ETV Bharat / bharat

CBI Probe of Manipur Violence : ইম্ফলত অস্ত্ৰ লুণ্ঠনৰ তদন্তত চিবিআই দলক বাধা ২ হাজাৰ মহিলাৰ

author img

By

Published : Jun 24, 2023, 10:01 AM IST

যোৱা ৩ মে'ৰ পৰা উত্তপ্ত হৈ আছে মণিপুৰৰ পৰিস্থিতি । মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ সময়তে ক্ষুব্ধ জনতাই এমপিটিচি পাংগেইত আক্ৰমণ কৰে । লগতে সাম্প্ৰদায়িক সংঘৰ্ষৰ মাজতে অস্ত্ৰাগাৰৰ পৰা যথেষ্ট পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছে ।

CBI Probe of Manipur Violence
CBI Probe of Manipur Violence

নিউজ ডেস্ক, ২৪ জুন : হিংসাজৰ্জৰ মণিপুৰৰ ৰক্তক্ষয়ী ঘটনাই ৫০ টা দিন অতিক্ৰম কৰিছে । ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ৰাজ্যখনত শান্তি-শৃংখলা পুনৰুদ্ধাৰৰ বাবে অহৰহ চেষ্টা চলাই আছে যদিও এতিয়াও সফল হ'ব পৰা নাই । এতিয়াও ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত হিংসাত্মক ঘটনা সংঘটিত হৈয়েই আছে । তাৰ মাজতে মণিপুৰ হিংসাৰ তদন্ত আৰম্ভ কৰিছে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ চিবিআয়ে । কিন্তু এইবাৰ চিবিআইৰ তদন্ত প্ৰক্ৰিয়াত ব্যাঘাত জন্মালে মণিপুৰৰ হাজাৰোধিক মহিলাই ।

ৰাজ্যখনৰ পাংগেইৰ ২ হাজাৰোধিক মহিলাৰ এটা দলে বৃহস্পতিবাৰে চিবিআইৰ দলটোক পাংগেইস্থিত মণিপুৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত (এমপিটিচি) প্ৰৱেশত বাধা প্ৰদান কৰে । চিবিআইৰ দলটো এমপিটিচি অস্ত্ৰাগাৰৰ পৰা এক গুৰুত্বপূৰ্ণ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ লুণ্ঠনৰ তদন্ত কৰিবলৈ তাত উপস্থিত হৈছিল । উল্লেখ্য, অঞ্চলটোত এই অস্ত্ৰ লুটৰ ঘটনাটো মণিপুৰৰ শেহতীয়া জাতিগত হিংসাৰ সময়ত সংঘটিত হৈছিল ।

বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ২ বজাত মহাবিদ্যালয়খনৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত মহিলাসকল সমবেত হৈ অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদী মহিলাসকলে প্ৰৱেশ পথটো সম্পূৰ্ণৰূপে অৱৰোধ কৰি চিবিআই দলটোক প্ৰৱেশত বাধা প্ৰদান কৰে । চিবিআইৰ দলটো বিয়লি প্ৰায় ৩.৩০ বজাত তাত উপস্থিত হ'লেও, তেওঁলোকৰ তদন্ত প্ৰক্ৰিয়া আগবঢ়াব পৰা নাছিল । অৱশেষত মহিলাসকলৰ তীব্ৰ প্ৰতিবাদৰ ওচৰত সেও মানি চিবিআইৰ দলটোৱে অঞ্চলটোৰ পৰা ঘূৰি আহিবলৈ বাধ্য হয় ।

উল্লেখ্য, যোৱা ৩ মে'ৰ পৰা উত্তপ্ত হৈ আছে মণিপুৰৰ পৰিস্থিতি । মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাৰ সময়তে ক্ষুব্ধ জনতাই এমপিটিচি পাংগেইত আক্ৰমণ কৰে । লগতে সাম্প্ৰদায়িক সংঘৰ্ষৰ মাজতে অস্ত্ৰাগাৰৰ পৰা যথেষ্ট পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছে । উক্ত ঘটনাৰ পিছত হেইংগাং আৰক্ষী থানাই নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰি চুৰি হোৱা অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰৰ বাবে তদন্ত আৰম্ভ কৰে ।

আনহাতে, ৪ মে'ত মণিপুৰত আন এক অস্ত্ৰ লুট কৰাৰ ঘটনা সংঘটিত হয় । সিদিনাখন কাংপোকপি আৰক্ষী থানাৰ পৰা দুৰ্বৃত্তই বিভিন্ন ধৰণৰ আগ্নেয়াস্ত্ৰ লুণ্ঠন কৰাৰ ঘটনা সংঘটিত হয় । সমান্তৰালভাৱে একাধিক অস্ত্রাগাৰ, আৰক্ষী থানা আৰু বেটেলিয়ন এই লুণ্ঠনৰ বলি হয় । সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত বিভিন্ন প্ৰকাৰৰ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰও চুৰি হয় ।

ইফালে পৰিস্থিতিৰ সমাধান-সূত্ৰ বিচাৰি চিবিআইৰ এটা দল ২১ জুনত হেইংগাং আৰক্ষী থানাত উপস্থিত হয় । চিবিআইৰ দলটোৱে অস্ত্ৰ লুণ্ঠনৰ প্ৰাসঙ্গিক নথিপত্ৰ আৰু তথ্য সংগ্ৰহ, এমপিটিচি পাংগেইৰ পৰা লুণ্ঠন কৰা অস্ত্ৰ-শস্ত্ৰৰ সংখ্যা সতৰ্কতাৰে নিৰূপণ আৰু সেইবোৰ পুনৰুদ্ধাৰৰ বাবে এক পৰিকল্পনা প্ৰস্তুত কৰিবলৈ তাত উপস্থিত হৈছিল । অৱশ্যে মহাবিদ্যালয় চৌহদত মহিলাসকলে কৰা শেহতীয়া অৱৰোধৰ ফলত তেওঁলোকৰ তদন্তৰ গতি বাধাগ্ৰস্ত হয় ।

লগতে পঢ়ক :Patna Oppositions Meet : বিদেশত গান্ধী আৰু ভাৰতত গডছে সূত্ৰই প্ৰধানমন্ত্ৰী মোদীৰ বাবে কাম নকৰে; সীতাৰাম য়েচুৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.