ETV Bharat / bharat

All Party Meeting on Manipur : মণিপুৰ সন্দৰ্ভত অমিত শ্বাহৰ সৰ্বদলীয় বৈঠক : অংশগ্ৰহণ নকৰে শৰদ পাৱাৰে

author img

By

Published : Jun 24, 2023, 11:51 AM IST

মণিপুৰৰ হিংসাৰ বিষয়ে আলোচনা কৰিবলৈ শৰদ পাৱাৰে পূৰ্বতে বৈঠকত উপস্থিত থাকিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল । কিন্তু কিছু গুৰুত্বপূৰ্ণ আগতীয়া প্ৰতিশ্ৰুতিৰ বাবে তেওঁ এনচিপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক নৰেন্দ্ৰ বাৰ্মা আৰু মণিপুৰ ৰাজ্যিক এনচিপিৰ সভাপতি চোৰান লবোয়াইমা সিঙক বৈঠকত উপস্থিত থাকিবলৈ মনোনীত কৰিছে ।

All Party Meeting on Manipur
All Party Meeting on Manipur

নিউজ ডেস্ক, ২৪ জুন : মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সভাপতিত্ব কৰিবলগীয়া সৰ্বদলীয় বৈঠকত উপস্থিত নাথাকে শৰদ পাৱাৰ । শুকুৰবাৰে জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টীৰ মুৰব্বী শৰদ পাৱাৰে এই বৈঠকত উপস্থিত থাকিব নোৱাৰিব বুলি প্ৰকাশ কৰে । উল্লেখ্য, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিবলৈ শনিবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত এখন সৰ্বদলীয় বৈঠক আহ্বান কৰিছে । গৃহ মন্ত্ৰালয়ৰ মুখপাত্ৰৰ সূত্ৰত এই কথা প্ৰকাশ ।

মণিপুৰৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিবলৈ শনিবাৰে বিয়লি ৩ বজাত নতুন দিল্লীত বৈঠকখন অনুষ্ঠিত হ'ব । উল্লেখ্য, মণিপুৰত বৰ্তমানেও অগ্নিসংযোগৰ দৰে ঘটনা সংঘটিত হৈ থকাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অধিক বিভ্ৰান্তি প্ৰতিহত কৰাৰ প্ৰচেষ্টা হিচাপে তাৎক্ষণিকভাৱে ২৫ জুনলৈ আৰু পাঁচ দিনলৈ ইণ্টাৰনেটৰ ওপৰত নিষেধাজ্ঞা বৃদ্ধি কৰিছে । ৰাজ্যখনত অব্যাহত থকা অস্থিৰতাৰ প্ৰতি লক্ষ্য ৰাখি তথ্য সেৱাসমূহো নিষিদ্ধ কৰা হৈছে ।

উল্লেখ্য, মণিপুৰৰ হিংসাৰ বিষয়ে আলোচনা কৰিবলৈ শৰদ পাৱাৰে পূৰ্বতে বৈঠকত উপস্থিত থাকিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল । কিন্তু কিছু গুৰুত্বপূৰ্ণ আগতীয়া প্ৰতিশ্ৰুতিৰ বাবে তেওঁ এনচিপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক নৰেন্দ্ৰ বাৰ্মা আৰু মণিপুৰ ৰাজ্যিক এনচিপিৰ সভাপতি চোৰান লবোয়াইমা সিঙক বৈঠকত উপস্থিত থাকিবলৈ মনোনীত কৰিছে ।

"মণিপুৰৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ ২৪ জুনত বিভিন্ন ৰাজনৈতিক দলৰ সৈতে কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ বৈঠক সন্দৰ্ভত মই ২২ জুন তাৰিখে আপোনাৰ আমন্ত্ৰণী-পত্ৰ লাভ কৰিছোঁ । যদিও মই এই বৈঠকত উপস্থিত থাকিব বিচাৰিছিলোঁ, অৱশ্যে কিছু গুৰুত্বপূৰ্ণ আগতীয়া প্ৰতিশ্ৰুতিৰ বাবে মোৰ বাবে উপস্থিত থকাটো সম্ভৱ নহ'ব । এনচিপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক নৰেন্দ্ৰ বাৰ্মা আৰু মণিপুৰ ৰাজ্যিক এনচিপিৰ সভাপতি চোৰান লবোয়াইমা সিঙে এই বৈঠকত জাতীয়তাবাদী কংগ্ৰেছ দলক প্ৰতিনিধিত্ব কৰিব ।" পাৱাৰে কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়লৈ লিখা এখন পত্ৰত কয় ।

ইফালে মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত মৌনতা অৱলম্বন কৰাৰ বাবে কংগ্ৰেছ নেতা কে চি বেণুগোপালেও প্ৰধানমন্ত্ৰী মোদীক তীব্ৰ সমালোচনা কৰে । "বিগত ৫৩ দিন ধৰি মণিপুৰ জ্বলি আছে । প্ৰধানমন্ত্ৰী মোদীয়ে এতিয়ালৈকে এটা শব্দও উচ্চাৰণ কৰা নাই । মণিপুৰৰ এটা প্ৰতিনিধি দল বিগত ১০ দিন ধৰি দিল্লীত বাহৰ পাতি আছিল । কিন্তু প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক লগ কৰিবলৈ সাজু নাছিল ।" বেণুগোপালে দাবী কৰে ।

আনহাতে, কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে কয় যে ৰাজ্যখনত শান্তি আৰু সম্প্ৰীতিৰ বাবে আহ্বান জনোৱাৰ সময়ত মণিপুৰৰ মানুহৰ জীৱন ধ্বংস কৰা অভূতপূৰ্ব হিংসাই আমাৰ ৰাষ্ট্ৰৰ বিবেকত গভীৰ আঘাত হানিছে । উল্লেখ্য যে অনুসূচিত জনজাতি (এছটি) তালিকাত মেইটেইসকলক অন্তৰ্ভুক্ত কৰাৰ দাবীৰ প্ৰতিবাদত ৩ মে'ত অল ট্ৰাইবেলছ ষ্টুডেণ্টছ ইউনিয়নৰ (এটিএছইউ) দ্বাৰা আয়োজিত এক সমদলৰ সময়ত সংঘৰ্ষৰ সৃষ্টি হোৱাৰ পিছত মণিপুৰত হিংসাত্মক ঘটনাৰ সূত্ৰপাত ঘটে আৰু সেই হিংসাৰ দাবানল এতিয়াও জ্বলি আছে ।

লগতে পঢ়ক :CBI Probe of Manipur Violence : ইম্ফলত অস্ত্ৰ লুণ্ঠনৰ তদন্তত চিবিআই দলক বাধা ২ হাজাৰ মহিলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.