ETV Bharat / bharat

Demand to repeal AFSPA: পুনৰ প্ৰাণ পাই উঠাৰ দিশে নগাৰ সশস্ত্ৰ সংগ্ৰাম

author img

By

Published : Dec 8, 2021, 10:40 PM IST

Demand to repeal AFSPA
Demand to repeal AFSPA

নগালেণ্ডৰ মন জিলাত সংঘটিত দুৰ্ভাগ্যজনক ঘটনাই কাৰ্যতঃ উৎসাহিত কৰিছে চীনৰ পৃষ্ঠপোষকতাত ম্যানমাৰত আশ্ৰয় লৈ থকা উত্তৰ-পূবৰ সশস্ত্ৰ বিদ্ৰোহী গোট সমূহক (Insurgency group on North East)। যোৱা দুটা দিনৰ ঘটনাৱলীয়ে এই কথা স্পষ্ট কৰিছে ।

গুৱাহাটী ৭ ডিচেম্বৰ : নগালেণ্ডৰ মন জিলাত যোৱা চাৰিটা দিনে চলি থকা অশান্ত পৰিস্থিতিয়ে (Tense situation in Nagaland) সমগ্ৰ উত্তৰ-পূব ভাৰতৰ ৰাজ্য কেইখনক আকৌ অগ্নিগৰ্ভা কৰি তোলাৰ আশংকা প্ৰায় স্পষ্ট হৈ উঠিছে । বিদ্ৰোহী সংগঠন এন এছ চি এন আই-এমৰ লগত চলি থকা শান্তি আলোচনা, পৰেশ বৰুৱাৰ নেতৃত্বাধীন আলফা স্বাধীনেও যোৱা ছমাহ ধৰি যুদ্ধবিৰতিত থকালৈ আঙুলিয়াই কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত বিদ্ৰোহী সংগঠন নাই অথবা শান্তি বিৰাজ কৰিছে বুলি যি‌ দাবী উত্থাপন কৰি আহিছে তাক নসাৎ কৰিছে মন জিলাৰ শেহতীয়া ঘটনাই ।

জিলাখনত তিৰু আৰু ওটিং নামৰ গাঁও দুখনৰ মাজত যোৱা ৪ ডিচেম্বৰৰ সন্ধিয়া নিৰাপত্তা বাহিনীৰ এটা দলে কয়লা খনিত কাম কৰা শ্ৰমিকৰ ওপৰত আক্ৰমণ চলাই ছয় জন নিৰীহ লোকক হত্যা কৰে (Army ambush in Nagaland)। ইয়াৰ পিছত যোৱা চাৰি দিন ধৰি চলি থকা আক্ৰমণ-প্ৰত্যাক্ৰমণৰ ঘটনাত মুঠ ১৪ জন লোকে মৃত্যুবৰণ কৰিছে । কেৱল সেয়ে নহয়, সেনা জোৱানে তেওঁলোকৰ গুলীত নিহত স্থানীয় লোকৰ মৃতদেহ বস্তাত ভৰাই লুকুৱাবলৈ চেষ্টা কৰা বুলি পোহৰলৈ অহা তথ্যই সমগ্ৰ উত্তৰ-পূৱ ভাৰতৰ ৰাজ্যকেইখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ এই অঞ্চলৰ ভাৰতৰ মূল ভূমিৰে থকা সংঘাত জৰ্জৰ পৰিস্থিতিক পুনৰবাৰ আঙুলিয়াই দিছে (Insurgency problem in North East) ৷

লগতে পঢ়ক : CDS Gen Bipin Rawat chopper crash : কোন আছিল জেনেৰেল বিপিন ৰাৱাট ?

