ETV Bharat / bharat

কণ্টেইনমেন্ট জ'নলৈ বিশেষ পুঁজি মিজোৰাম প্ৰদেশ কংগ্ৰেছ কমিটীৰ

author img

By

Published : May 23, 2021, 9:02 PM IST

আইজল চহৰত ঘোষণা কৰা ৫ টাকৈ কণ্টেইনমেন্ট জ'নৰ প্ৰতিটোৰ বাবে ২০ হাজাৰকৈ টকাৰ বিশেষ পুঁজি আগবঢ়াইছে এমপিচিচিয়ে । মিজোৰাম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে চহৰখনৰ গালচাৱম, বৈৰাবি, লাবুং আৰু জোখাৱথাৰ গাঁৱলৈ এই নগদ ধন আগবঢ়াইছে ।

MPCC PACKAGE
কণ্টেইনমেন্ট জ'নলৈ বিশেষ পুঁজি মিজোৰাম প্ৰদেশ কংগ্ৰেছ কমিটীৰ

নেশ্যনেল ডেস্ক, ২৩ মে': সমগ্ৰ দেশৰ লগতে মিজোৰামত শেহতীয়াকৈ বৃদ্ধি পাইছে কৰ'ণাৰ সংক্ৰমণ । মিজোৰামৰ ৰাজধানী চহৰ আইজলত দ্ৰুত সংক্ৰমণৰ ফলত কেইবাটাও অঞ্চল কণ্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে । তেনেস্থলত কণ্টেইনমেন্ট জ'নৰ বাসিন্দাৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে মিজোৰাম প্ৰদেশ কংগ্ৰেছ কমিটী (এমপিচিচি) ।

চহৰখনত ঘোষণা কৰা ৫ টাকৈ কণ্টেইনমেন্ট জ'নৰ প্ৰতিটোৰ বাবে ২০ হাজাৰকৈ টকাৰ বিশেষ পুঁজি আগবঢ়াইছে এমপিচিচিয়ে । মিজোৰাম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে চহৰখনৰ গালচাৱম, বৈৰাবি, লাবুং আৰু জোখাৱথাৰ গাঁৱলৈ এই পুঁজি আগবঢ়াইছে ।

উল্লেখ্য যে, মিজোৰাম প্ৰদেশ কংগ্ৰেছৰ সদস্যসকলে এই পুঁজি আগবঢ়ায় । ইফালে এআইচিচিৰৰ নিৰ্দেশমৰ্মে মিজোৰাম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ৰাজ্যিক দলৰ সভাপতি লালথানহাওলাৰ নেতৃত্বত এক ক'ভিড-১৯ নিৰীক্ষণ সমিতিও গঠন কৰিছে ।

লগতে এমপিচিচিৰ প্ৰচাৰ বিভাগে মহামাৰীৰ জৰুৰীকালীন সহায়ৰ বাবে 'ক'ভিড হেল্পলাইন' নামৰ হোৱাটছএপ গ্ৰুপ এটাও খুলিছে, য'ত ক'ভিড সম্পৰ্কীয় সকলো প্ৰয়োজনীয় তথ্য প্ৰচাৰ কৰা হৈছে।

লগতে পঢ়ক:মধ্য প্ৰদেশত ব্লেক ফাংগাছ আৰু হোৱাইট ফাংগাছত আক্ৰান্ত দুজন লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.