰাজস্থানত মহিলাৰ বিৰুদ্ধে অপৰাধৰ কথা কওঁতে শৰ্মাই কয় যে মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধক লৈ ৰাজস্থান চৰকাৰ চিন্তিত নহয় । ৰাজ্যখনত কেন্দ্ৰ বনাম ৰাজ্যৰ দোষাৰোপ খেলখন যথেষ্ট প্ৰভাৱশালী । ‘‘শেহতীয়াকৈ মই এটা অপৰাধত ৰাজস্থানলৈ গৈছিলো ৷ য’ত এগৰাকী মহিলাক গুলীয়াই হত্যা কৰি কুঁৱাত পেলাই দিয়া হৈছিল ৷ প্ৰায় 15 ঘণ্টা ধৰি আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল ।

প্ৰথমবাৰৰ বাবে থানাত উপস্থিত হোৱাৰ লগে লগে তেওঁলোকক মিছলীয়া বুলি ওভতাই পঠিয়াই দিয়া হয় । যেতিয়া মৃতদেহটো উদ্ধাৰ হয়, তাৰ পিচত আৰক্ষীয়ে বিষয়টোত ব্যৱস্থা গ্ৰহণ কৰে । মই ক’ব বিচাৰো যে মৃতদেহৰ বাবে অপেক্ষা কৰা উচিত নহয় ৷ প্ৰথমে যদি ক্ষীপ্ৰতাৰে কাম কৰিলে হয় তেন্তে হয়তো ছোৱালীকেইজনীক ৰক্ষা কৰিব পৰা গ’ল হেতেন’’ - ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ ৰেখা শৰ্মাই কয় ৷

দেশত সৰ্বাধিক নাৰীৰ অত্যাচাৰৰ ঘটনা সংঘটিত হোৱা সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত শৰ্মাই কয়, ‘‘আমাৰ তথ্য অনুসৰি আমাৰ ওচৰত সৰ্বাধিক অভিযোগ উত্তৰ প্ৰদেশৰ পৰা আহিছে ৷ তাৰ পিছত আটাইবোৰৰ পিচত পশ্চিম বংগ, বিহাৰ, ৰাজস্থান, হাৰিয়ানা আৰু মধ্যপ্ৰদেশৰ ৰেংকৰ কথা ক’ব পাৰি’’ ৷

এই ৰাজ্যসমূহৰ বিষয়ে সোধাত তেওঁ কয় যে তেওঁ শেহতীয়াকৈ ছত্তীশগড় ভ্ৰমণ কৰিছিল আৰু ৰাজ্যখনৰ মহিলাৰ বিৰুদ্ধে অপৰাধৰ বাবে সময়মতে FIR পঞ্জীয়ন কৰা হোৱা নাছিল । সেইবাবেই তেওঁলোকৰ হাতত মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ তথ্য নাছিল । যেতিয়া আয়োগে যিকোনো গোচৰৰ তদন্তৰ বাবে হাত আগবঢ়ায় তেতিয়া এনে গোচৰত আৰক্ষীৰ কোনো FIR নাথাকে । আটাইতকৈ ডাঙৰ কথাটো হ’ল তেওঁলোকে একেবাৰেই FIR দাখিল নকৰে বুলি এনচিডব্লিউৰ অধ্যক্ষ শৰ্মাই লগতে কয় ।

লগতে পঢ়ক : INDIA alliance to visit Manipur: INDIA মিত্ৰজোঁটৰ 20 জনীয়া সাংসদে শনিবাৰে ভ্ৰমণ কৰিব মণিপুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.