ETV Bharat / bharat

Teacher refused to sing national anthem: ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিবলৈ অস্বীকাৰ এগৰাকী শিক্ষকৰ

author img

By

Published : Jan 26, 2023, 9:48 PM IST

Teacher refused to sing national anthem
ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিবলৈ অপাৰগ এগৰাকী শিক্ষক

মুছলমান হোৱাৰ বাবেই ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন আৰু সৰস্বতীৰ প্ৰতিচ্ছবিত ফুল ছটিয়াবলৈ অপাৰগ এগৰাকী শিক্ষক ৷ উত্তৰ প্ৰদেশৰ আলিগড় জিলাৰ এখন প্ৰাথমিক বিদ্যায়ত সংঘটিত হৈছে এই ঘটনা ৷ সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’ ৷

ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিবলৈ অপাৰগ এগৰাকী শিক্ষক

নেশ্যনেল ডেস্ক, 26 জানুৱাৰী: সমগ্ৰ দেশতে আজি 74 তম গণৰাজ্য দিৱস উদযাপন কৰা হয় (Republic day 2023) । কিন্তু গণৰাজ্য দিৱসৰ এই দিনটোত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিবলৈ আৰু ‘ভাৰত মাতা কী জয়’ বুলি ক’বলৈ অমান্তি হয় এগৰাকী শিক্ষক ৷ যি ভিডিঅ’ বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৷

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ আলিগড় জিলাৰ এখন প্ৰাথমিক বিদ্যালয়ত ৷ শিক্ষকগৰাকী ইছলাম ধৰ্মাৱলম্বী হোৱাৰ বাবেই ৰাষ্ট্ৰীয় সংগীত পৰিৱেশ কৰিবলৈ আৰু ‘ভাৰত মাতা কী জয়’ বুলি ক’বলৈ অস্বীকাৰ কৰে(Muslim teacher refuse to sing nation anthem) ৷ সামাজিক মাধ্যমত এই ভিডিঅ’ বিয়পি পৰাৰ পিচতেই আলিগড় জিলা শিক্ষা বিভাগে বিষয়টো গুৰুত্ব সহকাৰে লৈ গঠন কৰিছে এক তদন্ত সমিতি ৷ তদন্ত সমিতিৰ প্ৰতিবেদনৰ পিচতেই মুছলমান শিক্ষকগৰাকীৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব ব্যৱস্থা(Aligarh Muslim teacher video) ৷ যি কথা ই টিভি ভাৰতক অৱগত কৰিছে শিক্ষা বিভাগে ৷

তথ্য অনুসৰি, আলিগড় জিলা সদৰৰ পৰা 25 কিলোমিটাৰ নিলগত অৱস্থিত লাখটই গাঁৱৰ এখন প্ৰাথমিক বিদ্যায়লয়ৰ হাচমুদ্দিন নামৰ এগৰাকী শিক্ষকক দেখিবলৈ পোৱা গৈছে ভাইৰেল হৈ পৰা ভিডিঅ’টোত ৷ ভিডিঅ’টো প্ৰত্যক্ষ কৰিলে দেখা যায় যে, কেইবাগৰাকীও শিক্ষকে বহুবাৰ বুজাইছে যদিও ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন নকৰি নিজৰ স্থিতিত অটল হৈ আছে হাচমুদ্দিন নামৰ শিক্ষকগৰাকী ৷ যাক লৈ সামাজিক মাধ্যমত বিভিন্ন লোকে প্ৰদান কৰিছে বিভিন্ন মন্তব্য ৷

এই সন্দৰ্ভত ই টিভি ভাৰতৰ আগত প্ৰাথমিক শিক্ষা বিষয়া সত্যেন্দ্ৰ সিঙে কয় যে, সমগ্ৰ বিষয় মোৰ দৃষ্টি গোচৰ হৈছে ৷ কেৱল ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰাই নহয়, সৰস্বতীৰ প্ৰতিচ্ছবিত ফুল ছটিয়াবলৈয়ো অস্বীকাৰ কৰিছে শিক্ষকগৰাকীয়ে(Muslim teacher refused to offer flowers in front of Saraswati) ৷ এই সমগ্ৰ বিষয় গুৰুত্বসহকাৰে লৈ এগৰাকী খণ্ড শিক্ষা বিষয়াক তদন্তৰ দ্বায়িত্ব অৰ্পণ কৰাৰ কথাও সদৰী কৰে প্ৰাথমিক শিক্ষা বিষয়াগৰাকীয়ে ৷ লগতে দোষী সাব্যস্ত হ’লে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও উল্লেখ কৰে ৷

লগতে পঢ়ক: Assam tableau in Delhi parade: কৰ্তব্য পথত জিলিকিল বীৰ লাচিত আৰু কামাখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.