ETV Bharat / bharat

Rohit Sharma vs Virat Kohli : ক্ৰিকেটৰ প্ৰতি থকা প্ৰেমে প্ৰাণ কাঢ়িলে এজনৰ

author img

By

Published : Oct 16, 2022, 9:56 AM IST

বিৰাট কোহলীৰ পৰিৱৰ্তে ৰোহিত শৰ্মাৰ অনুৰাগী হোৱাৰ বাবেই মৃত্যুক আকোৱাঁলি ল'লে তামিলনাডুৰ এজন যুৱকে (Virat kohli fan kills Rohit Sharma fan )৷ ইয়াকে লৈ দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷

ARRESTKOHLI TRENDS ON TWITTER AFTER MURDER OVER ROHIT SHARMA VS VIRAT KOHLI IN TAMIL NADU
Rohit Sharma vs Virat Kohli: ক্ৰিকেটেই প্ৰাণ কাঢ়িলে এজনৰ

নেশ্যনেল ডেস্ক, 16 অক্টোবৰ : ক্ৰিকেটৰ বাবেই বন্ধুৰ হাতত প্ৰাণ গ’ল এজন যুৱকৰ ৷ প্ৰাপ্ত খবৰ অনুসৰি তামিলনাডুৰ 24 বছৰীয়া এজন যুৱক ধৰ্মৰাজ ৷ বিৰাট কোহলীৰ একান্ত অনুৰাগী ধৰ্মৰাজে তেওঁৰ বন্ধু ভিগনেছক ভাৰতীয় কোনগৰাকী ক্ৰিকেট খেলুৱৈ প্ৰিয় সেই সন্দৰ্ভত উত্থাপন কৰিছিল এক প্ৰশ্নৰ ৷ ধৰ্মৰাজৰ প্ৰিয় খেলুৱৈগৰাকীৰ বিপৰীতে ভিগনেছে তেওঁৰ ভাল খেলুৱৈ বুলি কৈছিল ৰোহিত শৰ্মাক ৷ ইয়াতেই দুই বন্ধুৰ মাজত আৰম্ভ হয় সংঘাতৰ (Virat Kohli fan kills Rohit Sharma fan) ৷

১২ অক্টোবৰৰ দিনা দুই বন্ধুৱে সুৰা সেৱন কৰি থকাৰ সময়তে প্ৰিয় খেলুৱৈ সম্পৰ্কীয় এক প্ৰশ্ন উত্থাপন হৈছিল আৰু ইয়াৰ পাছতে সূত্ৰপাত হয় সংঘাতৰ ৷ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত(Indian premier league) বিগনেশ আছিল ৰোহিত শৰ্মা, মুম্বাই ইণ্ডিয়ানছৰ সমৰ্থক ৷ ইয়াৰ বিপৰীতে ধৰ্মৰাজ আছিল বিৰাট কোহলী অৰ্থাৎ ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰচিবি)ৰ সমৰ্থক।

দুই বন্ধুৰ মাজত প্ৰিয় খেলুৱৈৰ ক্ষেত্ৰত সৃষ্টি হোৱা বৈসাদৃশ্যৰ বাবেই ২১ বছৰীয়া ধৰ্মৰাজে ২৪ বছৰীয়া পি ভিগনেশক আঘাত কৰে ৷ বটল আৰু ক্ৰিকেট বেটৰ ধাৰাষাৰ আক্ৰমণৰ ফলত থিতাতে মৃত্যুমুখত পৰে ২৪ বছৰীয়া পি ভিগনেশ ৷

ইয়াৰ পাছতেই ঘটনাস্থলীৰ পৰা পলায়ণ কৰে হত্যাকাৰী ধৰ্মৰাজ ৷ বৃহস্পতিবাৰে এই নৃশংস ঘটনা সংঘটিত হোৱাৰ পাছতেই তামিলনাডুৰ চিটকো ঔদ্যোগিক উদ্যানৰ সমীপত স্থানীয় লোকে মৃতদেহ প্ৰত্যক্ষ কৰি তৎক্ষণাত আৰক্ষীক খবৰ দিয়ে । মৃতদেহ উদ্ধাৰৰ পাছতেই আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে ৷ তদন্তৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধৰ্মৰাজক ৷

পৰৱৰ্তী সময়ত ধৰ্মৰাজক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় । তামিলনাডুৰ এই ঘটনাই সম্প্ৰতি নেটিজেনৰ মাজতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷ একাংশ নেটিজেনে সমগ্ৰ কাণ্ডটোত ক্ষুন্নতা প্ৰদৰ্শন কৰি #ArrestKohli অৰ্থাৎ ক্ৰিকেটাৰগৰাকীৰ গ্ৰেপ্তাৰৰ দাবী তোলা পৰিলক্ষিত হৈছে (ArrestKohli trends on twitter)৷

লগতে পঢ়ক: Wall Street Journal : ৱাল ষ্ট্ৰীট জাৰ্নেলত মোদীৰ বিৰুদ্ধে সম্পূৰ্ণ পৃষ্ঠাৰ বিজ্ঞাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.