ETV Bharat / bharat

MP Urinating Case : জনজাতীয় যুৱকৰ মুখত প্ৰস্ৰাৱ কৰা প্ৰবেশ শুক্লা আৰক্ষীৰ জিম্মাত

author img

By

Published : Jul 5, 2023, 12:01 PM IST

মধ্যপ্ৰদেশ আৰক্ষীয়ে সিধিৰ এজন জনজাতীয় যুৱকৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ অভিযোগত প্ৰবেশ শুক্লাক গ্ৰেপ্তাৰ কৰিছে ।

MP Urinating Case
MP Urinating Case

নিউজ ডেস্ক, ৫ জুলাই : শেহতীয়াভাৱে ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এক ঘৃণনীয় কাৰ্যৰ এক ভিডিঅ' । মধ্যপ্ৰদেশৰ সিধি জিলাৰ পৰা ভাইৰেল হোৱা এই ভিডিঅ'টোত এজন জনজাতীয় যুৱকৰ ওপৰত প্ৰস্ৰাৱ কৰি থকা দেখা গৈছে এজন যুৱকক । জনজাতীয় যুৱকৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ অভিযুক্ত প্ৰবেশ শুক্লা অৱশেষত আৰক্ষীৰ জালত পৰিছে । সিধিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অঞ্জুলতা পাটলে কয়, "অভিযুক্তজনক জেৰা কৰি থকা হৈছে আৰু শীঘ্ৰেই পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।"

তথ্য অনুসৰি, প্ৰবেশ শুক্লাক বুধবাৰে পুৱা প্ৰায় ২ বজাত তেওঁৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে । জানিব পৰা মতে, অভিযুক্তই লুকাবলৈ যথেষ্ট চেষ্টা কৰিছিল যদিও অৱশেষত আৰক্ষীৰ হাতত ধৰা পৰে । আনকি ধৰা পৰাৰ পিছতো অভিযুক্তই নিজৰ মেজাজত আছিল । তেওঁৰ মুখত এই ঘৃণনীয় কাৰ্যৰ লেখমানো অভিব্যক্তি নাছিল । উল্লেখ্য, মুখ্যমন্ত্ৰী শিৱৰাজ সিঙে অভিযুক্তৰ ওপৰত এনএছএ আৰোপ কৰাৰ নিৰ্দেশ দিয়াৰ পিছতে মঙলবাৰে সন্ধিয়াৰ পৰা মধ্য প্ৰদেশ আৰক্ষীয়ে অভিযুক্তক ধৰিবলৈ খৰখেদা লগায় । এই সন্দৰ্ভত সংবাদ মাধ্যমক সম্বোধন কৰি এছএছপি পেটেল কয়, "আমি অভিযুক্তক জিম্মাত লৈছোঁ । তেওঁক সোধা-পোছা চলি আছে । বিষয়টো সন্দৰ্ভত পৰৱৰ্তী আইনী ব্যৱস্থা শীঘ্ৰেই লোৱা হ'ব ।"

উল্লেখ্য যে অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ২৯৪, ৫০৪ ধাৰা আৰু অনুসূচিত জাতি/জনজাতি আইনৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে । ইয়াৰ পূৰ্বে মঙলবাৰে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছিল, "মই অভিযুক্তক কঠোৰতম শাস্তি দিবলৈ নিৰ্দেশ দিছোঁ, ই সকলোৰে বাবে নৈতিক শিক্ষা হ'ব লাগে । আমি তেওঁক এৰি নিদিম । অভিযুক্তৰ কোনো ধৰ্ম, জাতি বা দল নাই । অভিযুক্ত এজন অভিযুক্তয়ে ।"

উল্লেখ্য, ঘটনাটো সংঘটিত হয় মধ্যপ্ৰদেশৰ সিধিৰ কুবৰি গাঁৱত । ভাইৰেল হোৱা ভিডিঅ'টোত দেখা গৈছে অভিযুক্তই নিচাগ্ৰস্ত অৱস্থাত এজন জনজাতীয় যুৱকৰ মুখত প্ৰস্ৰাৱ কৰি আছে । অভিযুক্তক কুবৰি গাঁৱৰ বাসিন্দা প্ৰবেশ শুক্লা বুলি চিনাক্ত কৰা হৈছে । আনহাতে, ভুক্তভোগী একেখন জিলাৰে কাৰোন্দি গাঁৱৰ বাসিন্দা । আৰক্ষীয়ে জনোৱা মতে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি জিলাখনৰ বাহৰি আৰক্ষী থানাত অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ধাৰা ২৯৪, ৫০৪, ধাৰা ৩(১)(আৰ)(এছ)ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে ।

মধ্যপ্ৰদেশত মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান এনেধৰণৰ ঘটনৰ ক্ষেত্ৰত অতি কঠোৰ । বেছিভাগ ক্ষেত্ৰতে দেখা গৈছে যে এনে ক্ষেত্ৰত তেওঁ অভিযুক্তৰ ঘৰত বুলড'জাৰ চলোৱাৰ দৰে ব্যৱস্থা গ্ৰহণ কৰে । অৱশ্যে কিছুমান ক্ষেত্ৰত শিথিলতাও দিয়া হয় । উদাহৰণ স্বৰূপে শেহতীয়াকৈ যেতিয়া জবলপুৰত এজন বিজেপি নেতাই এগৰাকী যুৱতীক তেওঁৰ কাৰ্যালয়ত গুলীয়াই হত্যা কৰিছিল, তেতিয়া কিন্তু তেওঁৰ ঘৰত কোনো বুলড'জাৰ চলোৱা হোৱা নাছিল । বৰ্তমান কংগ্ৰেছে প্ৰশ্ন কৰিছে, "প্ৰত্যক্ষভাৱে দৃষ্টিগোচৰ হোৱা প্ৰস্ৰাৱ কৰাৰ অভিযোগত অভিযুক্ত প্ৰবেশ শুক্লাৰ বিৰুদ্ধে বুলড'জাৰ ব্যৱস্থা লোৱা হ'ব নেকি ?"

লগতে পঢ়ক :Rock Crushes Cars in Nagaland: ভয়াবহ! পাহাৰৰ পৰা বাগৰি অহা প্ৰকাণ্ড শিলে মুহূৰ্ততে চুৰ্চুমৈ কৰিলে বাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.