ETV Bharat / bharat

Monsoon session of Parliament: জুলাইৰ তৃতীয় সপ্তাহৰ পৰা সংসদৰ বৰ্ষাকালীন অধিবেশন !

author img

By

Published : Jun 28, 2023, 10:59 PM IST

জুলাই মাহৰ তৃতীয় সপ্তাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ অন্তিমখন বৰ্ষাকালীন অধিবেশন ৷

Monsoon session of Parliament
Monsoon session of Parliament

নিউজ ডেস্ক, 28 জুন: জুলাই মাহৰ তৃতীয় সপ্তাহত সংসদৰ বৰ্ষাকালীন অধিৱেশন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি এক সূত্ৰই প্ৰকাশ কৰিছে । বুধবাৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰণালয়ৰ কমিটীৰ এখন বৈঠক অনুষ্ঠিত হোৱা বুলিও সূত্ৰটোৱে জানিবলৈ দিয়ে । এক সূত্ৰই জনোৱা মতে, জুলাই মাহৰ তৃতীয় সপ্তাহত সংসদৰ বৰ্ষাকালীন অধিবেশন হোৱাৰ সম্ভাৱনা আছে ।

২৮ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা নতুন সংসদ ভৱনত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে সংসদৰ বৰ্ষাকালীন অধিবেশন । অধিৱেশনৰ বাবে চৰকাৰৰ উল্লেখযোগ্য কাৰ্যসূচী থকাৰ সম্ভাৱনা আছে । বিৰোধী দলসমূহেও বহুতো বিষয়ত চৰকাৰৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হৈছে ।

সংসদৰ গ্ৰীষ্মকালীন অধিবেশনত আদনীৰ প্ৰসংগক লৈ উত্তাল হৈছিল সদন ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সেই সময়ত মোদী চৰকাৰক আদানী সম্পৰ্কীয় প্ৰশ্নবাণেৰে থকা-সৰকা কৰিছিল ৷ কিন্তু মোদী উপাধি সংক্ৰান্তীয় গোচৰত দোষী সাব্যস্ত হোৱাৰ পাচত সাংসদ পদ খাৰিজ হয় ৰাহুল গান্ধীৰ ৷ গতিকে এইবাৰ সদনত দেখা নাযাব ৰাহুল গান্ধীক ৷

এই অধিবেশনখন হ’ব মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ অন্তিমখন বৰ্ষাকালীন অধিবেশন ৷ কিয়নো 2024 চনত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন ৷ নতুন চৰকাৰ গঠনৰ পাচতহে পুনৰ অধিবেশন অনুষ্ঠিত হ’ব ৷

এইবাৰৰ অধিবেশনত নতুন সংসদ ভৱনত ছেংগল স্থাপন, মল্লযুঁজাৰুৰ প্ৰতিবাদ, মণিপুৰৰ হিংসাত্মক পৰিস্থিতি, বালাচোৰৰ ৰে’ল দুৰ্ঘটনা, বিলাহীৰ দেশজুৰি মূল্যবৃদ্ধি আদি বিষয়সমূহে স্থান পোৱাৰ সম্ভাৱনা আছে ৷ ইয়াৰ লগতে অসমৰ বান পৰিস্থিতি, পশ্চিম বংগৰ প্ৰাক্ নিৰ্বাচনী হিংসা, অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ আদি বিষয়কেইটাই স্থান পাই নে নাই সেয়াও লক্ষণীয় হ’ব ৷

লগতে পঢ়ক: Meghalaya Cabinet amendment: মেঘালয়ত বাস নকৰা গাৰো লোকে এতিয়াৰে পৰা আবেদন কৰিব নোৱাৰিব ৰাজ্যখনৰ চৰকাৰী চাকৰিৰ বাবে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.