নগালেণ্ডৰ এক শীৰ্ষ সূত্ৰই জনোৱা মতে যোৱা ৪ ডিচেম্বৰৰ ঘটনাৰ পিছতে উৎসাহিত হৈ পৰিছে ম্যানমাৰত আশ্ৰয় লৈ থকা বিদ্ৰোহী সংগঠন সমূহ । মন কৰিবলগীয়া যে, এন এছ চি‌ এন-আই এমৰ সৈতে যোৱা প্ৰায় 25 বছৰ ধৰি ভাৰত চৰকাৰে চলাই থকা শান্তি আলোচনাই কাৰ্যতঃ আজিও ৰূপ লৈ উঠা নাই (GOI and NSCN peace talk)। নাগালিমৰ দাবীত চলা এই আলোচনাত এন এছ চি এন আই-এমে যিহেতু নগাভূমিৰ বাবে পৃথক সংবিধান আৰু পতাকা বিচাৰিছে, সেয়ে আলোচনা যে ফলপ্ৰসূ নহ'ব সেয়া নিশ্চিত (Demand of Nagalim)।

এনেকুৱা পৰিস্থিতিৰ কথা অনুমান কৰিব পাৰিয়েই এন এছ চি‌ এন-আই এমৰ শান্তি আলোচনা পৰ্যবেক্ষণ কমিটিৰ আহ্বায়ক তথা সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ ফুন্টিং ছিমৰেই তেওঁৰ সহযোগী পামছিং মুইভাক লগত লৈ ইতিমধ্যে ম্যানমাৰত আশ্ৰয় লৈছে । এক শীৰ্ষ সূত্ৰৰ মতে ৰুইলীত আশ্ৰয় লৈ থকা বিদ্ৰোহী নেতা ফুন্টিঙে পুনৰ আত্মগোপন কৰাৰ পিছত এছ এছ চি‌ এন - খাপলাং গোটত চামিল হ'ব বিচাৰিছিল যদিও সেয়া সম্ভৱ হৈ নুঠিল ।

কিন্তু তাৰ পিছতে চীনৰ পৃষ্ঠপোষকতাত ম্যানমাৰ‌ চৰকাৰৰ সহযোগিতা পাবলৈ সক্ষম হোৱা ফুন্টিং ছিমৰেই প্ৰায় ২০০ যুৱকক লগত ৰাখি নতুনকৈ আত্মপ্ৰকাশ কৰাৰ তৎপৰতা অব্যাহত ৰাখিছে । আনহাতে, কেন্দ্ৰীয় চৰকাৰৰ সৈতে যুদ্ধবিৰতিত থাকিলেও সমস্যা সমাধানৰ পথ কাৰ্যতঃ ৰুদ্ধ হৈ থকাত এন এছ চি‌ এন-খাপলাঙে নাগালেণ্ড আৰু গ্ৰেটাৰ নাগালিমৰ সাংগঠনিক ভিত্তি শক্তিশালী ‌কৰি‌ তোলাৰ বাবে তৎপৰ হৈ উঠিছে ।‌‌

লগতে পঢ়ক : Air Crash in India: নেতাজীৰ সুভাষ বসুৰ পৰা জেনেৰেল বিপিন ৰাৱাটলৈ...

সূত্ৰটোৰ‌ মতে আন এজন নগা বিদ্ৰোহী নেতা আবছালাম ৰকাংঙ টাংখুলেও ইতিমধ্যে শতাধিক কেডাৰ ‌‌‌‌‌লৈ নতুনকৈ নগাভূমি উত্তপ্ত কৰি‌ তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।

মন কৰিবলগীয়া যে, ভাৰত-নগালেণ্ডৰ মাজত থকা ৰাজনৈতিক সংঘাতৰ ইতিহাসেই সামগ্ৰিক অৰ্থত দেশৰ মূল ভূমি আৰু উত্তৰ-পূবৰ ৰাজ্য কেইখনৰ মাজত থকা দূৰত্বক প্ৰতিনিধিত্ব কৰে । যোৱা ৪ ডিচেম্বৰৰ দিনা সন্ধিয়াৰে পৰা‌ আজি পৰ্যন্ত মন জিলাত চলি থকা নাগৰিক সমাজ আৰু নিৰাপত্তা বাহিনীৰ মাজৰ সংঘাতৰ পৰিস্থিতিয়ে নগা বিদ্ৰোহী সংগঠন সমূহৰ তৎপৰতা দুগুণে বৃদ্ধি কৰাতো প্ৰায় নিশ্চিত কৰিছে ।

