ETV Bharat / bharat

Rock Crushes Cars in Nagaland: ভয়াবহ! পাহাৰৰ পৰা বাগৰি অহা প্ৰকাণ্ড শিলে মুহূৰ্ততে চুৰ্চুমৈ কৰিলে বাহন

author img

By

Published : Jul 5, 2023, 9:41 AM IST

পাহাৰৰ পৰা বাগৰি অহা এটা প্ৰকাণ্ড শিলে মুহূৰ্ততে ভাঙি চুৰ্চুমৈ কৰে দুখনকৈ গাড়ী ৷ নাগালেণ্ডত সংঘটিত হোৱা এই ঘটনাত দুজন লোক থিতাতে নিহত হয় বুলি জানিব পৰা গৈছে ৷

Rock Crushes Cars in Nagaland
পাহাৰৰ পৰা বাগৰি অহা প্ৰকাণ্ড শিলে মুহূৰ্ততে চুৰ্চুমৈ কৰিলে বাহন

পাহাৰৰ পৰা বাগৰি অহা প্ৰকাণ্ড শিলে মুহূৰ্ততে চুৰ্চুমৈ কৰিলে বাহন

গুৱাহাটী, 5 জুলাই : মাত্ৰ 7 ছেকেণ্ডৰ এটা ভিডিঅ’ ৷ এক ভয়ংকৰ দৃশ্যই জীৱন-মৃত্যুৰ পাশাখেলক যেন মনত পেলাই দিয়ে ৷ যি দৃশ্য দেখিলে বুকু কঁপি উঠিব আপানাৰ ৷ পাহাৰৰ পৰা খহি অহা শিলে মোহাৰি পেলালে দুখন গাড়ী ৷

চুবুৰীয়া ৰাজ্য নাগালেণ্ডত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা ৷ পাহাৰৰ পৰা বাগৰি অহা এটা প্ৰকাণ্ড শিলে মুহূৰ্ততে ভাঙি চুৰ্চুমৈ কৰে দুখনকৈ গাড়ী ৷ এই ঘটনাত দুজন লোক থিতাতে নিহত হয় বুলি জানিব পৰা গৈছে ৷ আনহাতে এই ভয়ংকৰ দুৰ্ঘটনাত আহত হোৱা তিনিজনৰ অৱস্থা সংকটজনক ৷

উল্লেখযোগ্য যে, মঙলবাৰে নাগালেণ্ডত বৰষুণৰ ফলত সংঘটিত হোৱা ভূমিস্খলনৰ বাবে পাহাৰৰ পৰা খহি অহা এটা বিশাল শিলে খুন্দা মাৰি দুখন গাড়ী থেতেলিয়াই পেলায় ৷ এই শোকাৱহ ঘটনাত দুজন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন তিনিজন লোক আহত হয় ৷ ডিমাপুৰৰ চুমুকেডিমা অঞ্চলত মঙলবাৰে সন্ধিয়া প্ৰায় 5 বজাত সংঘটিত হয় এই গাৰ নোম শিঁয়ৰি উঠা দুৰ্ঘটনা ৷

নাগালেণ্ডৰ পাকালা পাহাৰ নামেৰে পৰিচিত এই দুৰ্ঘটনাস্থলীটো ভূমিস্খলন আৰু শিল বাগৰাৰ বাবে পৰিচিত ৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নেফিও ৰিঅ’ই এই দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰি মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে মৃতকৰ নিকট আত্মীয়ক 4 লাখ টকাৰ এককালীন সাহাৰ্য ঘোষণা কৰিছে ৷

টুইটাৰত মুখ্যমন্ত্ৰী ৰিঅ’ই লিখিছে— "আজি ডিমাপুৰ আৰু কোহিমাৰ মাজত বিয়লি প্ৰায় 5 বজাত ৰাষ্ট্ৰীয় ঘাইপথত শিল বাগৰি 2 জন লোকৰ মৃত্যু আৰু 3 জন লোক গুৰুতৰভাৱে আহত হোৱাকে ধৰি বিস্তৰ ক্ষতিসাধন হয় ৷ পকালা পাহাৰ নামেৰে জনাজাত এই ঠাইখন সদায় ভূমিস্খলন আৰু শিল খহাৰ বাবে পৰিচিত ৷ " নাগালেণ্ডত সংঘটিত হোৱা এই ভয়াবহ দুৰ্ঘটনাৰ দৃশ্য এতিয়া সামাজিক মাধ্যম যোগে সমগ্ৰ দেশতে দ্ৰুত গতিত বিয়পি পৰিছে ৷ যি দৃশ্যই বুকু কঁপাই গৈছে প্ৰত্যেকজনৰে ৷

লগতে পঢ়ক: Press meet on uniform civil code:ইউনিফৰ্ম চিভিল ক’ড মানি ল’ব বিচৰা নাই জনজাতীয় লোকসকলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.