Armed Forces Special Powers Act নালাগে শান্তিপূৰ্ণ নাগালেণ্ডত :নেফিঅ’ ৰিঅ’

author img

By

Published : Dec 6, 2021, 8:22 PM IST

nagaland-does-not-need-armed-forces-special-powers-act-says-neiphu-rio

নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ই ৰাজ্যখনৰ পৰা সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন উঠাই দিয়াৰ আহ্বান জনাইছে ( Rio demand repeal of AFSPA from Nagaland) ৷ নিৰীহ নগা লোকক সেনাই কৰা আক্ৰমণ (Ambush on civilians in Nagaland) সম্পৰ্কত মুখ্যমন্ত্ৰী গৰাকীয়ে কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷ সবিশেষ জানো আহক ৷

তেজপুৰ, ৬ ডিচেম্বৰ : সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ আফচপা নাগালেণ্ডৰ পৰা সমূলি উঠাই দিয়াৰ আহ্বান নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ'ৰ(Nefio rio says no AFSPA needed in nagaland) । তেওঁ কয়, নাগালেণ্ড এতিয়া শান্তিপূৰ্ণ ৰাজ্য কেন্দ্ৰ চৰকাৰে অশান্তিৰ দোহাই দি বাৰে বাৰে নাগালেণ্ডৰ ভূমিত এই আইন প্ৰৱৰ্তন কৰে। তেওঁ কয় যে, ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ আৰু ইয়াত অন্য বহুত আইন থকা স্বত্তেও আফচপা প্ৰৱৰ্তন কৰি থকা হৈছে ।

সোমবাৰে, মন জিলাৰ এক সামূহিক অন্তেষ্টিক্ৰিয়া অনুষ্ঠানত অংশগ্ৰহণ কৰি সকলো মৃতকক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । মন জিলাৰ হেলিপেডত অনুষ্ঠিত এখন ৰাজহুৱা শ্ৰদ্ধাঞ্জলি সভাত মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ'ই ৰাইজক উদ্দেশ্যি কয়, ভাৰতীয় সেনাই নিৰ্বিচাৰে নিৰীহ লোকক হত্যা কৰাৰ ঘটনা(Ambush of civilians in Nagaland)ৰ SIT ৰ জৰিয়তে উচ্চস্তৰীয় তদন্ত ঘোষণা কৰা হৈছে(Neiphu Rio on Mon firing incident)।

তেওঁ কয় যে, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ইতিমধ্যে, ঘটনাৰ বুজ লৈছে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, কেন্দ্ৰীয় মন্ত্ৰী কেইগৰাকীয়ে নাগালেণ্ডৰ পৰিস্থিতি সন্দৰ্ভত প্ৰশ্ন কৰিছে আৰু ইয়াৰ উত্তৰত তেওঁ স্পষ্টকৈ কৈছে যে, বৰ্তমান নাগালেণ্ডৰ পৰিস্থিতি উত্তপ্ত কাৰণ সেনাই এটা ডাঙৰ ভুল কৰিছে । মুখ্যমন্ত্ৰী ৰিঅ'ই কয় যে NSCN (IM) ৰ লগত যোৱা ২৪ বছৰে শান্তি আলোচনা অব্যাহত আছে যদিও কোনো ফল লাভ কৰা নাই ৷

তেওঁ উল্লেখ কৰে যে, এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা মৃতকৰ আত্মীয়ক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 5 লাখ টকা আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা এককালীন 11 লাখ টকাকৈ আগবঢ়োৱা হ’ব ৷ প্ৰতিজনৰ ঘৰত এটাকৈ চৰকাৰী চাকৰি দিয়াৰ ঘোষণা কৰে তেওঁ ৷ উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ পৰা সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন গুচাই দিয়াৰ বাবে টুইটাৰ যোগে মত প্ৰকাশ কৰিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ।

লগতে পঢ়ক : Ambush on civilians in Nagaland: ইণ্ডো-নাগা যুদ্ধবিৰতিৰ সবাটোকৈ দুৰ্ভাগ্যজনক অধ্যায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.