এই ক্ষেত্ৰত নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ'ই ভাৰত চৰকাৰৰ বিপৰীতে স্থিতি গ্ৰহণ কৰি সশস্ত্ৰ বাহিনীৰ (বিশেষ ক্ষমতা) আইন প্ৰত্যাহাৰ কৰাৰ‌ বাবে দাবী জনাই কেবিনেটত প্ৰস্তাৱ গ্ৰহণ কৰিছে । মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড ছাংমাইও একেই দাবী উত্থাপন কৰিছে । দুই জনগোষ্ঠীয় মুখ্যমন্ত্ৰীৰ এই দাবী অতি লক্ষণীয় । নৰ্থ ইষ্ট ডেমক্ৰেটিক এলায়েন্সৰ সদস্য হোৱাৰ পিছতো তেওঁলোকে AFSPA প্ৰত্যাহাৰ কৰাৰ বাবে জনোৱা দাবী কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি এক প্ৰত্যাহ্বান বুলি‌ বিবেচিত হৈছে ।

লগতে পঢ়ক : Armed Forces Special Powers Act নালাগে শান্তিপূৰ্ণ নাগালেণ্ডত :নেফিঅ’ ৰিঅ’

নিৰীহ নগা জনতাৰ ওপৰত সেনা বা নিৰাপত্তা বাহিনীৰ নিৰ্বিচাৰ গুলী আৰু শত্ৰুৱৎ আচৰণে নগা বিদ্ৰোহৰ ইতিহাসক পুনৰবাৰ ৰোমন্থন কৰাৰ প্ৰেক্ষাপট তৈয়াৰ কৰা বুলি বিদ্বৎ সমাজত আলোচিত হৈছে । উভটি চালে দেখা যায় যে ১৯৭৫ চনৰ নবেম্বৰত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু নাগা নেচনেল কাউন্সিল (এন এন চি) আৰু নাগালেণ্ড ফেডাৰেল গভৰমেন্ট (এন এফ জি) ৰ মাজত স্বাক্ষৰিত শ্বিলং চুক্তিয়ে নগা সমস্যা সমাধান কৰিব নোৱাৰে বুলি গঠন হৈছিল এন এছ চি‌ এনৰ দৰে সশস্ত্ৰ বিদ্ৰোহী সংগঠনৰ ।

চুক্তি স্বাক্ষৰৰ সময়তে চীনৰ পৰা সামৰিক প্ৰশিক্ষণ লৈ অহা ইশ্বাক শ্বু আৰু থুইংগালেং মুইভা বহুজন সতীৰ্থ সহ পুনৰ উভটি গৈছিল কন্যাক ৰিজনৰ জংঘললৈ । তাৰ পৰাই আৰম্ভ হৈছিল আলফা, এন ডি এফ বি, পি এল এ, ইউ এন এল এফ, কে এল অ' ৰ দৰে এটাৰ পিছত আনটো সশস্ত্ৰ সংগঠনৰ জন্ম । এই পৰিস্থিতিয়ে অগ্নিগৰ্ভা কৰি তুলিছিল সমগ্ৰ উত্তৰ-পূৱৰ সমাজ জীৱন ।

এতিয়া ভাৰত চৰকাৰে সেই এন এছ চি‌ এন-আই এমৰ লগত শান্তি আলোচনাৰ প্ৰক্ৰিয়াটো আগবঢ়াই আনি এক নিৰ্দিষ্ট পৰ্যায়ত উপনীত হোৱাৰ সময়ত নগালেণ্ডৰ সমাজ জীৱনত সৃষ্টি হৈছে এক নেতিবাচক পৰিস্থিতিৰ । চীনৰ পৃষ্ঠপোষকতাত ম্যানমাৰ‌ত আশ্ৰয় লৈ থকা ফুন্টিং ছিমৰেৰ দৰে নেতাই আগবঢ়াই নিয়াৰ বাবে তৎপৰ হৈছে নগাৰ সশস্ত্ৰ সংগ্ৰামৰ দীঘলীয়া ইতিহাসক । এই পৰিস্থিতিক নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে কিদৰে নিয়ন্ত্ৰণ কৰে সেয়া হ'ব লক্ষণীয় ।

লগতে পঢ়ক : NSCN Peace Talks: ম'ন জিলাৰ ঘটনাই প্ৰভাৱ পেলাব নগা শান্তি আলোচনাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.